ETV Bharat / jagte-raho

মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ছাত্ৰ পৰিষদৰ নেতা

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসৰ লগতে কেইবাজনো সদস্যক আটক ৷ কামপুৰ গুইমাৰীত মহিলাক অভব্য আচৰণ কৰা অভিযোগৰ ভিত্তিত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ লগতে সংগঠনটোৰ কেইবাজনো সদস্যক আটক কৰে কামপুৰ আৰক্ষীয়ে ৷

মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ছাত্ৰ পৰিষদৰ নেতা
মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ছাত্ৰ পৰিষদৰ নেতা
author img

By

Published : Jun 18, 2020, 2:33 AM IST

বঢ়মপুৰ, 17 জুন : ৰাইজৰ অভিযোগৰ ভিত্তিত নগাঁও জিলাৰ কামপুৰ আৰক্ষীয়ে আটক কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বহুকেইগৰাকী ছাত্ৰনেতাক ৷ জিলাখনৰ কামপুৰৰ গুইমাৰীৰ এটা গড়কাপ্তানি পথ নিৰ্মানক লৈ ৰাইজৰ লগত হতাহতিত লিপ্ত হৈছিল অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনো সদস্য‌ই ৷ গুইমাৰীত গড়কাপ্তানি বিভাগে নিৰ্মান কৰি থকা এটা পথত ঠিকাদাৰে অনিয়ম সংঘটিত কৰা বুলি উপায়ুক্তক অভিযোগ দিছিল অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ কেইজনমান নেতাই ৷

মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ছাত্ৰ পৰিষদৰ নেতা

পথটোৰ কাম বন্ধ হৈ পৰাত ৰাইজ জাঙুৰ খাই উঠি ৰুবুল দাসক কিয় অভিযোগ দিব লগা হ'ল বুলি প্ৰশ্ন কৰাত মহিলাসকলৰ লগতে দাসে ৰাইজক অভব্য আচৰন কৰে । পিছত ৰাইজৰ বিৰুদ্ধে কামপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে ৰুবল দাসে ৷ মঙ্গলবাৰে নিশা অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ এজন যুৱকে উক্ত বিষয়টো লৈ একাংশ ৰাইজৰ লগত হতাহতিত লিপ্ত হয় ৷ যাৰবাবে নিশাই শতাধিক পুৰুষ মহিলা আহি ৰুবুল দাস আৰু কেবাজনো সংগঠনৰ নেতাৰ বিৰুদ্ধ তৰে গোচৰ ৷ দুয়োপক্ষই গোচৰ তৰাৰ পাছত বুধবাৰে পুনৰ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিষ্ণু হাজৰিকাই গৌতম বনিয়া নামৰ এজন যুৱকক মাৰপিট কৰি হত্যাৰ চেষ্টা চলায় ৷ এই ঘটনাৰ পিচতেই ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে বিষ্ণু দাসক ৷ ঘটনাৰ বিষয়ে খবৰ লাভ কৰি কামপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসসহ সংগঠনটোৰ সদস্য ৰঞ্জিত হাজৰিকা, ৰূপজ্যোতি দাসক আটক কৰে । আনহাতে ৰুবুল দাসৰ গোচৰৰ ভিত্তিত কৃষ্ণ কাকতি আৰু গৌতম বণিয়াকো আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনাৰে পূজা অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.