ডিফু ১৭ আগষ্টঃ কাৰ্বি আংলং জিলা আৰু নাগালেণ্ড সীমামূৰীয়া এলেকাত এতিয়াও অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ একাংশ দুষ্ট চক্ৰই পাহাৰৰ বনাঞ্চল ধ্বংস কৰি অব্যাহত ৰাখিছে চোৰাং কাঠৰ সৰবৰাহ ৷
সোমবাৰে বোকাজান মহকুমাৰ অন্তৰ্গত হিদিপিত বন বিভাগে এখন কুণ্ডা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ ঘটনা অনুসৰি সোমবাৰে দিনৰ প্ৰায় ৯ বজাত বোকাজান পূৱ বন সংমণ্ডলৰ অধীনৰ হিদিপি অঞ্চলৰ মোংচম এলেকাত কুলিগাঁও বিট অফিচৰ বিষয়াই এখন ট্ৰাকত বৃহৎ আকাৰৰ কুণ্ডা বোজাই কৰি থকা প্ৰত্যক্ষ কৰে ৷ ইফালে গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও চালকজনে গাড়ীখন এৰি থৈ পলায়ন কৰে । পৰৱৰ্তী সময়ত বন বিভাগে কুণ্ডাভৰ্তি ট্ৰাকখন বোকাজান পূৱ বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ আহে ৷ বন বিভাগে জব্দ কৰা ট্ৰাক খনৰ নম্বৰ হৈছে এন এল-০৬-এ-২৪৫৯ ৷ ট্ৰাকখন পৰা মাকৈশাল গছৰ ১৫ টা বৃহৎ আকাৰৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে । জব্দকৃত চোৰাং কাঠ খিনিৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা হ'ব বুলি অনুমান কৰিছে বন বিভাগৰ লোকে ।
লগতে পঢ়ক- এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাট ছাত্ৰ সন্থাৰ প্ৰতিবাদ