ETV Bharat / jagte-raho

চোৰাং চিকাৰীৰ গুলিত নিহত বনকৰ্মী - বনকৰ্মী দীপু ৰানা

মধ্যপ্ৰদেশৰ গ্বালিয়ৰত সংঘটিত হৈছে এই ঘটনা । চোৰাং চিকাৰীৰ গুলিত নিহত হয় এগৰাকী বনকৰ্মী ।

চোৰাং চিকাৰীৰ গুলিত নিহত বনকৰ্মী
চোৰাং চিকাৰীৰ গুলিত নিহত বনকৰ্মী
author img

By

Published : May 5, 2020, 10:35 AM IST

নিউজ ডেস্ক, ৫ মে' : লকডাউনৰ মাজতে নিজৰ কৰ্তব্য সমাপন কৰি থকা অৱস্থাত চোৰাংচিকাৰীৰ গুলিত নিহত হয় এগৰাকী বনকৰ্মী । মধ্যপ্ৰদেশৰ গ্বালিয়ৰত সোমবাৰে সংঘটিত হয় এই ঘটনা ।

মহকুমা আৰক্ষী বিষয়া প্ৰভীন আস্থানাই প্ৰকাশ কৰা অনুসৰি, ঘাটিগাঁও অঞ্চলৰ এখন হাবিত এই ঘটনা সংঘটিত হয় । ৰামপুৰা গাঁৱৰ বাসিন্দা ৰাম কিছন নামৰ চোৰাংচিকাৰীজনে বনকৰ্মীলৈ বুলি গুলিচালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ঘাটিগাঁৱৰ চুনকেন বীটত কৰ্তব্য সমাপন কৰি থকা অৱস্থাত এইদৰে চোৰাংচিকাৰীৰ সন্মুখীন হয় বনকৰ্মী দীপু ৰানাৰ দল । ঘটনাস্থলীত হোৱা গুলিচালনাৰ ফলত দীপু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । কিন্তু স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা অৱস্থাতে মৃত্য়ুক সাৱতি লয় বনকৰ্মীগৰাকীয়ে ।

ইতিমধ্যে বন বিভাগ আৰু আৰক্ষী বিভাগে অভিযুক্ত চোৰাংচিকাৰী ৰাম কিছনৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়কঃ নলবাৰীৰ দুৰ্গা মন্দিৰ চৌহদত উদ্ধাৰ যুৱতীৰ মৃতদেহ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.