ETV Bharat / international

Travel advisory for foreign citizens in Pakistan: পাকিস্তানত থকা বিদেশী নাগৰিকৰ বাবে বিশেষ পৰামৰ্শ

author img

By

Published : May 10, 2023, 11:01 AM IST

পাকিস্তানত অস্থিৰতা । বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ আৰু হিংসাত্মক ঘটনা (Pakistan crisis)। তাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু কানাডাই তেওঁলোকৰ নাগৰিকৰ বাবে বিশেষ ভ্ৰমণ পৰামৰ্শ জাৰি কৰিছে ।

Travel advisory for foreign citizens in Pakistan
পাকিস্তানত থকা বিদেশী নাগৰিকৰ বাবে বিশেষ পৰামৰ্শ

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ মে': পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰৰ পাছতে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে (Imran Khan arrested)। ঠায়ে ঠায়ে ইমৰাণ খানৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছে । বহু স্থানত আকৌ এই প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে (Protest in Pakistan)। তেনে এক পৰিস্থিতিৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু কানাডাই পাকিস্তানত থকা তেওঁলোকৰ নাগৰিক আৰু কূটনৈতিক কৰ্মচাৰীৰ বাবে বিশেষ ভ্ৰমণৰ পৰামৰ্শ জাৰি কৰিছে । ৰাজনৈতিক অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিওখন দেশে তেওঁলোকৰ নাগৰিকসকলক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ।

পাকিস্তানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে আমেৰিকানসকলৰ বাবে ভ্ৰমণৰ সতৰ্কতা ঘোষণা কৰিছে (US travel advisories for citizens in Pakistan)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে জাৰি কৰা শেহতীয়া পৰামৰ্শত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে ইছলামাবাদত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজৰ সংঘৰ্ষৰ পূৰ্বৰ প্ৰতিবেদন আৰু সমগ্ৰ পাকিস্তানত হোৱা বিক্ষিপ্ত ঘটনা নিৰীক্ষণ কৰি আছে ।

ইছলামাবাদত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে ১০ মে'ৰ বাবে কনচুলাৰ নিযুক্তিও বাতিল কৰিছে । ৰাজনৈতিক অস্থিৰতা আৰু বিভিন্ন নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে দূতাবাসে । ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু বৃহৎ জনসমাগম থকা স্থান পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে লোকসকলক ব্যক্তিগত সুৰক্ষা পৰিকল্পনা পুনৰীক্ষণ কৰাৰ লগতে স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতা আৰু যোগাযোগ স্থাপন কৰিবলৈ কোৱা হৈছে । যিকোনো আপডেটৰ বাবে স্থানীয় সংবাদ মাধ্যমক অনুসৰণ কৰিবলৈও কোৱা হৈছে । ব্ৰিটেইন ফৰেইন কমনৱেলথ এণ্ড ডেভেলপমেণ্ট অফিচে তেওঁলোকৰ নাগৰিকসকলক সকলো প্ৰতিবাদ, বৃহৎ জনসমাগম আৰু ৰাজহুৱা অনুষ্ঠান পৰিহাৰ কৰিবলৈ আৰু প্ৰয়োজন অনুসৰি পৰিকল্পনা সলনি কৰিবলৈ সাজু থাকিবলৈ পৰামৰ্শ দিছে (UK advisory for citizens in Pakistan)।

ইফালে, কানাডিয়ান চৰকাৰেও পাকিস্তানত থকা তেওঁলোকৰ নাগৰিক আৰু কূটনৈতিক কৰ্মচাৰীসকলক অপ্ৰত্যাশিত নিৰাপত্তা পৰিস্থিতিৰ বাবে অধিক সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে । তেওঁলোকে জনোৱা মতে পাকিস্তানত সন্ত্ৰাসবাদ, নাগৰিক অস্থিৰতা, সাম্প্ৰদায়িক হিংসা আৰু অপহৰণৰ ভাবুকি আছে (Travel advisory for Canadian citizens in Pakistan)।

ইয়াৰ মাজতে আমেৰিকাই স্পষ্ট কৰি দিছে যে পাকিস্তানৰ কোনো ৰাজনৈতিক নেতা বা দলক তেওঁলোকে সমৰ্থন নকৰে । তেওঁলোকে কেৱল আইন অনুসৰি সকলো সমাধান হোৱাটো কামনা কৰিছে ।

লগতে পঢ়ক :Pakistan Crisis : সেনাৰ মুখ্য কাৰ্যালয়ত ইমৰাণ খানৰ সমৰ্থকৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.