ইণ্টাৰনেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ: যুদ্ধবিধস্ত ছিৰিয়াত ড্ৰ’নেৰে আক্ৰমণ ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় চহৰ হোমছত সামৰিক স্নাতক ডিগ্ৰী প্ৰদানৰ এক অনুষ্ঠানত সংঘটিত হয় এই আক্ৰমণ ৷ ড্ৰ’ন আক্ৰমণৰ ফলত বৰ্তমানলৈ 100 জন নিহত আৰু 240 জন আহত হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । শেহতীয়া এই আক্ৰমণটো দেশখনৰ ওপৰত হোৱা অন্যতম এক আক্ৰমণ বুলি বিবেচিত হৈছে ।
স্বাস্থ্যমন্ত্ৰী হাছান আল-গাবাছে কয় যে নিহতসকলৰ ভিতৰত আছে ছয়টা শিশুকে ধৰি সাধাৰণ নাগৰিক আৰু সামৰিক জোৱান । আহতসকলৰ বহু লোকৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে । ইয়াৰ পূৰ্বে এক বিবৃতিত ছিৰিয়াৰ সেনাই কয় যে বিস্ফোৰক ভৰ্তি ড্ৰ’নে হোমছত সমাপ্ত হ’বলগীয়া অনুষ্ঠানটোক লক্ষ্য কৰি লৈছিল । ইয়াত কোনো বিশেষ গোটৰ নাম উল্লেখ নকৰাকৈয়ে পৰিচিত আন্তঃৰাষ্ট্ৰীয় বাহিনীৰ সমৰ্থিত বিদ্ৰোহীসকলৰ বিৰুদ্ধে এই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
ততাতৈয়াকৈ কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ নকৰে । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটিয়েৰেছে হোমছত ড্ৰ’ন আক্ৰমণৰ লগতে উত্তৰ-পশ্চিম ছিৰিয়াত প্ৰতিশোধমূলক গোলাবৰ্ষণৰ খবৰ পোৱাৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বুলি তেওঁৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে জনায় ।
সেনাই কোনো ধৰণৰ হতাহতিৰ সংখ্যা প্ৰদান কৰা নাই যদিও ছিৰিয়াৰ চৰকাৰী সংবাদ সূত্ৰত প্ৰকাশ পোৱা মতে, চৰকাৰে শুকুৰবাৰৰ পৰা তিনিদিনীয়া শোকৰ ঘোষণা কৰিছে । ব্ৰিটেইনস্থিত ছিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছ, বিৰোধীৰ যুদ্ধ নিৰীক্ষক আৰু চৰকাৰ সমৰ্থক শ্বাম এফ এম ৰেডিঅ’ ষ্টেচনে ইয়াৰ পূৰ্বে এই আক্ৰমণৰ বাতৰি দিছিল ।
কোনো বিশেষ গোটৰ নাম উল্লেখ নকৰাকৈয়ে পৰিচিত আন্তঃৰাষ্ট্ৰীয় বাহিনীৰ সমৰ্থিত বিদ্ৰোহীসকলক এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰি সামৰিক বাহিনীয়ে কয় যে গুৰুতৰভাৱে আহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে ।
2011 চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰপতি বাছাৰ আছাদ চৰকাৰৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদৰ জৰিয়তে ছিৰিয়াৰ সংকট আৰম্ভ হৈছিল যদিও চৰকাৰে প্ৰতিবাদকাৰীসকলৰ ওপৰত কৰা নিৰ্মম দমনৰ পিছত ই দ্ৰুতগতিত পূৰ্ণাংগ গৃহযুদ্ধলৈ ৰূপান্তৰিত হৈছিল । 2015 চনত ৰাছিয়াই ছিৰিয়াৰ লগতে ইৰাণ আৰু লেবাননৰ উগ্ৰপন্থী সংগঠন হিজবুল্লাহক গুৰুত্বপূৰ্ণ সামৰিক সমৰ্থন আগবঢ়োৱাৰ সময়ত বিদ্ৰোহী গোটৰ বিৰুদ্ধে আছাদৰ পক্ষত জোৱাৰ হৈছিল ।
এতিয়ালৈকে যুদ্ধৰ ফলত ডেৰ লাখ লোকৰ মৃত্যু হৈছে, লাখ লাখ লোক আহত হৈছে আৰু দেশৰ বহু অঞ্চল ধ্বংস হৈছে । ই ছিৰিয়াৰ যুদ্ধৰ পূৰ্বৰ 2.3 কোটি জনসংখ্যাৰ আধাক স্থানচ্যুত কৰিছে, য’ত 50 লাখতকৈ অধিক লোক ছিৰিয়াৰ বাহিৰত শৰণাৰ্থী ।