ETV Bharat / international

Grammy Award: ভাৰতীয় সংগীত সুৰকাৰ ৰিকি কেজে লাভ কৰিছে তৃতীয়টো গ্ৰেমী বঁটা - who is Ricky Kej

ভাৰতীয় সংগীত সুৰকাৰ ৰিকি কেজে তৃতীয়টো গ্ৰেমী বঁটা লাভ কৰিছে । "এইমাত্ৰ মোৰ তৃতীয় গ্ৰেমী বঁটা লাভ কৰিছো । অত্যন্ত কৃতজ্ঞ, বাকৰুদ্ধ হৈ পৰিছো ! মই এই বঁটা ভাৰতক উৎসৰ্গা কৰিছো", ৰিকি কেজে টুইট কৰে এইদৰে ৷

Ricky Kej
ৰিকি কেজে তৃতীয়টো গ্ৰেমী বঁটা লাভ কৰিছে
author img

By

Published : Feb 6, 2023, 11:30 AM IST

চিটাৰা ডেস্ক, 6 ফেব্ৰুৱাৰী : বেংগালুৰুৰ বাহিৰত বাস কৰা সংগীত সুৰকাৰ ৰিকি কেজে ‘ডিভাইন টাইডছ’ এলবামৰ বাবে তৃতীয়টো গ্ৰেমী বঁটা লাভ কৰিছে (Ricky Kej) । আমেৰিকাত জন্মগ্ৰহণ কৰা সংগীতজ্ঞগৰাকীয়ে এই বঁটাটো আইকনিক ব্ৰিটিছ ৰক বেণ্ড দ্য পুলিছৰ ড্ৰামবাদক ষ্টুৱেৰ্ট ক’পলেণ্ডৰ সৈতে শ্বেয়াৰ কৰিছে, যিয়ে কেজৰ সৈতে সহযোগিতা কৰি এই এলবামটোত কাম কৰিছিল (Indian music composer Ricky Kej news today)।

65 সংখ্যক বাৰ্ষিক গ্ৰেমী বঁটাত এই যুটিয়ে শ্ৰেষ্ঠ ইমাৰ্চিভ অডিঅ’ এলবাম বিজয়ী শাখাত গ্ৰাম’ফোন ট্ৰফী লাভ কৰে । যোৱা বছৰ একেটা এলবামৰ বাবেই তেওঁলোকে শ্ৰেষ্ঠ নতুন যুগৰ এলবাম শাখাত গ্ৰেমী বঁটা লাভ কৰিছিল (who is Ricky Kej) ।

গ্ৰেমীৰ আঁৰৰ সংস্থা ৰেকৰ্ডিং একাডেমীয়ে ইয়াৰ অফিচিয়েল টুইটাৰ পেজত ঘোষণা কৰে যে, "কনগ্ৰেটছ বেষ্ট ইমাৰ্চিভ অডিঅ' এলবাম বিজয়ী - 'ডিভাইন টাইডছ' এৰিক শ্বিলিং, ইমাৰ্চিভ মিক্স ইঞ্জিনিয়াৰ; @copelandmusic, @rickykej & হাৰ্বাৰ্ট ৱাল্টল, ইমাৰ্চিভ প্ৰযোজক (ষ্টুৱেৰ্ট ক'পলেণ্ড আৰু ৰিকি কেজ) #GRAMMYs" ।

এই শিতানৰ আন মনোনীত ব্যক্তিসকল আছিল: ক্ৰীষ্টিনা এগুইলেৰা ('এগুইলেৰা'), দ্য চেইনছমোকাৰছ ('মেম'ৰিজ... ড'নট অ'পেন), জেন ইৰাব্লুম ('পিকচাৰিং দ্য ইনভিজিবল- ফ'কাচ 1) আৰু নিডাৰ'ছড'মেন্স জেণ্টেক'ৰ এণ্ড ট্ৰণ্ডেহাইমছ'লিষ্টেন ('টুভাহ্যুন - বিটিটুডছ for a Wounded World') ।

'ডিভাইন টাইডছ' হৈছে নটাকৈ গীত থকা এলবাম যাৰ উদ্দেশ্য হৈছে এই বাৰ্তা প্ৰদান কৰা যে "প্ৰতিটো ব্যক্তিগত জীৱনে সকলোকে সমানে সেৱা আগবঢ়োৱা ভাৰসাম্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে"।

কেজে 2015 চনত 'উইণ্ডছ অৱ চামছাৰা' ৰ বাবে শ্ৰেষ্ঠ নতুন যুগৰ এলবাম শাখাত প্ৰথমটো গ্ৰেমী বঁটাৰে ভাৰতবাসীক গৌৰাৱান্বিত কৰিছিল । দ্য পুলিচৰ সৈতে কৰা কামৰ অংশ হিচাপে ক'পলেণ্ডে পাঁচটা গ্ৰেমী বঁটা লাভ কৰিছে । সহযোগী হিচাপে কেজক লৈ এইটো তেওঁৰ দ্বিতীয়টো বঁটা । পিটিআই (PTI)

লগতে পঢ়ক : Murder Mystery 2 ট্ৰেইলাৰত মনীষ মালহোত্ৰা লেহেংগাত জেনিফাৰ এনিষ্টন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.