ETV Bharat / international

Shooting incident increased in America: নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পৰা পৰামৰ্শ বিচাৰিলে ৰাষ্ট্ৰপতি বিডেনে

author img

By

Published : Jun 2, 2022, 12:40 PM IST

বুধবাৰে আমেৰিকাৰ এখন হাস্পতালৰ চৌহদত গুলীচালনাৰ ঘটনা (Shooting incident at a hospital premises in US)। শ্বুটাৰসহ ৪ জন লোকৰ মৃত্যু এই ঘটনাত । আমেৰিকাত বৰ্ধিত গুলীচালনাৰ ঘটনাক লৈ উদ্বিগ্ন ৰাষ্ট্ৰপতি জ' বিডেন । এই ঘটনা দমন কৰিবলৈ নিউজিলেণ্ডৰ পৰামৰ্শ বিচাৰিলে ৰাষ্ট্ৰপতি বিডেনে ।

Shooting incident increased in America
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পৰা পৰামৰ্শ বিচাৰিলে ৰাষ্ট্ৰপতি বিডেনে

ইণ্টাৰনেশ্যনেল ডেস্ক,২ জুন : আমেৰিকাত শেহতীয়াকৈ গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে (Shooting incident increased in America)। যোৱা সপ্তাহত উভালদে টেক্সাছৰ ৰব প্ৰাথমিক বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল য'ত ১৯ গৰাকী শিশুসহ কেইবাজনো লোক নিহত হৈছিল । ইফালে মঙলবাৰে নিউ অৰলিন্সত এখন বিদ্যালয়ৰ স্নাতক সমাৰোহত গুলীচালনাৰ ঘটনা সংঘটিত হয় য'ত এগৰাকী বৃদ্ধ মহিলা নিহত হয় আৰু আন দুজন লোক আহত হয় । এইবাৰ এখন চিকিৎসালয়ত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ ।

বুধবাৰে চেইণ্ট ফ্ৰান্সিছ চিকিৎসালয় চৌহদত হোৱা এই গুলীচালনাত আক্ৰমণকাৰী শ্বুটাৰসহ ৪ জন লোক নিহত হয় (Hospital campus shooting in Tulsa)। টুলচা আৰক্ষীয়ে জনোৱা মতে হাস্পতালখনৰ চৌহদৰ চিকিৎসকৰ কাৰ্যালয় ভৱন নাটালি মেডিকেল অট্টালিকাৰ ৰাইফলৰে সজ্জিত এজন ব্যক্তিৰ প্ৰৱেশৰ খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে অভিযান চলাইছিল । ইফালে গুলীচালনাৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে দেশখনৰ নাগৰিকসকল শংকিত হোৱা দেখা গৈছে ।

ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনকো টুলচা চহৰৰ চিকিৎসালয়ত সংঘটিত গুলীচালনাৰ বিষয়ে অৱগত কৰোৱা হৈছে । ইয়াৰ পাছতে হোৱাইট হাউচে বিবৃতিযোগে কয় যে সমগ্ৰ ঘটনা সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছে (White House monitoring situation of hospital campus shooting in Tulsa)। ৰাজ্যিক তথা স্থানীয় বিষয়াসকলক সকলো ফালৰ পৰা সমৰ্থন আগবঢ়াবলৈও সাজু হৈছে হোৱাইট হাউচ ।

দেশখনত এনেধৰণৰ হিংসাত্মক ঘটনা বৃদ্ধি হোৱা লগে লগে চিন্তাত পৰিছে ৰাষ্ট্ৰপতি জ' বিডেন । আমেৰিকাত এনে ঘটনাৰ মোকাবিলা কৰিবলৈ কি ধৰণৰ পদক্ষেপ ল'ব লাগিব সেই সম্পৰ্কে বিডেনে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণৰ পৰাও পৰামৰ্শ বিচাৰে (President Biden seeks advice from New Zealand PM)। কিয়নো নিউজিলেণ্ডে ইতিমধ্যে এই ধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈ আহিছে আৰু ইয়াক উচিত ধৰণে দমন কৰিবলৈ সক্ষম হৈছে ।

নিউজিলেণ্ডত ২০১৯ চনত ক্ৰিষ্টচাৰ্চত হোৱা গণহত্যাৰ কথা উল্লেখ কৰে বিডেনে । সেই ঘটনাৰ পাছতে নিউজিলেণ্ডত সামৰিক শৈলীৰ ৰাইফল নিষিদ্ধ কৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছিল । গান বায় বেকৰ (Gun buy-back) দৰে কাৰ্যসূচীও লৈছিল নিউজিলেণ্ডে ।

ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ওভাল অফিচত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণৰ সৈতে হোৱা বৈঠকত বিডেনে কয় যে আমেৰিকাক নিউজিলেণ্ডৰৰ পৰামৰ্শৰ প্ৰয়োজন । নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি বিডেনে কয় যে আৰ্ডাৰ্ণৰ নেতৃত্বই সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । কিয়নো ক্ৰিষ্টচাৰ্চত সংঘটিত জলবায়ু পৰিৱৰ্তন, হিংসা, উগ্ৰবাদ আৰু অনলাইনৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে নিউজিলেণ্ড প্ৰশাসনে ।

লগতে পঢ়ক :Texas school shooting : আমেৰিকাত পুনৰ বিদ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ, নিহত ১৮ গৰাকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.