নিউজ ডেস্ক , 22 এপ্ৰিলঃ উত্তৰপ্ৰদেশৰ আগ্ৰাত শনিবাৰে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত সেনাৰ এজন জোৱানক গ্ৰেপ্তাৰ কৰা হয় ৷ অভিযোগ অনুসৰি চলন্ত নৱয়ুগ এক্সপ্ৰেছত সেনাৰ জোৱানজনে কিশোৰী গৰাকীৰ উপৰত যৌন নিৰ্যাতন চলাইছিল ৷
11 বছৰীয়া কিশোৰী গৰাকী পৰিয়ালৰ লোকৰ স'তে নতুন দিল্লীৰ পৰা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতি আহি আছিল ৷ আৰু অভিযুক্ত সেনাৰ জোৱান এম.গাঙ্গিয়া ৰে'ল খনৰ একেটা দবাতে চেন্নাই অভিমুখে যাত্ৰা কৰি আছিল ৷ অভিযোগ অনুসৰি তেনে সময়তে সেনাত নায়ক হিচাপে কৰ্মৰত জোৱানজনে কিশোৰী গৰাকীৰ উপৰত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত কৰে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতে ভুক্তভোগী গৰাকীৰ পৰিয়ালৰ লোকে টুইটাৰ যোগে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আগ্ৰা ষ্টেচনৰ পৰা সেনাৰ জোৱান জনক পকচ' এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷