ETV Bharat / international

US military operation against ISIS: চোমালিয়াত আমেৰিকা সেনাৰ হাতত নিহত ISISৰ জ্যেষ্ঠ নেতা

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিদেনৰ নিৰ্দেশত উত্তৰ চোমালিয়াত চলিছিল সন্ত্ৰাসবাদ বিৰোধী অভিযান (US military operation against ISIS in Somalia)। অভিযানত নিহত ISISৰ জ্যেষ্ঠ নেতা বিলাল-আল-সুদানীকে ধৰি কেইবাটাও সদস্য । বিশ্বজুৰি ISISৰ কাৰ্যকলাপ বৃদ্ধিৰ বাবে কাম কৰিছিল নেতাজনে ।

author img

By

Published : Jan 27, 2023, 10:01 AM IST

US military operation against ISIS
আমেৰিকা সেনাৰ হাতত নিহত ISISৰ জ্যেষ্ঠ নেতা

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ জানুৱাৰী : বিশ্বৰ ভিন্ন প্ৰান্তত ইছলামিক ষ্টেট (ISIS)ৰ লগতে বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপ অব্যাহত আছে । ইয়াৰ মাজতে উত্তৰ চোমালিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক সন্ত্ৰাসবাদ বিৰোধী অভিযান (US military operation against ISIS)। অভিযানত নিহত ইছলামিক ষ্টেট (ISIS)ৰ এজন জ্যেষ্ঠ নেতা । বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে এক বিবৃতি যোগে এই কথা নিশ্চিত কৰিছে ।

বিবৃতি অনুসৰি অভিযানটোত ISISৰ জ্যেষ্ঠ নেতা বিলাল-আল-সুদানী নিহত হয় (Senior ISIS leader killed in Somalia)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনৰ নিৰ্দেশত চলোৱা এই অভিযানত আন কেইবাজনো ISISৰ সদস্যক হত্যা কৰা হয় বুলি জানিব পৰা গৈছে । অৱশ্যে এই অভিযানত কোনো সাধাৰণ নাগৰিকৰ ক্ষতি হোৱা নাই ।

বিবৃতি অনুসৰি ২৫ জানুৱাৰীত ৰাষ্ট্ৰপতিৰ নিৰ্দেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে উত্তৰ চোমালিয়াত এই অভিযান চলাইছিল । য'ত কেইবাজনো ISISৰ সদস্য নিহত হৈছে । অভিযানত নিহত বিলাল-আল-সুদানী নামৰ লোকজন চোমালিয়াৰ এজন ISIS নেতা আৰু সংগঠনটোৰ বিশ্বজুৰি থকা নেটৱৰ্কৰ এক গুৰুত্বপূৰ্ণ সহায়ক বুলি জানিব পৰা গৈছে ।

আফ্ৰিকাত ISISৰ নেটৱৰ্ক বৃদ্ধি কৰা আৰু আফগানিস্তানকে ধৰি বিশ্বজুৰি সংগঠনটোৰ কাৰ্যকলাপ বৃদ্ধিৰ বাবে পুঁজি যোগান ধৰাৰ বাবে আল-সুদানীয়ে কাম কৰিছিল বুলি বিবৃতিত কোৱা হৈছে ।

ইফালে আমেৰিকাৰ এনে পদক্ষেপে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ অংশীদাৰসকলক সুৰক্ষিত কৰি ৰখাৰ লগতে ই আমেৰিকানসকলক দেশ আৰু বিদেশত সন্ত্ৰাসবাদৰ ভাবুকিৰ পৰা সুৰক্ষিত কৰাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে বুলিও কোৱা হৈছে । এই সফল সন্ত্ৰাসবাদ বিৰোধী অভিযানত জনসাধাৰণৰ সমৰ্থনৰ লগতে চোৰাংচোৱা আৰু অন্যান্য আন্তঃসংস্থা অংশীদাৰসকলৰ সহযোগিতাৰ বাবে তেওঁলোকৰ ওচৰত আমেৰিকা যুক্তৰাষ্ট্ৰ কৃতজ্ঞ বুলিও বিবৃতিত কোৱা হৈছে (US military operation in Somalia)।

এক আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি যোৱা বছৰৰ শেষৰ ফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়ে চিৰিয়াত এয়াৰষ্ট্ৰাইক চলাইছিল (US military airstrike in Syria)। য'ত ISISৰ দুজনকৈ জ্যেষ্ঠ সদস্যৰ মৃত্যু হৈছিল । লক্ষণীয়ভাৱে, বৰ্তমানলৈ চোমালিয়াত সামৰিক অভিযানে কেৱল আল-চাবাবৰ যুঁজাৰুসকলৰ প্ৰতি গুৰুত্ব দিছে, যাক অঞ্চলটোৰ প্ৰভাৱশালী উগ্ৰপন্থী সংগঠন বুলি কোৱা হয় ।

এগৰাকী বিষয়াৰ মতে, আমেৰিকাৰ সেনাৰ অভিযান নিহত আল-সুদানীক ২০১২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰৰ তৰফৰ পৰা আল-চাবাবৰ দৰে বিদেশী যুঁজাৰুসকলৰ প্ৰশিক্ষণ শিবিৰলৈ যোৱাৰ লগতে আৰু পুঁজি যোগান ধৰাৰ অভিযোগত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

লগতে পঢ়ক :Nepal Plane Crash : নেপালৰ দুৰ্ঘটনাত পতিত বিমানৰ ব্লেক বক্স প্ৰেৰণ কৰিব ছিংগাপুৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.