নিউজ ডেস্ক, 4 জানুৱাৰী : সীমা সুৰক্ষা বল চমুকৈ BSF য়ে 12 গৰাকী অবৈধ বাংলাদেশী নাগৰিকক ভাৰতীয় সীমা পাৰ হোৱাৰ সময়ত আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন লোক কেইজনক সীমা সুৰক্ষা বাহিনীয়ে পৰৱৰ্তী সময়ত ৰাম নগৰ আৰক্ষীৰ হাতত গতাই দিয়ে ৷ আটক কৰা বাংলাদেশী লোক কেইজনক সোমবাৰে ৰাতিপুৱা দুয়োখন দেশৰ এখন বৈঠকৰ অন্তত বাংলাদেশ চৰকাৰৰ হাতত চমজাই দিয়ে ৷
সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি,সীমা সুৰক্ষা বলৰ জোৱানে বাংলাদেশী নাগৰিক কেইজনে ভাৰতীয় সীমা পাৰ হোৱাৰ গোপন তথ্য লাভ কৰিছিল ৷ সেই খবৰৰ ভিত্তিতে আটক কৰিবলৈ সক্ষম হৈছে লোক কেইজনক ৷
উল্লেখ্য যে,ভাৰত আৰু বাংলাদেশে 4,096 কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত শ্বেয়াৰ কৰি আছে ৷ ইয়াৰ ভিতৰত অসমে 263 কিলোমিটাৰ, ত্ৰিপুৰাই 318 কিলোমিটাৰ, মিজোৰামে 443 কিলোমিটাৰ আৰু পশ্চিম বংগই 2,216 কিলোমিটাৰ সীমান্ত শ্বেয়াৰ কৰি আছে ৷
লগতে পঢ়ক : বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা