ETV Bharat / international

Bangladesh bus accident: পুখুৰীত বাছ বাগৰি 17 জন লোকৰ মৃত্যু, আহত 35

author img

By

Published : Jul 23, 2023, 8:31 AM IST

Updated : Jul 23, 2023, 9:15 AM IST

ঢাকাত শোকাৱহ দুৰ্ঘটনাত শিশুসহ মৃত্যু 17 গৰাকীৰ ৷ যাত্ৰীবাহী এখন বাছ পুখুৰীত বাগৰি পৰাৰ ফলত সংঘটিত হয় বাছ দুৰ্ঘটনাটো ৷ চিকিৎসাধীন অৱস্থাত আছে আহত লোককেইজন ৷

Bangladesh bus accident
ঢাকাত শোকাৱহ দুৰ্ঘটনা

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 জুলাই : বাংলাদেশৰ ৰাজধানী ঢাকাত শোকাৱহ ঘটনা ৷ যাত্ৰী ভৰ্তি এখন বাছ পুখুৰীত বাগৰি পৰাৰ ফলত সংঘটিত হয় বাছ দুৰ্ঘটনাটো ৷ বাছ দুৰ্ঘটনাটোৰ ফলত শিশুসহ বৰ্তমানলৈকে 17 জন লোক নিহত হোৱাৰ লগতে 35 গৰাকী লোক আহত হোৱা বুলি জানিবলৈ পৰা গৈছে ৷ বাংলাদেশৰ ঝালাকাঠী সদৰ উপজিলাৰ অন্তৰ্গত ছাত্ৰকাণ্ড অঞ্চলত শনিবাৰে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

চালকৰ অসাৱধানতা তথা অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসাধীন অৱস্থাত থকা যাত্ৰীসকলে ৷ অত্যাধিক যাত্ৰী কঢ়িওৱাৰ বাবেই দেশখনৰ ছাত্ৰকাণ্ড অঞ্চলৰ পুখুৰীত বাছখন ডুব যায় বুলি জানিবলৈ দিয়ে যাত্ৰীসকলে ।

52 জনৰ ক্ষমতা থকাৰ বিপৰীতে 60 জনতকৈ অধিক যাত্ৰী কঢ়িয়াই অনা "বছাৰ স্মৃতি পৰিবহন"ৰ বৰিশাল অভিমুখী বাছখন পুৱা প্ৰায় 9:00 বজাত পিৰোজপুৰৰ ভাণ্ডাৰীয়াৰ পৰা ওলায় অহাৰ অলপ পিছতে বৰিশাল-খুলনা ঘাইপথৰ ছাত্ৰকাণ্ডৰ পথৰ কাষৰ পুখুৰীত বাগৰি পৰে ।

স্থানীয় সংবাদ সূত্ৰৰ পৰা জানিবলৈ পৰা মতে, বৰিশালৰ সংমণ্ডল আয়ুক্ত মোড শ্বাউকত আলীয়ে 17 জন লোকৰ থিতাতে মৃত্যু হৈছে বুলি নিশ্চিত কৰাৰ লগতে আৰু ঘটনাটোত আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি কয় । অধিকাংশই পিৰোজপুৰৰ ভাণ্ডাৰীয়া উপজিলা আৰু ঝলকাঠীৰ ৰাজাপুৰ অঞ্চলৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উল্লেখ কৰা প্ৰয়োজন যে, দেশখনত বাছ দুৰ্ঘটনা বৰ্তমান নিত্য নৈমত্তিক এক ঘটনাত পৰিণত হৈছে । ৰোড ছেফটি ফাউণ্ডেশ্যন (আৰ এছ এফ)ৰ তথ্য অনুসৰি কেৱল মাত্ৰ জুন মাহতে মুঠ 559 টা পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পৰা গৈছে । দুৰ্ঘটনাত 562 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 812 জন লোক আহত হয় ।

লগতে পঢ়ক : Himachal flood: হিমাচলত বানৰ তাণ্ডৱ ; ব্যাস নদীৰ পৰা উদ্ধাৰ 20 টা মৃতদেহ

Last Updated : Jul 23, 2023, 9:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.