ETV Bharat / international

Plane crash in Ukraine: মাজ আকাশত যুঁজাৰু বিমানৰ সংঘৰ্ষ; প্ৰাণ হেৰুৱালে 3 পাইলটে

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 7:14 AM IST

শুকুৰবাৰে ইউক্ৰেইনত শোকাৱহ বিমান দুৰ্ঘটনাত মৃত্যু ঘটে 3 জনকৈ পাইলটৰ ৷ প্ৰশিক্ষণৰত অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটো সন্দৰ্ভত বায়ু সেনাই আৰম্ভ কৰিছে তদন্ত ।

Three Ukrainian military pilots die in plane crash
শোকাৱহ বিমান দুৰ্ঘটনাত মৃত্যু 3 বৈমানিকৰ

নিউজ ডেস্ক, 27 আগষ্ট: ইউক্ৰেইনত শোকাৱহ বিমান দুৰ্ঘটনাত মৃত্যু 3 জনকৈ পাইলটৰ ৷ প্ৰশিক্ষণৰত অৱস্থাতে মাজ আকাশতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ৰাজধানী চহৰ কিয়ভৰ পৰা প্ৰায় 140 কিলোমিটাৰ পশ্চিমে অৱস্থিত জিট’মাইৰ চহৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা ।

ঘটনা সন্দৰ্ভত দেশখনৰ বায়ুসেনাই জনোৱা মতে, ঘটনাটোত নিহত হৈছে এগৰাকী পাইলট ৷ "জুচ" নামেৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক অসংখ্য সাক্ষাৎকাৰ দিয়াৰ পিছত জনসমাজত যথেষ্ট সমাদৃত হৈ পৰিছিল এইগৰাকী পাইলট । দুৰ্ঘটনাটো সন্দৰ্ভত শোক প্ৰকাশ কৰি টেলিগ্ৰাম এপত বায়ুসেনাই লিখিছে, ‘‘এয়া আমাৰ সকলোৰে বাবে এক যন্ত্ৰণাদায়ক আৰু অপূৰণীয় ক্ষতি ।’’

শনিবাৰে দেশখনৰ বায়ুসেনাৰ এক বিবৃতিযোগে কয় যে, মধ্য ইউক্ৰেইনত দুখন L-39 প্ৰশিক্ষক বিমানৰ মাজ আকাশত সংঘৰ্ষ হোৱাৰ ফলত তিনিজন পাইলটৰ মৃত্যু হৈছে । তিনিজন পাইলটৰ নিধন ইউক্ৰেইনৰ বাবে এক মোক্ষম আঘাত হিচাবে বিবেচিত হৈছে, যিয়ে পশ্চিমীয়া দেশে দান কৰা F-16 যুঁজাৰু বিমানত নিজৰ বায়ু সেনাক ক্ষিপ্ৰতাৰে প্ৰশিক্ষণ দিয়াৰ বাবে এক বৃহৎ প্ৰচেষ্টা হাতত ল’বলৈ ওলাইছিল ।

শুকুৰবাৰে ইউক্ৰেইনৰ ৰাজধানী কিয়ভৰ পশ্চিমে অৱস্থিত জিট’মিৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো । টেলিগ্ৰাম এপত বায়ুসেনাই শোক প্ৰকাশ কৰি লিখিছে, "আমি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । এয়া আমাৰ সকলোৰে বাবে এক যন্ত্ৰণাদায়ক আৰু অপূৰণীয় ক্ষতি ।"

বায়ুসেনাই জনোৱা মতে, ঘটনাটোত প্ৰাণ হেৰুওৱা এজন পাইলটে নিজকে "জুচ" নামেৰে পৰিচয় দি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক অসংখ্য সাক্ষাৎকাৰ দিয়াৰ পিছত সুপৰিচিত হৈ পৰিছিল । যোৱা বছৰ CNN সংবাদ সংস্থাৰ এণ্ডাৰছন কোপাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জুচে কয় যে, তেওঁ আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁৰ 'জুচ' পাইছিল । তেওঁ কয় যে, তেওঁৰ বন্ধুসকলে তেওঁক এই নামটো লৈছিল, কাৰণ তেওঁ মদ নাখায় আৰু ইয়াৰ পৰিৱৰ্তে সদায় ফলৰ ৰস তথা 'জুচ' বিচাৰিছিল । বিমান দুৰ্ঘটনাটো সন্দৰ্ভত বায়ু সেনাই আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: Criminals shot two prisoners in court premises: বিহাৰত দিন দুপৰতে আদালত চৌহদত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.