ETV Bharat / jagte-raho

কৰিমগঞ্জত চোৰাং গৰু সৰবৰাহকাৰীক আটক - বিশ্ব হিন্দু পৰিষদ

কৰিমগঞ্জলৈ সৰবৰাহ হৈছে মেঘালয়ৰ সৰহসংখ্যক গৰু ৷ গৰু সৰবৰাহকাৰী জনৈক উকিল আহমদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ চোৰাং গৰুৰ বেহাক লৈ সৰৱ হৈ উঠিছে বিশ্ব হিন্দু পৰিষদ ৷

Cow smagller arrest at Karimganj
কৰিমগঞ্জত চোৰাং গৰু সৰবৰাহকাৰীক আটক
author img

By

Published : Aug 22, 2020, 3:43 PM IST

কৰিমগঞ্জ, 22 আগষ্ট: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ আদালতৰ নিৰ্দেশৰ পাচতো কাছাৰ জিলাৰ গুমৰা, কালাইন, কাটিগড়া হৈ আহি কৰিমগঞ্জত সোমাইছে মেঘালয়ৰ গৰু ৷ ইয়াৰ পূৰ্বে মেঘালয়ত 54 টাকৈ অসমৰ গৰু জব্দ হোৱাৰ বাতৰি ইতিমধ্যে প্ৰচাৰ হৈছে ৷

ঘটনা সন্দৰ্ভত কালীগঞ্জ এলেকাৰ গৰু সৰবৰাহকাৰী জনৈক উকিল আহমদে ওলোটাকৈ আৰক্ষী থানাত এখন লিখিত হলফনামা দিছে ৷ হলফনামা অনুসৰি, মেঘালয়ৰ পৰা সৰহসংখ্যক গৰু অসমলৈ অনা হৈছে ৷ ইফালে মাজবাটতে 10 টা গৰুৰ মৃত্যু হৈছে ৷ কিন্তু তেওঁৰ হাতত গৰু সৰবৰাহৰ কোনো প্ৰমাণপত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে জনৈক উকিল আহমদ ৷

কৰিমগঞ্জত চোৰাং গৰু সৰবৰাহকাৰীক আটক

ইফালে, কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে কয় যে, উক্ত ঘটনা সন্দৰ্ভত তেওঁলোকে লিখিত গোচৰ নোপোৱাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ সম্প্ৰতি আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অনুসন্ধান চলাই আছে বুলি জানিবলৈ দিয়ে ৷

আনহাতে, জিলাখনৰ বিশ্ব হিন্দু পৰিষদৰ গো ৰক্ষা সমিতিয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ সৰবৰাহ হোৱা গৰুকেইটা উদ্ধাৰ কৰাৰ লগতে উকিল আহমেদক কঠোৰ শাস্তি দিব লাগিব বুলি দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বিশ্ব হিন্দু পৰিষদে ৷

লগতে পঢ়ক: কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত ৭৫হাজাৰৰো অধিক টকাৰ বিড়ি জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.