ETV Bharat / international

World's oldest dog: বিশ্বৰ আটাইতকৈ বয়সীয়াল কুকুৰ ববিৰ মৃত্যু - Rafeiro do Alentejo

পৃথিৱীৰ ভিতৰতে আটাইতকৈ বয়সীয়াল হিচাপে স্বীকৃত কুকুৰ ববিৰ মৃত্যু ৷ পৰ্তুগালত মৃত্যু হয় ববিৰ ৷

Bobi dies in Portugal
World's oldest dog
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 10:47 PM IST

নিউজ ডেস্ক, ২৩ অক্টোবৰ: সোমবাৰে পৰ্তুগালৰ এজন লোকে জনোৱা মতে, বিশ্বৰ আটাইতকৈ বয়সীয়াল কুকুৰ হিচাপে স্থান লাভ কৰা পৰ্তুগালৰ এটা ৩১ বছৰীয়া কুকুৰৰ মৃত্যু হৈছে । কুকুৰটোৰ গৰাকী লিঅ’নেল কোষ্টাই দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, সপ্তাহৰ শেষৰ ফালে পশু চিকিৎসালয়ত ববি নামৰ গাৰ্ড ডগটোৰ মৃত্যু হয় ।

ববিয়ে পৰ্তুগালৰ কনকুৱেৰ’ছ গাঁৱৰ এখন ফাৰ্মত কোষ্টা আৰু চাৰিটা মেকুৰীৰ সৈতে বাস কৰিছিল । ১৯৯২ চনৰ ১১ মে’ত তেওঁৰ মালিকৰ বয়স মাত্ৰ ৮ বছৰ আছিল । সেইবাবেই ববিৰ মৃত্যুৰ সময়ত বয়স কুকুৰৰ জীৱনকালতকৈ অধিক হোৱা বুলি ধাৰণা কৰা হৈছে । চলিত বৰ্ষৰ আৰম্ভণিতে দিয়া এক সাক্ষাৎকাৰত কোষ্টাই এছ’চিয়েটেড প্ৰেছক জনাইছিল যে ববিৰ দীৰ্ঘ জীৱনৰ ৰহস্য হৈছে ভাল খাদ্য, শুদ্ধ বতাহ আৰু বহুত মৰম ।

আমি যি খাওঁ ববিয়েও তাকেই খায় বুলি ক’ষ্টাই কয় । তাতোকৈ ডাঙৰ কথা ববিক কেতিয়াও লিডত ৰখা হোৱা নাছিল । অষ্ট্ৰেলিয়াৰ কেটল্ ডগ ব্লুইৰ ১৯৩৯ চনত ২৯ বছৰ বয়সত মৃত্যু হোৱাৰ পিচত ববিয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজকে আটাইকৈ বয়সীয়া হিচাপে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল । মৃত্যু পৰ্যন্ত এই অভিলেখ ববিৰ নামতে থাকে ৷

সোমবাৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিষয়াসকলে কয় যে বিশ্বৰ এতিয়ালৈকে আটাইতকৈ বয়সীয়াল কুকুৰ ববিৰ মৃত্যুৰ খবৰ পাই তেওঁলোকে দুখী হৈ পৰিছে । তেওঁলোকৰ ৱেবছাইটত এক বিবৃতিত তেওঁলোকে কয় যে ববি ৩১ বছৰ ১৬৫ দিন বয়সলৈকে জীয়াই আছিল আৰু শনিবাৰে তাৰ মৃত্যু হৈছিল । ববি আছিল বিশুদ্ধ জাতৰ Rafeiro do Alentejo, পৰ্তুগীজ কুকুৰৰ এটা জাত ৷ যাৰ গড় আয়ুস প্ৰায় ১০ৰ পৰা ১৪ বছৰ ।

লগতে পঢ়ক: Foreign funds to Madrasas: ৪ হাজাৰ মাদ্ৰাছাৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এছ আই টি গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.