ETV Bharat / international

Gunmen attack in Karachi : কৰাচীৰ আৰক্ষী সদৰ কাৰ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ - Jinnah Postgraduate Medical Centre

শ্বাৰেয়া ফৈজলত অৱস্থিত কৰাচী আৰক্ষী প্ৰধানৰ মুখ্য কাৰ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ । পাকিস্তানৰ চৰকাৰী সূত্ৰ অনুসৰি, আক্ৰমণকাৰীৰ সন্ধানত বৰ্তমান অভিযান চলি আছে (Gunmen attacked on Karachi police chief office) ।

Karachi
Karachi
author img

By

Published : Feb 17, 2023, 10:32 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : পাকিস্তানৰ কৰাচী আৰক্ষী প্ৰধানৰ মুখ্য কাৰ্যালয়ত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণ । শ্বাৰেয়া ফৈজলত অৱস্থিত এই কাৰ্যালয়টোত অচিনাক্ত বন্দুকধাৰীয়ে অতৰ্কিতে আক্ৰমণ চলায় (Gunmen attacked on Karachi police chief office) । সিন্ধু প্ৰদেশৰ এজন মুখপাত্ৰই জনোৱা মতে, প্ৰাৰম্ভিক অনুমান অনুসৰি আঠৰ পৰা দহজন "সশস্ত্ৰ সন্ত্ৰাসবাদী" এই আক্ৰমণৰ ঘটনাটোত জড়িত আছে (terrorists attacked on Karachi police chief office) ।

আৰক্ষী প্ৰধানৰ কাৰ্যালয়ৰ কাষত অৱস্থিত সদৰ আৰক্ষী থানাইও এক বিবৃতি জাৰি কৰি এই আক্ৰমণৰ ঘটনাৰ কথা প্ৰকাশ কৰিছে । "এছএইচঅ', পি আই খালিদ হুছেইন মেমনে জনাইছে যে, কৰাচী আৰক্ষী কাৰ্যালয়ৰ ওচৰৰ সদৰ আৰক্ষী থানাত অজ্ঞাত আততায়ীয়ে আক্ৰমণ চলাইছে । সকলো ঠাইতে গুলীচালনা চলি আছে (terrorist attacked in Karachi Pakistan) ।" বিবৃতিটোত কোৱা হৈছে । আনহাতে, আক্ৰমণস্থলীলৈ অতিৰিক্ত আৰক্ষীৰ দল আৰু ৰেঞ্জাৰসকলক মাতি অনা হৈছে ।

ৰেঞ্জাৰৰ মুখপাত্ৰজনে কয় যে, ইতিমধ্যে কুইক ৰেচপন্স ফ'ৰ্চ (Quick Response Force, QRF) ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰে । "আৰক্ষীৰ সৈতে ৰেঞ্জাৰসকলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।" মুখপাত্ৰজনে কয় । আনহাতে, আৰক্ষীৰ শল্য চিকিৎসক ডাঃ চুম্মাইয়া চৈয়দে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, এধি ফাউণ্ডেচনৰ এজন আঘাতপ্ৰাপ্ত কৰ্মচাৰীক চিকিৎসাৰ বাবে জিন্না স্নাতকোত্তৰ চিকিৎসা কেন্দ্ৰলৈ (Jinnah Postgraduate Medical Centre, JPMC) নিয়া হৈছে ।

সিন্ধৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে (Sindh Chief Minister Murad Ali Shah) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু সংশ্লিষ্ট ডিআইজিসকলক তেওঁলোকৰ অঞ্চলৰ পৰা আৰক্ষী কৰ্মী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে । "মই আশা কৰিছোঁ যে অতিৰিক্ত আইজিৰ কাৰ্যালয়ত হোৱা আক্ৰমণৰ আঁৰত থকা অপৰাধীসকলক গ্ৰেপ্তাৰ সোনকালে কৰা হ'ব ।" তেওঁ কয় যে আৰক্ষী প্ৰধানৰ কাৰ্যালয়ত হোৱা আক্ৰমণ যিকোনো মূল্যতে "গ্ৰহণযোগ্য নহয়" ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াৰ পৰা এই সন্দৰ্ভত এক প্ৰতিবেদন বিচাৰি কয় যে তেওঁ ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে । লগতে তেওঁ ৰেঞ্জাৰসকলক ঘটনাস্থলীত উপস্থিত হ'বলৈও নিৰ্দেশ দিয়ে । জিঅ' নিউজৰ সৈতে বাৰ্তালাপত সিন্ধ প্ৰদেশৰ তথ্য মন্ত্ৰী শ্বাৰ্জিল মেমনে কয় যে, আৰক্ষী আৰু ৰেঞ্জাৰৰ অতিৰিক্ত দল ইতিমধ্যে গৈ ঘটনাস্থলীত উপস্থিত হৈছে । (ANI)

লগতে পঢ়ক :Ranjit Bora Murder Case: আৰক্ষীৰ বেহুফালি হেণ্ডকাফ পিন্ধিয়েই পলাল শ্বাহ আলম; বিচাৰি ফুৰিছে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.