ETV Bharat / international

ফ্লাইটৰ ভিতৰতেই এটেনডেণ্টক ঘোচা মাৰি দাঁত সৰাই, চুলি চিঙি 15 মাহৰ কাৰাবাস মহিলাৰ - মহিলাই ফ্লাইট এটেনডেণ্ট

চিট বেল্ট মাৰিবলৈ কোৱাৰ কাৰণে এগৰাকী মহিলাই ফ্লাইট এটেনডেণ্টগৰাকীৰ ভিডিঅ' মোবাইলত ৰেকৰ্ডিং কৰাৰ লগতে ঘুচিয়াই দাঁত ভাঙি (punching flight attendant) দিয়ে ৷ ফ্লাইটখনৰ অন্যা যাত্ৰীসকলে মহিলাগৰাকীক ধৰিবলৈ আহোঁতেই এটেনডেণ্টগৰাকীৰ চুলিত ধৰি তুমুল কাজিয়াৰ সূত্ৰপাত কৰে ৷

woman-gets-15-months-in-prison-for-punching-flight-attendant
ফ্লাইটৰ ভিতৰতেই এটেনডেণ্ট আৰু যাত্ৰীৰ তুমুুল কাজিয়া, ঘোচা মাৰি দাঁত সৰাই, চুলি চিঙি 15 মাহৰ কাৰাবাস মহিলাৰ
author img

By

Published : May 28, 2022, 2:17 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 মে': কেলিফৰ্ণিয়াত মহিলাৰ আজৱ কাণ্ড ৷ চিট বেল্ট মাৰিবলৈ কোৱাৰ কাৰণে কুইনোনেজে নামৰ এগৰাকী মহিলাই ফ্লাইট এটেনডেণ্টগৰাকীৰ ভিডিঅ' মোবাইলত ৰেকৰ্ডিং কৰাৰ লগতে ঘুচিয়াই দাঁত ভাঙি (punching flight attendant) দিয়ে ৷ ফ্লাইটখনৰ অন্যা যাত্ৰীসকলে মহিলাগৰাকীক ধৰিবলৈ আহোঁতেই এটেনডেণ্টগৰাকীৰ চুলিত ধৰি তুমুল কাজিয়াৰ সূত্ৰপাত কৰে ৷

ঘটনা অনুসৰি ২০২১ চনৰ ২৩ মে',তাৰিখে চেক্ৰামেণ্টো আৰু চান ডিয়েগোৰ মাজত দক্ষিণ-পশ্চিম বিমানখন অৱতৰণৰ সময়ত এটেনডেণ্টগৰাকীয়ে মহিলাগৰাকীক চিট বেল্টটো ভালকৈ মাৰি লৈ মাস্কখন সঠিকভাৱে পিন্ধিবলৈ কৈছিল। ইয়াৰ পিছতে মহিলাগৰাকীয়ে নিজৰ ফোন উলিয়াই এটেনডেণ্টগৰাকীৰ ভিডিঅ' লবলৈ আৰম্ভ কৰে ৷

এটেনডেণ্টগাৰকীয়ে বাৰে বাৰে বাধা দিয়াত মহিলাগৰাকীয়ে খঙত উদ্যত হৈ কাজিয়াৰ সূত্ৰপাত কৰে ৷ এই ঘটনাত এটেনডেণ্টগৰাকীৰ তিনিটা দাঁত সৰি পৰে লগতে গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পিছতে মহিলা গৰাকীক তিনিবছৰলৈ ফ্লাইটত উঠিবলৈ অনুজ্ঞাপত্ৰ বাতিলৰ লগতে 15 মাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ (Woman gets 15 months in prison) কৰে ৷

শেহতীয়াকৈ এই ঘটনাৰ বাবে ভাইভিয়ানা কুইনোনেজক মঙলবাৰে ছান ডিয়েগোৰ ফেডাৰেল ন্যায়াধীশে প্ৰায় ২৬,০০০ ডলাৰ আৰু ৭,৫০০ ডলাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে। "যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ কাম কৰা বিমানকৰ্মীৰ সদস্যসকলৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব," আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটৰ্ণী ৰেণ্ডি গ্ৰছমেনে এক বিবৃতি যোগে এই মন্তব্য প্ৰকাশ কৰে ।

২০২১ চনত এয়াৰলাইনছে ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যনক ৫,০০০ তকৈও অধিক যাত্ৰীৰ উচ্ছৃংখল ঘটনাৰ প্ৰতিবেদন দাখিল কৰিছিল ।

লগতে পঢ়কঃ Saudi Arabia bans travel : ভাৰতকে ধৰি 16 দেশলৈ নিষিদ্ধ ভ্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.