ETV Bharat / international

ভাৰতীয় নৌসেনাক মৃত্যুদণ্ডৰ ৰায়, ভাৰতৰ আবেদন গ্ৰহণ কাটাৰ আদালতৰ

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 2:59 PM IST

কাটাৰ আদালতে যোৱা অক্টোবৰত ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়াৰ বিৰুদ্ধ মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল । সেই ৰায়ৰ বিৰুদ্ধে ভাৰত চৰকাৰে আদালতত আবেদন দাখিল কৰিছিল । আদালতে ভাৰতৰ এই আবেদনখন গ্ৰহণ কৰিছে ।

Qatar court accepts the appeal of India
ভাৰতৰ আবেদন গ্ৰহণ কাটাৰ আদালতৰ

নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ : ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়াক প্ৰদান কৰা মৃত্যুদণ্ডৰ ৰায়ৰ বিৰুদ্ধে ভাৰত চৰকাৰে দাখিল কৰা আবেদন গ্ৰহণ কৰিছে কাটাৰ আদালতে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আদালতে আবেদনখন অধ্যয়ন কৰি আছে । এই সন্দৰ্ভত পৰৱৰ্তী শুনানি শীঘ্ৰে হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰতৰ ৮ গৰাকী প্ৰাক্তন নৌসেনা বিষয়াৰ বিৰুদ্ধে কাটাৰত মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছিল । ইজৰাইলৰ বাবে চোৰাংচোৱা কৰাৰ অভিযোগত প্ৰাক্তন বিষয়াগৰাকীৰ বিৰুদ্ধে আদালতে এই ৰায় প্ৰদান কৰিছিল । লগে লগে এই বিষয়টোৱে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । প্ৰাক্তন নৌসেনা কেইগৰাকীৰ পৰিয়ালে এই ক্ষেত্ৰত চৰকাৰৰ সহযোগিতাৰ অনুৰোধ জনাইছিল । তাৰ পাছতে আদালতৰ ৰায়ৰ বিৰুদ্ধে ভাৰত চৰকাৰে আদালতত আবেদন জনাইছিল ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে কয় যে এই সিদ্ধান্তটো এক গোপনীয় বিষয় । প্ৰাথমিকভাৱে আদালতে যি ৰায় দিছে সেয়া আইনী দলৰ সৈতে শ্বেয়াৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে । মন্ত্ৰালয়ৰ মতে সকলো আইনী বিকল্প বিবেচনা কৰি আবেদন দাখিল কৰা হৈছে । আনহাতে বিভাগে কাটাৰ প্ৰশাসনৰ সৈতে যোগাযোগত আছে বুলিও উল্লেখ কৰা হৈছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে ভাৰতে বিষয়টো সন্দৰ্ভত কাটাৰৰ প্ৰশাসনৰ সৈতে আলোচনা কৰি আছে । চৰকাৰে প্ৰাক্তন নৌসেনা বিষয়াসকলক সকলো আইনী আৰু কনচুলাৰৰ সহায় আগবঢ়োৱা অব্যাহত ৰাখিব ।

উল্লেখ্য যে ২০২২ চনৰ আগষ্ট মাহত কাটাৰে ইজৰাইলৰ বাবে চোৰাংচোৱা কৰাৰ সন্দেহত ভাৰতীয় নৌসেনাৰ ৮ গৰাকী প্ৰাক্তন বিষয়াক আটক কৰে । তেওঁলোক মধ্য প্ৰাচ্যৰ এটা কোম্পানীত নিযুক্ত আছিল । দোহাৰ পৰা কাটাৰৰ চোৰাংচোৱা সংস্থাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল । ইতিমধ্যে কাটাৰৰ কৰ্তৃপক্ষই নৌসেনাৰ প্ৰাক্তন বিষয়াসকলৰ জামিনৰ আবেদন কেইবাবাৰো নাকচ কৰিছে । যোৱা অক্টোবৰত কাটাৰৰ প্ৰাথমিক আদালতে তেওঁলোকৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল ।

লগতে পঢ়ক :Qatar court death sentences Indian Navy officer : কাটাৰত ভাৰতীয় নৌসেনা বিষয়াক মৃত্যুদণ্ড, ভুক্তভোগী পৰিয়ালক জয়শংকৰৰ সাক্ষাৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.