নিউজ ডেস্ক, 18 জুলাই : উত্তৰ প্ৰদেশৰ বিধানসভাৰ সন্মুখত আত্মজাহৰ চেষ্টা কৰা মাতৃ-কন্যাৰ ঘটনাত চাৰিগৰাকী লোকক কৰায়ত্ত কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে আমেথিৰ মাতৃ-কন্যা এহালে লক্ষ্নৌস্থিত বিধানসভা ভৱনৰ সন্মুখত জুই লগাই আত্মজাহ দিয়াৰ চেষ্টা কৰিছিল ৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত মজলিছ-ই-ইত্তেহাডুলৰ এগৰাকী শীৰ্ষ নেতা, কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাৰ লগতে আন এগৰাকী লোকক আটক কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ আনহাতে ঘটনাৰ সময়ত সেই স্থানত কৰ্তব্যত থকা তিনিগৰাকী আৰক্ষীকো কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷
উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এইকেইগৰাকী লোকেই দুয়ো মাতৃ-কন্যাক এইদৰে জুই লগাই আত্মজাহ দিবলৈ বাধ্য কৰাইছিল ৷ আৰক্ষীয়ে আটক কৰা এমআইএম নেতা কাদিৰ খান আৰু কংগ্ৰেছ নেতা অনুপ পেটেলে এই অভিযোগ অস্বীকাৰ কৰিছে ৷ আৰক্ষীয়ে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া তিনিওগৰাকী আৰক্ষীৰ বিৰুদ্ধেও বিভাগীয় অনুসন্ধান চলোৱা হ'ব বুলি জানিবলৈ দিয়ে ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা লোককেইজন হৈছে ক্ৰমে, এমআইএম নেতা কাদিৰ খান, কংগ্ৰেছ নেতা অনুপ পেটেল, আছমা আৰু তেওঁৰ পুত্ৰ চুলতান ৷ ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 306, 505 আৰু 511ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু আমেথিৰ পৰাই কাদিৰ খানক আটক কৰি লক্ষ্নৌলৈ লৈ অনা হৈছে ৷
উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়াৰ ভাগত লক্ষ্নৌস্থিত বিধানসভাৰ সন্মুখত গুড়িয়া আৰু ছোফিয়া নামৰ মাতৃ-কন্যাহালে নিজ দেহত জুই লগাই আত্মজাহ দিবলৈ চেষ্টা কৰিছিল যদিও সংকটজনক অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ এক ভূমি বিবাদৰ ফলতেই এইদৰে দুয়োৱে আত্মজাহৰ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ ভূমি বিবাদত অনাহকত লাগি পৰিছিল এমআইএম নেতা কাদিৰ খান তথা কংগ্ৰেছ নেতা অনুপ পেটেল ৷
লগতে পঢ়কঃ আৰক্ষীৰ চোৰাংচোৱাৰ সন্দেহত নক্সালে হত্যা কৰিলে নিৰপৰাধী লোকক