ETV Bharat / international

Texas Shooting : আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত নিহত ৮ জনকৈ লোক - Dallas shooting

আমেৰিকাৰ টেক্সাছ এলন প্ৰিমিয়াম আউলেটত গুলীচালনা । শ্বপিং মলৰ গ্ৰাহকক লক্ষ্য কৰি বন্দুকধাৰীৰ গুলীচালনা (Shooting in Texas)। ৮ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত । আৰক্ষীৰ গুলীত নিহত বন্দুকধাৰী ।

Texas Shooting
আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত নিহত ৮ জনকৈ লোক
author img

By

Published : May 7, 2023, 10:16 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰত বন্দুকধাৰীৰ সন্ত্ৰাস অব্যাহত আছে । শনিবাৰে পুনৰ টেক্সাছত নিৰীহ লোকলৈ গুলীচালনা বন্দুকধাৰীৰ । এটা আউটলেট মলত সংঘটিত হৈছে এই ঘটনা । মলটোত থকা প্ৰায় ৮ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে (8 killed in Texas Outlet shooting)। গুলীচালনা কৰাৰ সময়ত মলটোৰ গ্ৰাহক তথা কৰ্মচাৰীৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । শ শ লোকে মলৰ পৰা বাহিৰলৈ দৌৰি পলায়ন কৰে । ঘটনাটোৰ ফলত প্ৰায় ৭ গৰাকী লোক গুৰুতৰভাৱে আহত ।

ঘটনাটো টেক্সাছৰ এলনৰ ডালাছ উপনগৰৰ আউটলেট মলটোত বিয়লি প্ৰায় ৩.৪০ বজাত সংঘটিত হয় (Allen Premium Outlet shooting)। আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে গুলীচালনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় । য'ত আৰক্ষীয়ে কেইবাগৰাকী লোকক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰে । ভুক্তভোগীৰ ভিতৰত শিশুও আছিল বুলিও আৰক্ষীয়ে জনাইছে । এগৰাকী আৰক্ষী বিষয়া আৰু মলটোৰ নিৰাপত্তাৰক্ষীক মাটিত অচেতন হৈ পৰি থকা অৱস্থাত পোৱা গৈছিল । এলন আৰক্ষীয়ে এটা ফেচবুক পোষ্টত কোৱা মতে ৯ গৰাকী ভুক্তভোগীক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ।

ইফালে আৰক্ষীয়ে জনোৱা মতে এগৰাকী এলন আৰক্ষী বিষয়াই গুলীচালনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় (Dallas shooting)। বন্দুকধাৰীটোৰ সৈতে আৰক্ষী বিষয়াগৰাকীৰ সংঘৰ্ষ হয় । আৰক্ষীৰ গুলীত বন্দুকধাৰীটোৰ মৃত্যু হয় (Gunman dead in Texas)। লগে লগে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । বোমা বিশেষজ্ঞৰ দলৰ পৰা আৰম্ভ কৰি কেইবাটাও সংস্থাৰ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । মলৰ ভিতৰত আৰু বন্দুকধাৰী আছে নেকি তাৰ বাবেও অভিযান আৰম্ভ হৈছে ।

লক্ষণীয়ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত এই ধৰণৰ ঘটনা বৃদ্ধি পাইছে । চৰকাৰৰ বিষয়াসকলেও এই ঘটনাক লৈ শোকপ্ৰকাশ কৰাৰ লগতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাইছে । ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বন্দুকধাৰীয়ে কিয় এই আক্ৰমণ কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :Khalistan Commando Force : লাহোৰত নিহত খালিস্তান কমাণ্ডো বাহিনীৰ সন্ত্ৰাসবাদী পৰমজিৎ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.