ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বুধবাৰে ইজৰাইল-হামাছ যুদ্ধৰ এক প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । প্ৰস্তাৱটোত প্ৰথমে হামাছে ইজৰাইলৰ ওপৰত কৰা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ লগতে সাধাৰণ লোকৰ বিৰুদ্ধে হোৱা সকলো হিংসাত্মক ঘটনাক গৰিহণা দিয়ে । আনহাতে গাজাৰ লাখ লাখ লোকক অতি প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাৰ বাবে মানৱীয় দৃষ্টিভংগীৰ আহ্বান জনায় । মঙলবাৰৰ দিনটো ব্ৰাজিলৰ দ্বাৰা পৃষ্ঠপোষকতা এই খচৰা প্ৰস্তাৱৰ ওপৰত আলোচনা অব্যাহত থাকে । অৱশ্যে ভোটগ্ৰহণ কৰিবলগীয়া চূড়ান্ত সংস্কৰণটো মুকলি কৰা হোৱা নাই ।
ইয়াৰ পূৰ্বে সোমবাৰে সন্ধিয়া ৰাছিয়াই এক প্ৰস্তাৱ আগবঢ়াইছিল যাক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰত্যাখ্যান কৰে । ৰাছিয়াই সাধাৰণ লোকৰ বিৰুদ্ধে হিংসা আৰু সন্ত্ৰাসবাদক গৰিহণা দিয়ে আৰু মানৱীয় যুদ্ধবিৰতিৰ আহ্বান জনায় । কিন্তু তেওঁলোকে হামাছৰ বিষয়ে কোনো কথা উল্লেখ কৰা নাছিল । ৰাছিয়াই ব্ৰাজিলৰ প্ৰস্তাৱত দুটা সংশোধনৰ প্ৰস্তাৱ দিছে যাৰ ওপৰত প্ৰথমে ভোটগ্ৰহণ হ'ব । এটা হ'ল মানৱীয় যুদ্ধবিৰতিৰ আহ্বান আৰু আনটো সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ আৰু গাজাত চিকিৎসালয় আৰু বিদ্যালয়ত হোৱা আক্ৰমণক গৰিহণা দিয়া ।
ব্ৰাজিলে এই মাহত নিৰাপত্তা পৰিষদৰ সভাপতিত্ব গ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ মিছনে কয় যে মঙলবাৰে সংঘটিত বৃহৎ বিস্ফোৰণৰ বিষয়ে আলোচনা কৰিবলৈ ভোটগ্ৰহণ পাছত এখন জৰুৰী বৈঠক অনুষ্ঠিত হ'ব । হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে কয় যে এই আক্ৰমণত প্ৰায় ৫০০ গৰাকী লোকৰ মৃত্যু হৈছে । ইয়াৰ মাজতে ৰাছিয়া, আৰৱ আৰু চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰীকালীন অধিৱেশনৰ আহ্বান জনাইছিল ।
গাজাৰ চিকিৎসালয়ৰ বিস্ফোৰণক লৈ ইজৰাইল আৰু পেলেস্তাইন কৰ্তৃপক্ষৰ মাজত ব্যাপক বাক বিতণ্ডা চলি আছে । হামাছৰ মতে এয়া ইজৰাইলী বিমান আক্ৰমণ আছিল । ইজৰাইলে পেলেস্তাইনী সন্ত্ৰাসবাদী সংগঠনক ইয়াৰ বাবে জগৰীয়া কৰিছে ।
উল্লেখ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত বিভক্ত নিৰাপত্তা পৰিষদ আৰু অধিক বিভাজিত হৈ পৰিছে । ইয়াৰ ৫ ভেটোৰ স্থায়ী সদস্য আমেৰিকা, ৰাছিয়া, চীন, ব্ৰিটেইন আৰু ফ্ৰান্সে ব্ৰাজিল প্ৰস্তাৱক সমৰ্থন কৰিব নে ভোটৰ পৰা বিৰত থাকিব সেয়া লক্ষণীয় হ'ব । ইফালে কোনো প্ৰস্তাৱ গৃহীত হ'বলৈ স্থায়ী সদস্যৰ ১৫ টাৰ ভিতৰত কমেও ৯টা ভোটৰ ইতিবাচক সঁহাৰিৰ প্ৰয়োজন হয় ।
ৰাষ্ট্ৰসংঘৰ ২২ জনীয়া আৰৱ গোটে চিকিৎসালয়ত হোৱা আক্ৰমণৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি যিকোনো বলপূৰ্বক স্থানান্তৰ প্ৰতিৰোধৰ বাবে তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনায় । ইজিপ্তৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত ওছামা মাহমুদে সাংবাদিকক কোৱা মতে আঞ্চলিক নেতা আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছৰ সৈতে নিৰ্ধাৰিত সূচী অনুসৰি শনিবাৰে কায়ৰোত এখন সন্মিলন অনুষ্ঠিত হ'ব । নিৰাপত্তা পৰিষদৰ ৫ স্থায়ী সদস্য ৰাষ্ট্ৰকো আমন্ত্ৰণ জনোৱা হৈছে । মাহমুদে কয় যে এই সন্মিলনে ইজৰাইল-পেলেস্তাইনী সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা মানৱীয় সংকট, যুদ্ধবিৰতি কেনেদৰে লাঘৱ কৰিব পাৰি তাৰ সমাধানসূত্ৰ বিচাৰিব ।
লগতে পঢ়ক :Biden Jordan's Summit called off : আৰৱ ৰাষ্ট্ৰৰ নেতাৰ সৈতে হ'বলগীয়া বাইডেনৰ বৈঠক বাতিল