নিউজ ডেস্ক, ১৭ অক্টোবৰ: গাজাত চলি থকা হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাছিয়াৰ প্ৰস্তাৱ সোমবাৰে নিশা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত নাকচ কৰা হয় । দৰাচলতে ৰাছিয়াৰ এই প্ৰস্তাৱত গাজাত সাধাৰণ নাগৰিকৰ ওপৰত হোৱা হিংসাক গৰিহণা দি যুদ্ধবিৰতিৰ দাবী জনোৱা হৈছিল যদিও ইয়াত হামাছ তথা হামাছে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ কথা উল্লেখ কৰা হোৱা নাছিল । এনে পৰিস্থিতিত পশ্চিমীয়া দেশসমূহে এই প্ৰস্তাৱ নাকচ কৰিলে । ১৫ জনীয়া নিৰাপত্তা পৰিষদত এই প্ৰস্তাৱ গৃহীত কৰিবলৈ ৯টা ভোটৰ প্ৰয়োজন হৈছিল যদিও মাত্ৰ চাৰিখন দেশেই এই প্ৰস্তাৱৰ সমৰ্থনত ভোটদান কৰিছিল । চাৰিখন দেশে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে ৷
ৰাছিয়াৰ এই প্ৰস্তাৱৰ সমৰ্থনত ভোটদান কৰা দেশসমূহৰ ভিতৰত আছিল চীন, সংযুক্ত আৰব গণৰাজ্য, মোজাম্বিক আৰু গেবন । এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়া দেশসমূহৰ ভিতৰত আছে আমেৰিকা, ব্ৰিটেইন, জাপান আৰু ফ্ৰান্স । আন ছখন দেশে ভোটদানত অংশ লোৱা নাছিল । উল্লেখ্য যে, বিগত ৭ অক্টোবৰত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে আকস্মিকভাৱে ইজৰাইলৰ সীমান্তত প্ৰৱেশ কৰি ১৩০০ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল । দ্বিতীয় বিশ্বযুদ্ধৰ নাজী হ’ল’কাষ্টৰ পিচত ই আছিল ইহুদীৰ আটাইতকৈ ভয়াৱহ হত্যাকাণ্ড । ইয়াৰ পাচতেই ইজৰাইলে প্ৰতিশোধমূলকভাৱে কৰা আক্ৰমণৰ ফলত এতিয়ালৈকে গাজা ষ্ট্ৰিপত প্ৰায় ২৭৫০ জন লোকে প্ৰাণ হেৰুৱাইছে ।
ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় দুসপ্তাহ পাৰ হ’ল যদিও এতিয়ালৈকে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ বাবে দায়বদ্ধ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্থা নিৰাপত্তা পৰিষদে এই যুদ্ধ ৰোধ কৰাত ব্যৰ্থ হৈছে । গাজা সন্দৰ্ভত ৰাছিয়াৰ প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পূৰ্বে ৰাছিয়াৰ কূটনীতিবিদ ভাচিলি নেবাঞ্জিয়াই সদস্য ৰাষ্ট্ৰৰ পৰা সমৰ্থন বিচাৰি কয় যে গাজাৰ সংকট অভূতপূৰ্ব আৰু প্ৰতি ঘণ্টাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে । ইজৰাইল আৰু গাজাত সাধাৰণ নাগৰিকৰ মৃত্যুক তীব্ৰ গৰিহণা দিয়ে ৰাছিয়াৰ কূটনীতিবিদগৰাকীয়ে । ৰাছিয়াৰ এই প্ৰস্তাৱ নাকচ কৰাৰ পিছত ভাচিলি নেবাঞ্জিয়াই কয় যে নিৰাপত্তা পৰিষদ যে পশ্চিমীয়া দেশৰ স্বাৰ্থৰ পণবন্দী সেই কথা পুনৰ প্ৰমাণিত হৈছে আৰু যোৱা দশকৰ আটাইতকৈ ভয়াৱহ হিংসা বন্ধ কৰাৰ বাবে এক ঐক্যবদ্ধ বাৰ্তা প্ৰদান কৰাত ব্যৰ্থ হৈছে ।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ গ্ৰীণফিল্ডে কয় যে ৰাছিয়াৰ প্ৰস্তাৱত হামাছৰ কোনো উল্লেখ নাই, হামাছে ইজৰাইলৰ নাগৰিক আৰু ইহুদীক ধ্বংস কৰাৰ উদ্দেশ্যেৰে আক্ৰমণ চলাইছিল । হামাছক নিন্দা নকৰি ৰাছিয়াই এই সন্ত্ৰাসবাদী সংগঠনটোক ৰক্ষণাবেক্ষণ দিছে ৷ তেওঁ কয় যে হামাছৰ আক্ৰমণৰ বাবেই গাজাত এই ভয়াৱহ মানৱীয় সংকটৰ সৃষ্টি হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে গাজাত চলি থকা হিংসাত্মক পৰিস্থিতিকো গৰিহণা দিয়ে যদিও সন্ত্ৰাসবাদী আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়াটো ইজৰাইলৰ অধিকাৰ বুলিও কয় । ব্ৰিটিছ ৰাষ্ট্ৰদূত বাৰ্বাৰা উডৱাৰ্ডে ৰাছিয়াৰ এই প্ৰস্তাৱক গৰিহণা দি কয় যে ইয়াৰ ইতিহাসত ইজৰাইলৰ ওপৰত হোৱা আটাইতকৈ নৃশংস আক্ৰমণক আওকাণ কৰা হৈছে ।
লগতে পঢ়ক: Biden on israel palestine conflict : বুধবাৰে ইজৰাইললৈ যাত্ৰা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন