ETV Bharat / international

Violence in Greece: জনতাৰ প্ৰতিবাদত জ্বলিছে গ্ৰীচ - Violence in Greece

গ্ৰীচৰ দ্বিতীয় বৃহত্তম চহৰ থেছালোনিকিত সোমবাৰে পুৱাৰ ভাগত এজন ১৬ বছৰীয়া কিশোৰে পেট্ৰ’ল পাম্পত বাহনত ইন্ধন ভৰাই পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে গুলীচলনা কৰে (Boy tried to run away) ৷ ফলত কিশোৰজনে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Boy shot in head) ৷ এই ঘটনাৰ পিছতে ৰাইজে সাব্যস্ত কৰিছে হিংসাত্মক প্ৰতিবাদ ৷

Violence in Greece
জনতাৰ প্ৰতিবাদত জ্বলিছে গ্ৰীচ
author img

By

Published : Dec 6, 2022, 7:11 AM IST

Updated : Dec 6, 2022, 7:46 AM IST

নিউজ ডেস্ক, 6 ডিচেম্বৰ: ৰাইজৰ প্ৰতিবাদত জ্বলিছে গ্ৰীচৰ দ্বিতীয় বৃহত্তম চহৰ থেছালোনিকি (Angry protests in Greek city) ৷ উল্লেখ্য যে, থেছালোনিকিত এগৰাকী ৰোমা কিশোৰৰ ওপৰত সোমাবাৰে আৰক্ষীয়ে গুলীচালন কৰাৰ পিছতে চহৰখনত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতি (Violent in Greece second largest city) ৷ এই ঘটনাৰ বিৰোধিতাৰে জনতাই সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ ৷ ইয়াৰ পৰিপ্ৰেক্ষিটত অচল হৈ পৰিছে চহৰখন ৷

ঘটনা অনুসৰি সোমবাৰে পুৱাৰ ভাগত এজন ১৬ বছৰীয়া কিশোৰে বাহনত পেট্ৰ’ল পাম্পত ইন্ধন ভৰাই পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে গুলীচলনা কৰে (Boy tried to run away) ৷ ফলত কিশোৰজনে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Boy shot in head) ৷

আৰক্ষীয়ে সদৰি কৰা তথ্য অনুসৰি কিশোৰজনক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰাৰ সময়তে তেওঁ ট্ৰাকেৰে খুন্দিয়াই কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতি সাধন কৰিছিল ৷ ফলত গুলীচালনা কৰিবলৈ বাধ্য হ’ল আৰক্ষী ৷ ইয়াৰ পিছতেই গুলীবিদ্ধ কিশোৰজনক আৰক্ষীয়ে লৈ যায় চিকিৎসালয়লৈ ৷

এই ঘটনাক কেন্দ্ৰ কৰিয়েই চহৰখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ কিশোৰজন চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ বাহিৰত শ শ লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰতিবাদী জনতাই ক্ষতিসাধন কৰাৰ লগতে আৰক্ষীলৈ নিক্ষেপ কৰে শিলগুটি আৰু পেট্ৰ’ল বোমা ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদী জনতালৈ নিক্ষেপ কৰে কন্দুৱা গেছ ৷

ঘটনাকলৈ পৰিস্থিতি হিংসাত্মক হৈ পৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় গুলীচলনা কৰা আৰক্ষী বিষয়াগৰাকীক (Police officer arrested) ৷ আজি আদালতত হাজিৰ কৰা হ’ব অভিযুক্ত আৰক্ষী বিষয়াগৰাকীক ৷

উল্লেখ্য যে, 2021 চনত গ্ৰীচত সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ আৰক্ষীৰ গুলীত প্ৰাণ গৈছিল এগৰাকী ৰোমা যুৱকৰ ৷ সেই ঘটনাৰ পিছতেই প্ৰায় সপ্তাহজুৰি সমগ্ৰ গ্ৰীচত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ৷ আনহাতে, 2008 চনতো এগৰাকী গ্ৰীক কিশোৰক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছত গ্ৰীচৰ বহু কেইখন চহৰত কেইবা সপ্তাহধৰি সৃষ্টি হৈছিল হিংসাত্মক প্ৰতিবাদ ৷

সোমবাৰে সংঘটিত হোৱা ঘটনাৰ পিছতেই প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষী সষ্টম হৈ আছে যদিও বৰ্তমানেও বিৰাজ কৰি আছে উত্তেজনা ৷

লগতে পঢ়ক: জে বি কলেজৰ ৰেগিংকাণ্ডত জড়িত ৯ জনক গ্ৰেপ্তাৰ

Last Updated : Dec 6, 2022, 7:46 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.