নিউজ ডেস্ক, 1 অক্টোবৰ : পাটাছাৰকুছিত আৰক্ষীৰ জালত পৰিল দিবন ডেকা । এখন এম্বুলেন্সৰ পৰা গ্ৰেপ্তাৰ দিবন ডেকা ।
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত সাক্ষাৎকাৰৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িত দ্বিবন ডেকাক গ্ৰেপ্তাৰ ৷ প্ৰায় ১০ দিন ধৰি পলাই আছিল দ্বিবন ডেকা ৷ এখন এম্বুলেঞ্চত পত্নীসহ গুৱাহাটীলৈ আহি থকা অৱস্থাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পাটাছাৰকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডেকাক ৷ নিশা প্ৰায় 11:30 বজাত পাটাছাৰকুছি আৰক্ষীৰ পৰা চিআইডিয়ে নিজৰ জিম্মাত লয় অভিযুক্ত দ্বিবন ডেকাক ৷ আনহাতে বৰ্তমানেও পলাতক হৈ আছে উপ-পৰিদৰ্শকৰ পৰীক্ষা কাণ্ডৰ আন এগৰাকী মাষ্টৰ মাইণ্ড অভিযুক্ত প্ৰাক্তন আৰক্ষী বিষয়া পি কে দত্ত ৷
নিশাই চিআইডিৰ দললৈ হস্তান্তৰ কৰা দিবনক লৈ অনা হয় গুৱাহাটীলৈ । নিশাটো কাহিলিপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ চাউনিত ৰখা দিবন ডেকাক আজি দিনৰ ভাগৰ পৰা চিআইডিৰ কাৰ্যালয়ত মাৰাথন জেৰা চলোৱা হ’ব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে,অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত সাক্ষাৎকাৰৰ প্ৰশ্নকাকত ফাদিলৰ সমগ্ৰ কেলেংকাৰীক লৈ অসম আৰক্ষীয়ে দ্বিবন ডেকাক মষ্ট ৱাণ্টেড ঘোষণা কৰিছিল ৷
লগতে পঢ়ক : কোন এই দিবন ডেকা ? কি সম্পৰ্ক আৰ এছ এছ-বিজেপিৰে ?