ETV Bharat / international

Palestinian rocket launches : ইজৰাইলৰ বিৰুদ্ধে পেলেস্তাইনী ৰকেটৰ ভুল আৰু বিফল উৎক্ষেপণ

ইজৰাইলৰ বিৰুদ্ধে পেলেস্তাইনী সন্ত্ৰাসবাদীৰ বহু ৰকেট অভিযান বিফল হৈছে । প্ৰায় ৫৫০ টা ৰকেটৰ বিফল উৎক্ষেপণৰ তথ্য প্ৰকাশ কৰিছে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে । প্ৰমাণ হিচাপে ভিডিঅ' ফুটেজো মুকলি কৰা হৈছে ।

Palestinian rocket launches
ইজৰাইলৰ বিৰুদ্ধে পেলেস্তাইনী ৰকেটৰ ভুল আৰু বিফল উৎক্ষেপণ
author img

By ANI

Published : Oct 22, 2023, 7:28 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ অক্টোবৰ : ইজৰাইল আৰু পেলেস্তাইনী সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত আছে । ইয়াৰ মাজতে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে । প্ৰতিৰক্ষা বাহিনীৰ মতে যুদ্ধৰ আৰম্ভণিৰ পৰা এতিয়ালৈ পেলেস্তাইনী সন্ত্ৰাসবাদীৰ প্ৰায় ৫৫০ টা ৰকেটৰ বিফল উৎক্ষেপণ আৰু মিচফায়াৰ ধৰা পেলাইছে ।

সন্ত্ৰাসবাদী সংগঠন হামাছে গাজা ষ্ট্ৰিপৰ বাসিন্দাসকলক মানৱ ঢাল আৰু অসামৰিক আন্তঃগাঁথনিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে । যুদ্ধৰ আৰম্ভণিৰ পৰা প্ৰতিৰক্ষা বাহিনীয়ে গাজা ষ্ট্ৰিপৰ পৰা নিক্ষেপ কৰা প্ৰায় ৫৫০ টা ৰকেটৰ বিফল উৎক্ষেপণ চিনাক্ত কৰিছে । ইফালে গাজাৰ পৰা উৎক্ষেপণ কৰা ৰকেট বেৰেজৰ ফুটেজো মুকলি কৰে প্ৰতিৰক্ষা বাহিনীয়ে য'ত কেইবাটাও ৰকেট গাজা ষ্ট্ৰিপত আঘাত কৰা দেখা গৈছে ।

সন্ত্ৰাসবাদীয়ে দক্ষিণ আৰু মধ্য ইজৰাইলত প্ৰচণ্ড ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে । তাৰ মাজতে যোৱা মঙলবাৰে নিশা মিচফায়াৰ কৰা পেলেস্তাইনী ইছলামিক জিহাদৰ এটা ৰকেটে উত্তৰ গাজাৰ আল আহলি চিকিৎসালয়ত আঘাত কৰে বুলি দাবী কৰে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে । ইফালে ৰকেট আক্ৰমণৰ ফলত ৰিচন লেটজিয়ন, পেটাচ টিকভাহ, বিনেই ব্ৰেক, ৰামাত গান বাট য়াম আৰু অন্যান্য অঞ্চলত আতংকই বিৰাজ কৰিছে ।

হামাছৰ সূত্ৰই দাবী কৰা মতে আল আহলি চিকিৎসালয়ত হোৱা বিস্ফোৰণত ৪৭১ গৰাকী পেলেস্তাইনী নিহত হৈছে । অৱশ্যে এই সন্দৰ্ভত স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই । হামাছ আৰু আৰৱ ৰাষ্ট্ৰই এই ৰকেট আক্ৰমণত ইজৰাইলক দোষাৰোপ কৰে । ইফালে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে অভিযোগ কৰা মতে ইচ্ছাকৃতভাৱে পেলেস্তাইনী সন্ত্ৰাসবাদীয়ে চিকিৎসালয়ত বিস্ফোৰণ কৰিছে ।

ইজৰাইলে দাবী কৰা মতে বিস্ফোৰণটো মিচফায়াৰ কৰা পেলেস্তাইনী ইছলামিক জিহাদৰ ৰকেটৰ ফলত সংঘটিত হৈছিল । ইজৰাইলে মোশাৱ নেতিভ হা'আচাৰাত নিৰাপত্তা কেমেৰাত ধৰা পৰা ভিডিঅ' ফুটেজো মুকলি কৰিছে । যোৱা মে' মাহত সংঘৰ্ষৰ সময়ত পেলেস্তাইনী ইছলামিক জিহাদৰ এটা ৰকেটৰ উৎক্ষেপণ বিফল হয় য'ত গাজাৰ ৪ গৰাকী নাগৰিক নিহত হয় ।

লগতে পঢ়ক :Hamas Hostage Americans : হামাছে বন্দী কৰি ৰখা আমেৰিকান মাতৃ-কন্যাক মুক্তি; বাইডেনৰ স্বাগতম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.