ETV Bharat / jagte-raho

দলগাঁৱত ড্ৰাগছসহ আটক এজন লোক

ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে দলগাঁৱৰ নমাটি চাৰিআলি ৷ ড্ৰাগছসহ স্থানীয় আৰক্ষীয়ে অঞ্চলটোৰ পৰা গ্ৰেপ্তাৰ কৰিছে এজন সৰবৰাহকাৰীক ৷ ঘটনাক লৈ জাগৰণ মঞ্চই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

দলগাঁৱত ড্ৰাগছসহ আটক এজন লোক
দলগাঁৱত ড্ৰাগছসহ আটক এজন লোক
author img

By

Published : Oct 20, 2020, 12:24 PM IST

দলগাঁও, 20 অক্টোবৰ : ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে দৰং জিলাৰ দলগাঁওৰ নমাটি চাৰিআলি । অঞ্চলটোত মুকলিলৈ চলিছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা ৷ ইতিমধ্যে স্থানীয় আৰক্ষীয়ে অঞ্চলটোৰ পৰা ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাক লৈ স্থানীয় জাগৰণ মঞ্চই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : নিষিদ্ধ ড্ৰাগছ সহ ডিব্ৰুগড় আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী

দলগাঁও থানাৰ অন্তৰ্গত নমাটি চাৰিআলিৰ পৰা ৰাইজে ড্ৰাগছসহ এজন যুবকক আটক কৰি দৈপাম আৰক্ষীক চমজাই দিয়ে ৷ ড্ৰাগছৰ লগতে চিৰিঞ্জসহ আটকাধীন যুৱকজন খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ ইউছুফ আলী বুলি জানিব পৰা গৈছে ৷ 6 মাহ ধৰি ড্ৰাগছত আসক্ত হোৱা ইউছুফ আলীয়ে দলগাঁৱৰ নমাটি চাৰিআলিৰ পৰা পোন্ধৰ দিন ধৰি ড্ৰাগছ ক্ৰয় কৰি সেৱন কৰা বুলি কয় ৷ ঘটনা সন্দৰ্ভত জাগৰণ মঞ্চৰ সভাপতি ফকৰুদ্দিন আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দৈপাম আৰক্ষীক ঘটনাৰ তদন্ত কৰি কঠোৰ ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : মৰিগাঁৱত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ আটক দম্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.