ETV Bharat / international

স্পেচএক্সেৰে মহাকাশত গৈ উপস্থিত ৰাছিয়ান আৰু আমেৰিকান মহিলা - NASA astronaut

এগৰাকী ৰাছিয়ান মহাকাশচাৰীয়ে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ যানেৰে গৈ বৃহস্পতিবাৰে তেওঁৰ নতুন ঘৰত উপস্থিত হয় (Russian cosmonaut to International Space Station) । তাত তেওঁ পাঁচ মাহ থাকিব । তেওঁৰ সৈতে এগৰাকী জাপানিজ মহাকাশচাৰী আৰু দুগৰাকী নাছাৰ প্ৰতিনিধি আছিল । লগতে আছিল মহাকাশলৈ যোৱা প্ৰথমগৰাকী স্থানীয় আমেৰিকান মহিলা ।

spaceX
spaceX
author img

By

Published : Oct 7, 2022, 1:04 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ৭ অক্টোবৰ : এগৰাকী ৰাছিয়ান মহাকাশচাৰীয়ে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ যানেৰে গৈ বৃহস্পতিবাৰে তেওঁৰ নতুন ঘৰত উপস্থিত হয় (Russian cosmonaut to International Space Station) । তাত তেওঁ পাঁচ মাহ থাকিব । তেওঁৰ সৈতে এগৰাকী জাপানিজ মহাকাশচাৰী আৰু দুগৰাকী নাছাৰ (NASA) প্ৰতিনিধি আছিল ।

লগতে আছিল মহাকাশলৈ যোৱা প্ৰথমগৰাকী স্থানীয় আমেৰিকান মহিলা । স্পেচএক্স কেপছুলটো (SpaceX capsule) তাক কক্ষপথলৈ উৎক্ষেপণ কৰাৰ এদিন পিছতে গৈ মহাকাশ ষ্টেচনত উপস্থিত হয়গৈ । এই উৎক্ষেপণ কাৰ্যসূচী আফ্ৰিকাৰ পশ্চিম উপকূলৰ পৰা ২৬০ মাইল (৪২০ কিলোমিটাৰ) ওপৰেৰে আটলাণ্টিকৰ পৰা কৰা হৈছিল ।

এগৰাকী ৰাছিয়ানে নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা যাত্ৰা কৰা এইটো ২০ বছৰৰ ভিতৰত প্ৰথমটো পৰিঘটনা । আনহাতে, ইউক্ৰেইনৰ যুদ্ধক লৈ হোৱা মতান্তৰ সত্ত্বেও এক নতুন চুক্তিৰ ফলত এই কাৰ্য সম্ভৱ হয় । মহাকাশচাৰী আন্না কিকিনাই ইতিমধ্যে কক্ষপথৰ চকীত দুজন ৰাছিয়ানৰ সৈতে যোগদান কৰিছে । একেটা স্পেচএক্স কেপছুলত পৃথিৱীলৈ উভতি অহাৰ পূৰ্বে তেওঁ মাৰ্চলৈকে ৰাছিয়াৰ দলত থাকি কাম কৰিব ।

মেৰিন কৰ্ণেল নিকোল মান, যি হৈছে কেলিফৰ্ণিয়াৰ ৰাউণ্ড ভেলী ইণ্ডিয়ান ট্ৰাইবছৰ ৱাইলাকিৰ সদস্য, নৌসেনাৰ কেপ্টেইন জছ কাচাডা আৰু জাপানৰ কইচি ৱাকাটা, তেওঁ ইতিমধ্যে পাঁচটা অভিযান চলাইছে আৰু গোটটোৰ একমাত্ৰ অভিজ্ঞ মহাকাশচাৰী । কেপছুলটো বন্ধ হোৱাৰ লগে লগে মহাকাশ কেন্দ্ৰৰ বাসিন্দাসকলে নতুন আগমনৰ প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকৰ বাংকবোৰ সাজু আছে আৰু বাহিৰৰ লাইটবোৰ জ্বলাই দিয়ে । কেপছুলটোৰ কমাণ্ডাৰ মানে উত্তৰ দিয়ে, আপোনালোক সৰ্বশ্ৰেষ্ঠ ।

মান আৰু তেওঁৰ ক্ৰিউসকলে তিনিজন আমেৰিকান আৰু এজন ইটালিয়ানৰ স্থান ল'ব । তেওঁলোক প্ৰায় আধা বছৰ তাত থকাৰ পিছত অহা সপ্তাহত তেওঁলোকৰ নিজৰ স্পেচএক্স কেপছুলেৰে উভতি আহিব । তেতিয়ালৈকে 11 জন লোকে কক্ষপথৰ পৰীক্ষাগাৰটোত থাকিব । নাছাৰ মহাকাশচাৰী (NASA astronaut) ফ্ৰেংক ৰুবিঅ' দুসপ্তাহ আগতে গৈ তাত উপস্থিত হৈছে । তেওঁ কাজাখস্তানৰ পৰা উৎক্ষেপণ কৰা চয়ুজ ৰকেটত উঠি তাত গৈ উপস্থিত হয় (Russian Space Agency) ।

উল্লেখ্য, তেওঁলোকে বিগত গ্ৰীষ্মকালত ষ্টেচনত সদায় এজন আমেৰিকান আৰু ৰাছিয়ান থকাৰ বাবে পৰিকল্পনাটোত সন্মত হয় । দুবছৰ আগতে এলন মাস্কৰ স্পেচএক্সে মহাকাশচাৰী উৎক্ষেপণ আৰম্ভ কৰালৈকে নাছাই প্ৰতিবাৰেই এজন মহাকাশচাৰীয়ে চয়ুজত উৰা মাৰিলে দহ মিলিয়ন ডলাৰকৈ খৰচ কৰিবলৈ বাধ্য হৈছিল । কিন্তু এতিয়া তাত শিথিলতা আহিছে ।

লগতে পঢ়ক :ফৰাচী লেখিকা এনি আৰন’লৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.