ETV Bharat / jagte-raho

ইমেইল ফৰৱাৰ্ডাৰৰ দ্বাৰা চাইবাৰ অপৰাধীয়ে টাৰ্গেট কৰিছে কৰ্পৰেট খণ্ডক - ইমেইল ফৰৱাৰ্ডাৰৰ বিষয়ে কিছু তথ্য

প্ৰযুক্তিগত দিশত আমি উন্নতি কৰিলেও ইয়াৰ পৰা আমাৰ শোষণ হোৱাৰ সম্ভাৱনাও সমানে বৃদ্ধি পাইছে ৷ বিশেষকৈ চাইবাৰ ক্ষেত্ৰখনত নিতৌ নতুন কৌশলৰ দ্বাৰা অপৰাধীসকলে সহজে লক্ষ্য কৰি ল'ব পাৰে আপোনাক অথবা আপোনাৰ প্ৰতিষ্ঠানক ৷ চাইবাৰ অপৰাধৰ ক্ষেত্ৰখনত আমি নিতৌ প্ৰকাশ কৰি আহিছো একোখন বিশেষ প্ৰতিবেদন ৷ এইবাৰ আমি কথা পাতিছিলো চাইবাৰ বিশেষজ্ঞ শচীন গুপ্তাৰ সৈতে ইমেইল ফৰৱাৰ্ডাৰৰ বিষয়ে ৷ ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

ইমেইল ফৰৱাৰ্ডাৰৰ দ্বাৰা চাইবাৰ অপৰাধীয়ে টাৰ্গেট কৰিছে কৰ্পৰেট খণ্ডক

author img

By

Published : Jun 29, 2020, 11:02 PM IST

নিউজ ডেস্ক, 29 জুন : যদিহে আপুনি কৰ্পৰেট খণ্ডত চাকৰি কৰে আৰু আপোনাৰ কোম্পানীৰ হৈ বহু গুৰুত্বপূৰ্ণ ডাটা, ইনভইচ অথবা বিল প্ৰেৰণ কৰে তেন্তে ই খবৰ আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ ৷ কিয়নো বৰ্তমানে চাইবাৰ হেকাৰে কৰ্পৰেটখণ্ডক লক্ষ্য কৰি লৈছে আৰু ইয়াৰ বাবে ব্যৱহাৰ কৰিছে ইমেইল ফৰৱাৰ্ডাৰক ৷

লগতে পঢ়কঃ জুচ জেকিং: চাইবাৰ ক্ৰাইম জগতৰ নতুন কৌশল

শেহতীয়াকৈ দেশৰ এক অন্যতম কৰ্পৰেটৰ প্ৰতিষ্ঠানক ফৰৱাৰ্ডাৰ ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে প্ৰতিষ্ঠানটোৰ ইমেইল একাউন্ট হেক কৰিছে ৷ বিদেশৰ এগৰাকী গ্ৰাহকলৈ কোম্পানীটোৰ বেংক একাউন্টৰ তথ্য প্ৰদান কৰি এখন 38 লাখ টকাৰ ইনভইচ প্ৰেৰণ কৰে চাইবাৰ অপৰাধীয়ে ৷ গ্ৰাহকগৰাকীলৈ কোম্পানীটোৰ ইমেইল প্ৰেৰণ কৰাৰ কিছু পিচতেই আন এখন ইমেইল প্ৰেৰণ কৰে চাইবাৰ অপৰাধীয়ে আৰু তাত নিজৰ বেংক একাউন্টৰ তথ্য প্ৰদান কৰি তাত সমগ্ৰ ধনৰাশি জমা কৰিবলৈ অনুৰোধ কৰে ৷

কিন্তু গ্ৰাহকগৰাকীয়ে কোম্পানীটোৰ সৈতে সংযোগত থকাৰ বাবে প্ৰতিষ্ঠানটোৰ বিষয়াসকলক তেওঁলৈ প্ৰেৰণ কৰা ইমেইলখন সন্দৰ্ভত প্ৰশ্ন কৰে ৷ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ পিচতে কোম্পানীটোৱে তেওঁলোকৰ ইমেইল একাউন্ট হেক হোৱাৰ বিষয়ে জ্ঞাত হয় ৷

লগতে পঢ়কঃ সাৱধান : উত্তৰ কোৰিয়াৰ চাইবাৰ অপৰাধী গ্ৰুপৰ হাতত 20 লাখ ভাৰতীয়ৰ তথ্য

চাইবাৰ নিৰাপত্তা বিশেষজ্ঞ শচীন শৰ্মাই এই বিষয়ত ইটিভি ভাৰতৰ আগত কয় যে, কৰ্পৰেট খণ্ডৰ সকলো কোম্পানীয়ে চাইবাৰ হেকাৰৰ হাতত শোষিত নহ'বলৈ ইমেইলৰ সুৰক্ষাৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে ৷ লগতে কোম্পানীসমূহে তেওঁলোকৰ প্ৰতিটো কম্পিউটাৰত এন্টিভাইৰাছ সংলগ্ন কৰিব লাগে ৷ একেসময়তে, কোম্পানীটোৱে কোনোধৰণৰ পাইৰেটেড এন্টিভাইৰাছ ইনষ্টল কৰাৰ পৰাও নিৰাপদ দুৰত্বত থাকিব লাগে, কিয়নো ইয়ে কম্পিউটাৰৰ সুৰক্ষাৰ দিশটো নষ্ট কৰি তাক চাইবাৰ আক্ৰমণৰ বলি হোৱাত সহায় কৰিব পাৰে ৷

লগতে পঢ়কঃ সাৱধান! সামাজিক মাধ্যমত সহজেই চিকাৰ হ'ব পাৰে আইডেনটিটি ক্লোনিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.