ডিব্ৰুগড়,10অক্টোবৰঃ দিনক দিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰি এচাম লোকে প্ৰলোভন দেখুৱাই চাকৰিৰ বজাৰ মেলিছে ডিব্ৰুগড় গেছ ক্ৰেকাৰ প্ৰকল্পত । ডিব্ৰুগড়ৰ আৰক্ষীয়ে অৱশেষত বৃহস্পতিবাৰে এই চক্ৰটোৰ এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকটোৰ নাম ৰবিন্দ্ৰ পাংগিং । ধৃত ৰবিন্দ্ৰ পাংগিং গেছ ক্ৰেকাৰ প্ৰকল্পৰ কেমিকেল অপাৰেটৰ । আৰক্ষীয়ে প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ৰবিন্দ্ৰ পাংগিঙে ডিব্ৰুগড় আৰু ধেমাজিৰ বহু নিবনুৱাৰ পৰা বহু লক্ষ্যাধিক টকা উৎকোচ লৈ গেছ ক্ৰেকাৰ প্ৰকল্পৰ ভুৱা নিযুক্তি পত্ৰ দিছিল । অৱশেষত একাংশ নিবনুৱাই নিযুক্তি পত্ৰ লাভ কৰি নিজৰ কৰ্তব্যৰ বাবে বিছিপিএলত প্ৰবেশ কৰাতহে ওলাল জোলোঙাৰ মেকুৰী । প্ৰকল্পৰ নিৰাপত্তা বাহিনীয়ে প্ৰবেশ দ্বাৰত পৰিচয় পত্ৰ পৰীক্ষা কৰাত উক্ত পৰিচয় পত্ৰ নকল বুলি প্ৰমাণ হয় । ইয়াৰ পাছতে বৰবৰুৱা ছাত্ৰ সন্থাৰ সহযোগত আৰক্ষীয়ে তদন্ত কৰি ৰবিন্দ্ৰ পাংগিঙক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, ডিব্ৰুগড়ৰ বিছিপিএলত চাকৰিৰ নামত এটা চক্ৰই নিৱনুৱাৰ পৰা ধন উৎকচ লোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া । আৰক্ষীৰ তদন্তত বিছিপিএলৰ একাংশ বৰমুৰীয়াৰ লগতে এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে ।