ETV Bharat / international

US passed bill on Diwali: আমেৰিকা যুক্তৰাষ্ট্ৰত দীপাৱলীত আতচবাজী প্ৰদৰ্শনত অনুমতি

author img

By

Published : Feb 7, 2023, 2:07 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউটা চিনেটে পোহৰৰ উৎসৱৰ বাবে সৰ্বসন্মতিক্ৰমে এখন বিধেয়ক গৃহীত কৰিছে । ভাৰতৰ এই পোহৰৰ উৎসৱৰ সময়ত আতচবাজী প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰি এখন বিধেয়ক গৃহীত কৰিছে (Diwali in US) ।

Utah Senate in US passed bill on Diwali
আতচবাজীৰ অনুমতি আমেৰিকা যুক্তৰাষ্ট্ৰত

ইন্টাৰনেশ্য়নেল ডেস্ক,৭ ফেব্ৰুৱাৰী: আমেৰিকা যুক্তৰাষ্ট্ৰত এইবাৰৰ পৰা পোহৰৰ উৎসৱ দীপাৱলী বিস্তৃতভাৱে পালন কৰাৰ সুযোগ লাভ কৰিব । শেহতীয়াভাৱে ইউটা চিনেটৰ আইন প্ৰণেতাসকলে এই ক্ষেত্ৰত সৰ্বসন্মতিক্ৰমে এখন বিধেয়ক গৃহীত কৰিছে (Utah Senate in US passed bill on Diwali)। এই বিধেয়কখনে দীপাৱলী উদযাপনৰ বাবে আতচবাজী প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰিছে । ভাৰতত উদযাপন কৰা পোহৰৰ উৎসৱৰ সময়ত এতিয়াৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰতো নাগৰিকসকলে আতচবাজী ফুটুৱাৰ অনুমতি লাভ কৰিছে ।

দক্ষিণ জৰ্ডানৰ চিনেটৰ লিংকন ফিলমোৰে কৰা আৱেদনৰ পিছত যোৱা সপ্তাহত চিনেটে এইখন বিধেয়ক 46 ত সৰ্বসন্মতভাৱে অনুমোদন দিয়ে (Senator Lincoln Fillmore from South Jordan) । এবিচি4-এৰ এক প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰা হৈছে । বিধেয়কখনে দীপাৱলীক ৰাজ্যিক উদযাপন দিৱস হিচাপে মান্য়তা প্ৰদান কৰিছে (State commemorative period)। ইয়াৰ লগে লগে দক্ষিণ জৰ্ডানত পাঁচ দিনৰ বাবে আতচবাজী প্ৰদৰ্শনৰ অনুমতি লাভ কৰে । সমান্তৰালভাৱে আতচবাজী বিক্ৰীৰ অনুমতি লাভ কৰিব নাগৰিকসকলে । সাধাৰণতে এই উৎসৱটো অক্টোবৰৰ শেষৰ ফালে আৰু নৱেম্বৰৰ আৰম্ভণিতে ভাৰতত পালন কৰা হয় (Diwali or Indian festival of lights news)।

ফিলমোৰে এই প্ৰসংগত কয় যে হেৰিমেনত তেওঁক এজন সহযোগীয়ে এই বিধেয়কখনৰ বিষয়ে এক ধাৰণাৰ অৱগত কৰিছিল (US unanimously passed a bill for diwali festival)। প্ৰতিনিধি সভালৈ যোৱাৰ আগতে মাত্ৰ এটা ভোটৰ প্ৰয়োজন আছিল বুলিও তেওঁ কয় । ইপিনে,এক বিবৃতিত চিনেটৰ ফিলমোৰে কয়, "মই ইউটাৰ ভাৰতীয় সম্প্ৰদায়ক প্ৰশংসা কৰো (Utahs Indian community)। চুবুৰীয়া সম্প্ৰদায়সমূহক অন্তৰ্ভুক্ত কৰাৰ বাবে অনুষ্ঠান আয়োজন কৰাৰ বাবে তেওঁলোকৰ সহযোগিতামূলক প্ৰচেষ্টা, লগতে হিন্দু ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ বিষয়ে শিক্ষা বৃদ্ধিৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যত এক বুজাবুজিৰ অনুভূতি সৃষ্টি কৰাত সহায় কৰিছে ।"

তেওঁ কয় যে এই বিধেয়কখনে আনৰ সংস্কৃতিক স্বীকৃতি দিয়ে । উল্লেখ্য় যে ২০০২ চনত প্ৰথমবাৰৰ বাবে হোৱাইট হাউছত দীপাৱলী উদযাপন কৰা হৈছিল । ইয়াৰ পিছতে ২০০৭ চনত আমেৰিকা চৰকাৰে এই উৎসৱটোক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে । ইপিনে, 2021 চনত উৎসৱটোক ফেডাৰেল বন্ধ ঘোষণা কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত দীপাৱলী দিৱস আইন প্ৰৱৰ্তন কৰা হৈছিল । এই বছৰ দীপাৱলী 12 নৱেম্বৰত পালন কৰা হ'ব ।

লগতে পঢ়ক:Earthquake jolts Turkey: শক্তিশালী ভূমিকম্পত তুৰস্ক আৰু ছিৰিয়াত প্ৰাণ হেৰুৱালে 2,300 গৰাকী লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.