ETV Bharat / jagte-raho

বঙাইগাঁৱত অপৰাধ অনুসন্ধান শাখাৰ অভিযানত ধৃত আৰক্ষী বিষয়া - অপৰাধ অনুসন্ধান শাখা

বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰমুজ আলী দেৱানক পাঁচ হেজাৰ টকা উৎকোচ লওঁতে হাতে লোটে গ্ৰেপ্তাৰ কৰে অপৰাধ অনুসন্ধান শাখাই ৷

বঙাইগাঁৱত অপৰাধ অনুসন্ধান শাখাৰ অভিযানত ধৃত আৰক্ষী বিষয়া

author img

By

Published : Aug 7, 2020, 3:14 AM IST

বঙাইগাঁও, 6 আগষ্ট : বঙাইগাঁওত অপৰাধ অনুসন্ধান শাখাৰ অভিযানত আৰক্ষী বিষয়া গ্ৰেপ্তাৰ । বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীত দুৰ্নীতি নিবাৰক শাখাই চলাইছিল এই অভিযান । পাঁচ হেজাৰ টকাৰ উৎকোচ ল'বলৈ গৈ দুৰ্নীতিৰ নিবাৰক শাখাৰ জালত পৰে বিদ‍্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হুৰমুজ আলী ।

দীৰ্ঘদিনৰ পৰাই বিষয়াজনৰ বিৰুদ্ধে আছিল উৎকোচ লোৱাৰ অভিযোগ । বিলাসপুৰ বাসিন্দা তথা বাসুগাঁওৰ ডাকঘৰৰ কৰ্মচাৰী আছাদ আলীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই বিদ্যাপুৰ আৰক্ষী চকীৰ ভিতৰতে উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক । সাধাৰণ এটা মাৰপিটৰ গোচৰত আছাদ আলীৰ পৰা উৎকোচ বিচাৰি দীৰ্ঘদিনৰ পৰাই আৰক্ষী বিষয়াজনে দাবী ধমকি আৰু হাৰাশাস্থি কৰাৰ অভিযোগ উত্থাপন কৰিছে আছাদ আলীয়ে । আছাদ আলীয়ে জনায় যে, তেওঁক প্ৰথমে এক লাখ টকাৰ উৎকোচ বিচাৰিছিল আৰু পিচলৈ কমাই ৭০ হেজাৰ টকা কৰে আৰু আজি প্ৰথম কিস্তিৰ পাঁচ হেজাৰ টকা দিয়ে । উৎকোচৰ টকা লওঁতেই গ্ৰেপ্তাৰ হয় আৰক্ষী বিষয়াগৰাকী । দুৰ্নীতি নিবাৰক শাখাই বিদ্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হুৰমুজ আলীক সোধপোছ চলাই আছে । নিশাই আৰক্ষী বিষয়া জনক গুৱাহাটীলৈ লৈ যোৱাৰ কথা জনাইছে অনুসন্ধানকাৰী বিষয়াই ।

অভিযানকাৰী বিষয়াই অভিযান সামৰে নিশা ১১.২৫ বজাত । তাৰ পিচতে দলটোৱে গ্ৰেপ্তাৰ কৰা বিদ‍্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হুৰমুজ আলীক গুৱাহাটীলৈ লৈ যায় । দলটোৱে অভিযান চলাই কি কি পালে সেয়া তদন্তৰ খাতিৰত সংবাদ মাধ‍্যমৰ আগত প্ৰকাশৰ পৰা দুৰত থাকে ।

বঙাইগাঁৱত অপৰাধ অনুসন্ধান শাখাৰ অভিযানত ধৃত আৰক্ষী বিষয়া

লগতে পঢ়কঃ ঠেলামৰা কাণ্ড সন্দৰ্ভত উচতনি মূলক মন্তব্য বিধায়ক অশোক সিংঘালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.