ETV Bharat / international

UN on Israel vs Hamas war: হামাছৰ সমানে দোষী ইজৰাইল: ৰাষ্ট্ৰসংঘ

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:41 AM IST

পেলেস্তাইনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ৷ ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিছিয়ে আহ্বান কৰা গাজা সম্বন্ধীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ বাবে কায়ৰোত উপস্থিত থকা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে দখলীকৃত পেলেষ্টাইনলৈ ব্যাপক সাহায্য প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰস্তুতিৰ বিষয়ে বুজ লৈছে ।

UN on Israel vs Hamas war
হামাছৰ সমানে দোষী ইজৰাইল

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 অক্টোবৰ: পেলেষ্টাইনত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ ৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেয়েৰেছে বৃহস্পতিবাৰে গাজা ষ্ট্ৰিপত মানৱীয় প্ৰৱেশৰ বাবে আবেদন জনায় ৷ বিগত 7 অক্টোবৰৰ দিনা হামাছৰ আক্ৰমণৰ পিছত শেহতীয়াকৈ সংঘাতৰ তীব্ৰতা বৃদ্ধি পোৱাৰ পিছৰে পৰা ইজৰাইলী বাহিনীয়ে ঘেৰি ৰাখিছে সমগ্ৰ ভূ-খণ্ড ৷ যিয়ে বিধস্ত কৰি পেলাইছে সমগ্ৰ গাজা ষ্ট্ৰীপ । আনকি প্ৰতিশোধৰ জ্বালাত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে ইজৰাইলে ৷ যাৰ ফলত মৌলিক সামগ্ৰীসমূহৰ অভাৱতো ভুগিছে পেলেষ্টাইনীসকল ।

  • “I am in Egypt on a humanitarian mission and to witness UN preparations to deliver massive support to civilians in Gaza.

    Humanitarians need to be able to get the aid in - and they need to be able to distribute it safely.”

    @antonioguterres https://t.co/BBrae5cBu7

    — United Nations (@UN) October 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে ইজিপ্তৰ কায়ৰোত উপস্থিত আছে য’ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে পেলেষ্টাইনৰ দখলিকৃত অঞ্চলবোৰলৈ ব্যাপক সাহায্য প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰস্তুতি তদাৰক কৰিব ৷ ইয়াৰ লগতে গাজাৰ পৰিস্থিতি সন্দৰ্ভতো আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব বুলি জনায় । 17 অক্টোবৰত গাজাৰ আল-আহলী চিকিৎসালয়ত ইজৰাইলে চলোৱা আক্ৰমণৰ ঘটনাত 500 ৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিচতে মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

“প্ৰায় দুসপ্তাহ ধৰি গাজাৰ জনসাধাৰণে ইন্ধন, খাদ্য, পানী, ঔষধ, আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা বঞ্চিত হৈ আহিছে । যিয়ে ৰোগৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে মানুহৰ মৃত্যুৰ হৈছে " গুটেয়েৰেছে এইদৰে কয় । গুটেয়েৰেছে কয় যে বিপুল সংখ্যক মহিলা, শিশু, সাংবাদিক, স্বাস্থ্যকৰ্মী আৰু ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীকে ধৰি আন বহু লোকো সংঘাতত অসামৰিক লোকৰ সংখ্যা বৃদ্ধি পাইয়েই আছে ৷

গুটেয়েৰেছে কয় যে, "মই স্পষ্টকৈ কওঁ । 56 বছৰ ধৰি দখল কৰাৰ পিছত পেলেষ্টাইনী জনসাধাৰণৰ বৈধ আৰু গভীৰ অভিযোগ আছে । কিন্তু, সেই অভিযোগ যিমানেই গুৰুতৰ নহওক কিয়, তেওঁলোকে সন্ত্ৰাসবাদী আক্ৰমণক ন্যায্যতা প্ৰদান কৰিব নোৱাৰে ।"

লগতে হামাছৰ প্ৰতুত্তৰত ইজৰাইলে চলোৱা ধাৰাবাহিক গুলীবৰ্ষণ, আক্ৰমণৰ ঘটনাকো কোনো কাৰণে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি বুলি কয় ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ৷

গুটেয়েৰেছে সামগ্ৰিক পৰিস্থিতি নিয়ণ্ত্ৰণলৈ আনিবৰ বাবে পেলেস্তাইনক খাদ্য, পানী, ঔষধ আৰু ইন্ধনৰ প্ৰয়োজন বুলি কয় ৷ ইজিপ্তৰ এল আৰিছ বিমানবন্দৰ আৰু ৰাফাহ ক্ৰছিঙৰে যুদ্ধ বিধস্ত গাজালৈ সহায় আগবঢ়ায় আহিছে ৷ ৰাফাহ ক্ৰছিং একমাত্ৰ প্ৰৱেশ পথ যিয়ে গাজালৈ স্থলপথেৰে প্ৰৱেশৰ সুবিধা প্ৰদান কৰে ।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে গুটেয়েৰেছে । ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিছিয়ে আহ্বান কৰা গাজা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব গুটেয়েৰেছে ।

লগতে পঢ়ক: Canada India relationship : ভাৰত চৰকাৰৰ সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় নীতিৰ পৰিপন্থী বুলি সমালোচনা কানাডাৰ বৈদেশিক মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.