ETV Bharat / international

Johannesburg building fire : জোহান্সবাৰ্গৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 5:42 PM IST

জোহান্সবাৰ্গৰ এটা পাঁচমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত অট্টালিকাটো ধ্বংসস্তূপত পৰিণত হয় ।

Johannesburg building fire
Johannesburg building fire

ইণ্টাৰনেচনেল ডেস্ক, ৩১ আগষ্ট : দক্ষিণ আফ্ৰিকাৰ অন্যতম চহৰ জোহান্সবাৰ্গত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড । স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি বৃহস্পতিবাৰে প্ৰকাশ কৰা চিএনএনৰ বাতৰি অনুসৰি, জোহান্সবাৰ্গৰ এটা পাঁচমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত অট্টালিকাটো ধ্বংসস্তূপত পৰিণত হয় । তাত শতাধিক বাসস্থান আছিল ।

চহৰখনৰ জৰুৰীকালীন সেৱাৰ এজন মুখপাত্ৰ ৰবাৰ্ট মুলাউডজিৰ উদ্ধৃতি দি চিএনএনে প্ৰকাশ কৰিছে যে নিহতসকলৰ উপৰি আন ৫০ জনৰো অধিক লোক আহত হৈছে । উদ্ধাৰকাৰী বিষয়াসকলে জনোৱা মতে, জুই বৰ্তমান নিৰ্বাপিত হৈছে । কৰ্তৃপক্ষই জনোৱা মতে, তেওঁলোকে অট্টালিকাটোৰ বিভিন্ন মহলাত অনুসন্ধান চলাই আছে । কোনো লোক জীৱিত অৱস্থাত আবদ্ধ হৈ আছে নেকি তাৰ অনুসন্ধান কৰাৰ লগতে অগ্নিদগ্ধ মৃতদেহবোৰ উলিয়াই ৰাস্তাত ৰাখিছে ।

স্থানীয় সংবাদ মাধ্যমৰ উদ্ধৃতি দি চিএনএনে জনোৱা অনুসৰি, নিহসকলৰ ভিতৰত শিশুও থকা বুলি ধাৰণা কৰা হৈছে । ঘটনাস্থলীৰ ভিডিঅ'বোৰত দেখা গৈছে যে এটা অট্টালিকাটোৰ তলৰ মহলাত বৃহৎ জুইশিখা প্ৰত্যক্ষ কৰা গৈছে আৰু বাহিৰত বহুসংখ্যক লোক থিয় হৈ থকা দেখা গৈছে । বৃহস্পতিবাৰে পুৱাৰ ফটোবোৰত দেখা গৈছে যে প্ৰত্যক্ষদৰ্শীয়ে অসহায়ভাৱে অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি আছে । আনহাতে, ভঙা কাঁচৰ খিৰিকীৰে অট্টালিকাটোৰ চাৰিওফালে ভিতৰৰ পৰা জুইৰ লেলিহান শিখা বিয়পি পৰা দেখা গৈছে ।

অগ্নিকাণ্ডৰ কাৰণ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই । কিন্তু কৰ্তৃপক্ষই এই কথাৰো কোনো ইংগিত দিয়া নাই যে অগ্নিকাণ্ড ইচ্ছাকৃত আছিল নেকি । চিএনএনৰ তথ্য অনুসৰি, অট্টালিকাটোৰ ভিতৰত থকা বহু লোক শুই থকা অৱস্থাতে পুৱা নিশা প্ৰায় ১.৩০ বজাত (স্থানীয় সময় অনুসৰি) অগ্নিকাণ্ড সংঘটিত হয় । চেণ্ট্ৰেল জোহান্সবাৰ্গৰ এই অট্টালিকাটোত শতাধিক বসতি আছিল বুলি কৰ্তৃপক্ষই জনাইছে ।

আনহাতে, দিনটোৰ আৰম্ভণিতে চিটী অব জোহান্সবাৰ্গ ইমাৰ্জেন্সি মেনেজমেণ্ট ছাৰ্ভিচেজৰ মুখপাত্ৰ ৰবাৰ্ট মুলাউডজীয়ে এক্সত (পূৰ্বতে টুইটাৰ) পোষ্ট কৰে, "শেহতীয়া আপডেট অনুসৰি, ৫৮ টা মৃতদেহ উদ্ধাৰ হৈছে আৰু ৪৩ জন আহত হৈছে । এতিয়াও অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে ।"

লগতে পঢ়ক :Earthquake latest news: ইণ্ডোনেছিয়াত 7 প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি; আন্দামান সাগৰত 4.3 প্ৰাব্যলৰ ভূঁইকঁপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.