বৰপেটা, ১৬ ছেপ্তেম্বৰঃ বৰপেটা আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ২৪ ঘন্টাৰ ভিতৰতে এখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰি বিশেষ তৎপৰতাৰ পৰিচয় দিছে ৷ বৰপেটা চহৰৰ সোণকুছিৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সমীপৰ দিলফুকৰ হুছেইনৰ ঘৰৰ পৰা শনিবাৰে নিশা চুৰি হৈছিল AS-15M-7287 নম্বৰৰ পালচাৰ মটৰ চাইকেল এখন ৷ সোমবাৰে কলগাছিয়া থানাৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰে চুৰি মটৰ চাইকেলখন ৷
আনহাতে,আৰক্ষীয়ে পালচাৰ মটৰ চাইকেলখনৰ লগতে AS-01DJ-1072 নম্বৰৰ আন এখন আপাচী মটৰ চাইকেলো উদ্ধাৰ কৰে ৷ অৱশ্যে চুৰি আপাচী মটৰ চাইকেলৰ গৰাকী কোন, সেই বিষয়ত গোপনীয়তা অৱলম্বন কৰি এতিয়াও নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷ ইপিনে মটৰ চাইকেল চুৰিৰ ঘটনাৰ সৈতে জড়িত সকলক চিনাক্ত কৰা হৈছে যদিও তদন্তৰ খাতিৰত এই কথা জনোৱা নাই আৰক্ষীয়ে ৷ বৰপেটাৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক অমৃত কলিতাই চুৰি কাৰ্যৰ সৈতে জড়িতসকল শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব বুলিও সোমবাৰে সাংবাদিকৰ আগত সদৰী কৰে ৷
উল্লেখ্য যে, সঘনাই সংঘটিত হৈ থকা বাইক চুৰিৰ ঘটনাই সাধাৰণ ৰাইজক বিপাঙত পেলাই আহিছে ৷ গতিকে স্বাভাৱিকতেই বৰপেটা আৰক্ষীৰ এনে ক্ষীপ্ৰ উদ্ধাৰ অভিযানে ৰাইজক কিছু পৰিমাণে হ'লেও সকাহ দিবলৈ সক্ষম হৈছে ৷