ETV Bharat / international

Turkiye Earthquake : তুৰস্ক-ছিৰিয়াত ভূমিকম্পত মৃত্যুৰ সংখ্যা ১০ হাজাৰলৈ বৃদ্ধি - Turkiyes disaster management agency

তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই কৈছে যে দেশখনৰ মৃত্যুৰ সংখ্যা ৬,৯৫৭-লৈ বৃদ্ধি পাইছে । যাৰ ফলত সোমবাৰে সংঘটিত ভূমিকম্পৰ পিছত চুবুৰীয়া ছিৰিয়াত হোৱা মৃত্যুকে ধৰি মুঠ নিহতৰ সংখ্যা ৯,৪৮৭ জনলৈ বৃদ্ধি পাইছে (Turkiye Syria quake death toll rises) ।

Turkyie
Turkyie
author img

By

Published : Feb 8, 2023, 6:32 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : তুৰস্ক আৰু ছিৰিয়াত এতিয়া চৌদিশে মৰিশালিৰ চেপা উত্তেজনা । শাৰী শাৰী মৃতদেহ আৰু ধ্বংসস্তূপৰ মাজত উদ্ধাৰকাৰী দলে আগবঢ়াই নিছে উদ্ধাৰকাৰ্য (deadliest in decades earthquake in Turkiye) । সোমবাৰৰ প্ৰলংকৰী ভূমিকম্পৰ পিছত তুৰস্ক আৰু ছিৰিয়াত এতিয়া হাজাৰ হাজাৰ অট্টালিকাৰ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হৈ আছে ইটোৰ পিছত সিটো মৃতদেহ । তাৰ মাজতে বুধবাৰে মৃত্যুৰ সংখ্যা ৯,৪০০ তকৈও অধিকলৈ বৃদ্ধি পাইছে (Turkiye Syria quake death toll rises) ।

যাৰ ফলত এই ভূমিকম্পটো এক দশকতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ ভয়ংকৰ ভূমিকম্প হিচাপে পৰিগণিত হৈছে । আনহাতে, তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা মতে (Turkiyes disaster management agency), দেশখনৰ মৃত্যুৰ সংখ্যা ৬,৯৫৭-লৈ বৃদ্ধি পাইছে । যাৰ ফলত সোমবাৰে সংঘটিত ভূমিকম্প আৰু তাৰ পিছতো উদ্ভৱ হোৱা জোকাৰণিৰ পিছত চুবুৰীয়া ৰাষ্ট্ৰ ছিৰিয়াত হোৱা মৃত্যুকে ধৰি মুঠ নিহতৰ সংখ্যা ৯,৪৮৭ জনলৈ বৃদ্ধি পাইছে ।

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, ছিৰিয়াৰ চৰকাৰৰ অধীনস্থ অঞ্চলসমূহত নিহতৰ সংখ্যা ১,২৫০-লৈ বৃদ্ধি পাইছে আৰু ২,০৫৪ জন আহত হৈছে । হোৱাইট হেলমেট নামেৰে জনাজাত স্বেচ্ছাসেৱক বাহিনীৰ মতে, বিদ্ৰোহীৰ দখলত থকা উত্তৰ-পশ্চিমত কমেও ১,২৮০ জন লোকৰ মৃত্যু হৈছে আৰু ২,৬০০-ৰো অধিক লোক আহত হৈছে । উল্লেখ্যে, এই ঘটনাই ২০১৫ চনত নেপালত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত নিহত হোৱা ৮,৮০০ জনৰ সংখ্যাকো অতিক্ৰম কৰিছে (Nepal earthquake in 2015) ।

ইফালে দুৰ্যোগ ক্ষেত্ৰলৈ চৰকাৰক অধিক সহায় প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱাৰ মাজতে ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানে বুধবাৰে ভূমিকম্পৰ কেন্দ্ৰস্থল পাজাৰ্চিক চহৰ আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত প্ৰদেশ হাটাই পৰিদৰ্শন কৰে । উল্লেখ্য, তুৰস্কত বৰ্তমান ভূমিকম্পবিধ্বস্ত অঞ্চলত প্ৰায় ৬০,০০০ সাহায্যকৰ্মী আছে । কিন্তু ধ্বংসলীলা ইমানেই ব্যাপক হৈছে যে বহুতে এতিয়াও সহায়ৰ বাবে অপেক্ষা কৰি আছে ।

নিৰাশাৰ মাজতো আশাৰ বতৰা যে দক্ষিণ-পূব তুৰস্ক আৰু উত্তৰ ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ প্ৰায় দুদিন পিছত উদ্ধাৰকাৰীসকলে ভূমিকম্পৰ কেন্দ্ৰস্থলৰ পৰা অলপ দূৰৈত থকা কাহৰমণমাৰাছ চহৰৰ এটা ধ্বংসস্তূপৰ তলৰ পৰা ৩ বছৰীয়া শিশু আৰিফ কানক উদ্ধাৰ কৰে । তেওঁৰ শৰীৰৰ তলৰ অংশটো কংক্ৰিট আৰু পাক খোৱা ৰিবাৰৰ শ্লেবৰ তলত আবদ্ধ হৈ আছিল । জৰুৰীকালীন কৰ্মচাৰীসকলে তেওঁক হিমশীতল তাপমাত্ৰাৰ পৰা সুৰক্ষিত কৰিবলৈ তেওঁৰ ওপৰত কম্বল এখন আঁৰি দিছিল । কিয়নো তেওঁলোকে সতৰ্কতাৰে তেওঁ আবদ্ধ হৈ থকা ধ্বংসাৱশেষ কাটি থাকোঁতে আন এটা ধ্বংসাৱশেষ আহি পৰাৰ সম্ভাৱনাৰ প্ৰতি সতৰ্ক হৈ আছিল ।

লগতে পঢ়ক :Terrorist Killed in Jammu Kashmir: বিগত পাঁচ বছৰত জম্মু-কাশ্মীৰত সহস্ৰাধিক সন্ত্ৰাসবাদী নিধন, 99 টা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.