ETV Bharat / international

Crime in US : আলাবামাত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 10:22 AM IST

আমেৰিকাৰ আলাবামাত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ সংকটজনক অৱস্থাত দুজন গুলীৱিদ্ধ লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় । আনহাতে, আন দুজন আঘাতপ্ৰাপ্ত লোকে নিজাববীয়াকৈ চিকিৎসালয়লৈ যায় । চুৰি বাহনত সংঘটিত হয় এই অপৰাধ কাণ্ড ৷

stolen car on Interstate 59 in Alabama
আলাবামাত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 নৱেম্বৰ: চুৰি হোৱা বুলি অভিযোগ উত্থাপন হোৱা এখন গাড়ীৰ ভিতৰত উদ্ধাৰ কৰা হৈছে কেবাজনো আঘাতপ্ৰাপ্ত লোকক ৷ শুকুৰবাৰে সংঘটিত হৈছে এই কাণ্ডটো ৷ আমেৰিকাৰ আলাবামাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো ৷ চুৰি হোৱা বাহনখনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীওৱাৰ অভিযওগ উত্থাপিত হৈছে ৷ সংকটজনক অৱস্থাত দুজন গুলীৱিদ্ধ লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় । আনহাতে, আন দুজন আঘাতপ্ৰাপ্ত লোকে নিজাববীয়াকৈ চিকিৎসালয়লৈ যায় বুলি আৰক্ষীয়ে জনায় ।

আৰক্ষীয়ে জনোৱা মতে, আলাবামাৰ বাৰ্মিংহামত চুৰি হোৱা বুলি অভিযোগ উত্থাপন হোৱা গাড়ীখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই ৷ ইয়াৰ ফলত চাৰিজন লোক আহত হয়, ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি কয় আৰক্ষীয়ে জনায় । আৰক্ষীয়ে জনোৱা মতে, বিয়লি 4.30 বজাৰ কিছু সময়ৰ পিছতে দক্ষিণ দিশত থকা আন্তঃৰাজ্যিক 59 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 20 নং ষ্ট্ৰীট এনছলিৰ সমীপত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷

বিষয়া ট্ৰুমেন ফিটজেৰাল্ডে এক সংবাদমেলযোগে কয় যে এদল লোকে তেওঁলোকৰ চুৰি বাহনখন পথত প্ৰত্যক্ষ কৰি সেই বাহনখনক অনুসৰণ কৰি পিছে পিছে গতি লয় । অনুসৰণকাৰী লোকৰ গোটটোৱে চুৰি বাহনখনত থকা লোককেইজনৰ সৈতে মুখামুখি হোৱাৰ উদ্দেশ্যৰে বাহনখনৰ পিছ লৈছিল । অৱশেষত দুয়োটা গোটৰ মাজত গুলীচালনা হয় বুলি ফিটজেৰাল্ডে কয় ।

ফিটজেৰাল্ডে জনোৱা মতে, চুৰি হোৱা বুলি অভিযোগ উত্থাপন হোৱা গাড়ীখনৰ ভিতৰত থকা দুজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু আন দুজন লোক কম পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ আন কোনো লোক আহত হোৱা নাই বুলি কয় বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: UN Report on Palestinian Economy : পেলেষ্টাইনী অৰ্থনীতিৰ ভয়াৱহ অৱক্ষয়; ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.