নিউজ ডেস্ক,১২ জুনঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত এক আশ্চৰ্য্যজনক হত্যাকাণ্ড সংঘটিত হয় ,নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্র জৰিত ।
আৰক্ষীয়ে প্ৰথমতে দুটাকৈ হত্যা কাণ্ডৰ লগত জৰিত ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল । বুধবাৰে নিশা আৰক্ষীয়ে নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্রজনক গ্ৰেপ্তাৰ কৰে ।
![উত্তৰ প্ৰদেশত দুটাকৈ হত্যা কাণ্ড সংঘটিত কৰিলে নবম শ্ৰেণীৰ ছাত্রই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:09_7582708_712_7582708_1591945527108.png)
ঘটনা অনুসৰি ২৪ মে নিশা দুজন ভায় ককাইয়েক কৃঞ্চা ২৫ আৰু দিৱাকৰ ২৩ বছৰীয়া যুৱক দুজনক এটা ৯ এম এম বন্দুকৰে গ'ৰা নদীৰ কাষত বাৰাগাদৱা গাঁওত গুলিয়াই হত্যা কৰে ।
ইপিনে ঘটনা সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াই জানিবলৈ দিয়ে যে হত্যা কাণ্ডৰ লগত জৰিত আটাই কেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । IPC আইনৰ ধাৰা ১৪৭,১৪৮,১৪৯,৩০২, ১২oBআৰু ২১৬ অনুসৰি গোছৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে ।ঘটনাৰ সন্দৰ্ভত যেতিয়া আৰক্ষীয়ে সংবাদমেল আয়োজন কৰিছিল তেতিয়াহে ঘটনাৰ লগত জৰিত নৱম শ্ৰেণী ছাত্র জনৰ বয়স ১৭ বছৰ বুলি জানিবলৈ দিয়ে ।
উল্লেখযোগ্য যে ঘটনাতো সংঘতিত হোৱাৰ কাৰণ হ'ল সামাজিক মাধ্যমত কোনে হত্যা হিংসাৰ ফটো অপলোড দিব পাৰে সেই কাৰণে তেওঁলোকৰ মাজত দুটা দলত ভাগ হৈ প্ৰতিযোগীতাত নামিছিল যাৰ পৰিণতিত এটা দলে আনতো দলৰ সদস্য দুজনক হত্যা কৰিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । লগতে পঢকঃ জম্মু কাশ্মীৰত পুনৰ ভাৰতীয় সেনাৰ জালত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী