ETV Bharat / international

আমেৰিকাৰ দুগৰাকী নেভি চীল সন্ধানহীন

author img

By PTI

Published : Jan 14, 2024, 7:19 AM IST

হুথি বিদ্ৰোহীৰ বিৰুদ্ধে আমেৰিকাই নিৰন্তৰ অভিযান চলাই আছে । তেনে সময়তে আমেৰিকাৰ নৌসেনাৰ দুগৰাকী বিশেষ জোৱান সন্ধানহীন হৈ আছে (US Navy SEALs missing)। চোমালিয়াৰ উপকূলৰ পৰা সন্ধানহীন জোৱানকেইজন ।

US Navy SEALs missing
আমেৰিকাৰ দুগৰাকী নেভি চীল সন্ধানহীন

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : শেহতীয়াকৈ লোহিত সাগৰত এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । য়েমেন ভিত্তিক হুথি বিদ্ৰোহীয়ে একাংশ জাহাজত আক্ৰমণ কৰাৰ পাছতে আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰশক্তি অধিক কঠোৰ হৈছে । লগতে আমেৰিকা আৰু মিত্ৰশক্তিয়ে হুথিৰ বিৰুদ্ধে অভিযানো আৰম্ভ কৰিছে । ইতিমধ্যে হুথি বিদ্ৰোহীৰ বহু জাহাজত অভিযান চলাই আমেৰিকাই অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে ।

কিন্তু ইয়াৰ মাজতে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । বৃহস্পতিবাৰৰ নিশাৰ পৰা সন্ধানহীন আমেৰিকা নৌসেনা বাহিনীৰ দুগৰাকী বিশেষ জোৱান । আমেৰিকাৰ বিষয়াই জনোৱা মতে চোমালিয়াৰ উপকূলত নিশাৰ বৰ্ডিং মিছন চলাই থকা আমেৰিকাৰ দুগৰাকী নেভি চীল (Navy SEAL) সন্ধানহীন হৈ আছে । এই বিশেষ জোৱানসকল এক মধ্যৱৰ্তী অভিযান চলাই আছিল । তেওঁলোকে এখন জাহাজত উঠাৰ সময়তে এগৰাকী জোৱান তীব্ৰ ঢৌৰ কৱলত পৰে । তেওঁলোকৰ প্ৰটোকলৰ অধীনত, যেতিয়া এগৰাকী চীল বিফল হয় তেতিয়া পৰৱৰ্তী এজনে পানীত জাপ দিয়ে আৰু তেওঁক উদ্ধাৰৰ চেষ্টা কৰে ।

তেতিয়াৰে পৰা দুয়োগৰাকী চীলৰ সন্ধান পোৱা হোৱা নাই । তেওঁলোকে কাম কৰি থকা এডেন উপসাগৰত ইতিমধ্যে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে । শেহতীয়াকৈ আমেৰিকাৰ নৌসেনাই নিয়মীয়া আন্তঃসংযোগ অভিযান চলাই আছে য'ত তেওঁলোকে হুথি নিয়ন্ত্ৰিত য়েমেনলৈ যোৱা জাহাজৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে ।

কিন্তু এই সন্ধানহীনৰ ঘটনাটো লোহিত সাগৰত বাণিজ্যিক জাহাজসমূহক সুৰক্ষা প্ৰদান কৰাৰ বাবে চলি থকা আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় অভিযান অপাৰেচন প্ৰস্পেৰিটি গাৰ্ডিয়ান বা যোৱা দুদিন ধৰি আমেৰিকা আৰু ব্ৰিটেইনে য়েমেনত কৰা প্ৰতিশোধমূলক আক্ৰমণৰ সৈতে সম্পৰ্কিত নাছিল বুলি স্পষ্ট কৰিছে নৌসেনাৰ এগৰাকী বিষয়াই ।

উল্লেখ্য যে চীল হৈছে আমেৰিকা নৌসেনাৰ সাগৰ, বায়ু আৰু স্থল বাহিনী । যাক সাধাৰণতে নেভি চীল বুলি জনা যায় । ই আমেৰিকাৰ নৌসেনাৰ প্ৰাথমিক বিশেষ অভিযানকাৰী বাহিনী আৰু নৌ সেনাৰ বিশেষ যুদ্ধ কমাণ্ডৰ অন্যতম ।

লগতে পঢ়ক :য়েমেনত ইৰাণ সমৰ্থিত হুথিৰ বিৰুদ্ধে আমেৰিকা, ব্ৰিটিছ সেনাৰ প্ৰতিশোধমূলক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.