ETV Bharat / international

Russia Comes Under Pressure at UN : বিশ্বজুৰি খাদ্য সংকটক লৈ ৰাষ্ট্ৰসংঘত চাপৰ সন্মুখীন ৰাছিয়া - global food crisis

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলে ইউক্ৰেইনৰ বন্দৰসমূহ আক্ৰমণ কৰা আৰু বন্দৰৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ বাবে মস্কোক সমালোচনা কৰিছে । অসামৰিক আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ আন্তৰ্জাতিক মানৱীয় আইনৰ উলংঘন বুলিও উল্লেখ কৰিছে ।

Russia Comes Under Pressure at UN
Russia Comes Under Pressure at UN
author img

By

Published : Jul 22, 2023, 10:32 AM IST

ইণ্টাৰনেচনেল ডেস্ক, ২২ জুলাই : শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াই ইয়াৰ সহযোগী চীন আৰু উন্নয়নশীল দেশসমূহৰ লগতে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ পৰা বিশ্বজুৰি খাদ্য সংকট প্ৰতিহত কৰিবলৈ আৰু ইউক্ৰেইনৰ শস্য ৰপ্তানি দ্ৰুততাৰে পুনৰুজ্জীৱিত কৰিবলৈ চাপৰ সন্মুখীন হয়।

ৰাষ্ট্ৰসংঘ আৰু নিৰাপত্তা পৰিষদৰ সদস্যসকলে বহু বছৰ পুৰণি শস্য চুক্তিৰ পৰা আঁতৰি আহি ইউক্ৰেইনৰ বন্দৰসমূহত আক্ৰমণ কৰা আৰু বন্দৰৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ বাবেও মস্কোক সমালোচনা কৰে । লগতে অসামৰিক আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ আন্তৰ্জাতিক মানৱীয় আইনৰ উলংঘন বুলি উল্লেখ কৰে ।

উল্লেখ্য, ৰাছিয়াই কৃষ্ণ সাগৰৰ বিস্তৃত অঞ্চলসমূহ জাহাজ চলাচলৰ বাবে বিপজ্জনক বুলি ঘোষণা কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি দিছিল যে সাগৰত সংঘটিত যিকোনো সামৰিক ঘটনাৰ 'ভয়ানক পৰিণাম' হ'ব পাৰে ।

ৰাছিয়াই কৈছে যে তেওঁলোকে কৃষ্ণ সাগৰৰ দ্বাৰা শস্য সৰবৰাহ স্থগিত ৰাখিছে, কিয়নো ৰাষ্ট্ৰসংঘই ইয়াৰ খাদ্য আৰু সাৰ বিশ্ববজাৰলৈ প্ৰেৰণ কৰাত বাধা অতিক্ৰম কৰাত ব্যৰ্থ হৈছে । ক্ৰেমলিনে লগতে কৈছে যে যদি বেঙ্কিং ব্যৱস্থাকে ধৰি অন্যান্য বাধা-নিষেধবোৰ আঁতৰোৱাৰ ক্ষেত্ৰত অগ্ৰগতি হয় তেন্তে তেওঁলোকে ইউক্ৰেইনলৈ পুনৰ শস্য জাহাজ চলাচল আৰম্ভ কৰাৰ কথা বিবেচনা কৰিব ।

চীনৰ ৰাষ্ট্ৰসংঘৰ উপ-ৰাষ্ট্ৰদূত গেং চুয়াঙে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছৰ ইউক্ৰেইনৰ শস্য আৰু ৰাছিয়াৰ খাদ্য আৰু সাৰ দুয়োটাই বিশ্ববজাৰলৈ যোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে । তেওঁ আশা ব্যক্ত কৰে যে ৰাছিয়া আৰু ৰাষ্ট্ৰসংঘই 'আন্তৰ্জাতিক খাদ্য সুৰক্ষা বাহাল ৰখা আৰু বিশেষকৈ উন্নয়নশীল দেশসমূহৰ খাদ্য সংকট দূৰ কৰাৰ' স্বাৰ্থত দুয়োখন দেশৰ পৰা ৰপ্তানি পুনৰ আৰম্ভ কৰিবলৈ একেলগে কাম কৰিব ।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীণফিল্ডে ৰাছিয়াক কৃষ্ণ সাগৰক 'ব্লেকমেইল' হিচাপে ব্যৱহাৰ কৰা আৰু ৰাজনৈতিক খেল খেলি থকাৰ অভিযোগ উত্থাপন কৰে আৰু মস্কোৱে অধিক মূল্যত পূৰ্বতকৈ অধিক শস্য ৰপ্তানিৰ কথাটো আঙুলিয়াই দিয়ে । তেওঁ নিৰাপত্তা পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনায় আৰু ৰাছিয়াক সৎ বিশ্বাসেৰে আলোচনা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনায় ।

ইয়াৰ উপৰি কেইবাখনো উন্নয়নশীল দেশেও ইউক্ৰেইনৰ শস্য ৰপ্তানিৰ কৰ্তনৰ প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰি দিয়ে, যাৰ ফলত ইতিমধ্যে ঘেঁহুৰ মূল্য বৃদ্ধি পাইছে ।

লগতে পঢ়ক :BRICS Summit in Johannesburg : পুটিনক গ্ৰেপ্তাৰ কৰাটো যুদ্ধ ঘোষণাৰ দৰে হ'ব; দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.