ETV Bharat / international

Peru political crisis: পেৰুত উন্মত্ত প্ৰতিবাদকাৰীয়ে জীৱন্তে জ্বলালে এজন টহলদাৰী আৰক্ষীক - Pedro Castillo arrested

পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোক বহিষ্কাৰ কৰাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ বৃদ্ধি পাইছে ৷ বৰ্তমানলৈকে নিহতৰ সংখ্যা ৪৭ জন হৈছে (Peru political crisis Death toll)। কাষ্টিলোক বৰ্খাস্ত কৰাৰ পিছত ডিচেম্বৰৰ আৰম্ভণিৰে পৰা প্ৰতিবাদ আৰম্ভ হৈছিল (Peru political crisis) ।

Peru political crisis
প্ৰতিবাদকাৰীয়ে জীৱন্তে জ্বলালে আৰক্ষীক
author img

By

Published : Jan 11, 2023, 9:00 PM IST

Updated : Jan 11, 2023, 9:25 PM IST

নিউজ ডেস্ক, 11 জানুৱাৰী: পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোক বহিষ্কাৰ কৰাৰ পৰিপ্ৰেক্ষিতত হোৱা প্ৰতিবাদত মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি পাইছে (Peru political crisis Death toll) ৷ তাৰ পাচতেই পেৰুৰ পুনো অঞ্চলত প্ৰতিবাদকাৰীসকলে টহলৰ দায়িত্বত থকা এজন আৰক্ষী বিষয়াক আক্ৰমণ কৰি জ্বলাই হত্যা কৰে বুলি কৰ্তৃপক্ষই মঙলবাৰে জনায় । আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, ২৯ বছৰীয়া জছে লুইচ চংকো কুইস্পেয়ে সোমবাৰে নিশা বলিভিয়া আৰু টিটিকাকা হ্ৰদৰ সীমান্তৰ ওচৰৰ চহৰ জুলিয়াকাত এজন সহকৰ্মী বিষয়াৰ সৈতে টহল দি আছিল ৷ তেতিয়াই তেওঁলোকক উন্মত্ত জনতাৰ এটা দলে আক্ৰমণ কৰে ৷ প্ৰতিবাদকাৰী দলটো ইমানেই উগ্ৰ হৈ পৰিল যে, আৰক্ষীৰ বাহনত তেওঁলোকে অগ্নিসংযোগ কৰে ৷ ফলত অগ্নিদগ্ধ হৈ মৃত্যু ঘটে জছে লুইচৰ (Policeman burnt to death in Peru) ৷

প্ৰতিবেদন অনুসৰি, টহলদাৰী আৰক্ষীৰ গাড়ীখনত চংকোৰ সৈতে থকা ৰোনাল্ড ভিলাচাণ্টে টকে কয় যে, প্ৰায় ৩৫০ জন প্ৰতিবাদকাৰীয়ে আগুৰি ধৰি তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল । মাৰপিট কৰাৰ পিছত মূৰত অধিক আঘাত পোৱাৰ ভিলাচাণ্টেক লিমাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । ভিলাচাণ্টে কয় যে, তেওঁৰ লগৰীয়াজনৰ সৈতে কি ঘটিছে তাৰ বিষয়ে তেওঁ অজ্ঞাত আছিল (Anti government unrest in Peru) ।

প্ৰধানমন্ত্ৰী এলবাৰ্টো অ’টাৰোলাই কংগ্ৰেছৰ(সংসদ) এক অধিৱেশনত চংকোৰ মৃত্যু নিশ্চিত কৰি কয় যে, প্ৰতিবাদকাৰীসকলে লোকসকলক আক্ৰমণ কৰিছিল । তেওঁ কয়, ‘‘আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল আৰু দেখিছিল যে এজন বিষয়াক মাৰপিট কৰা হৈছিল আৰু বান্ধি ৰখা হৈছিল ৷ আনজন লুইচ চংকো কুইস্পেয়ে দুৰ্ভাগ্যবশতঃ মৃত্যুবৰণ কৰিছিল । তেওঁক তেওঁৰ টহলদাৰী গাড়ীখনৰ সৈতে জীৱিত অৱস্থাতে জ্বলাই দিয়া হৈছিল’’ (Peru political crisis) ৷

অ’টাৰোলাই নিশা ৮ বজাৰ পৰা পুৱা 4 বজালৈ পুনোত তিনিদিনীয়া কাৰ্ফিউ ঘোষণা কৰে । নিহত সকলৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰৰ দিনটোত শোক দিৱস পালনৰ বাবে আহ্বান জনায় । পেৰুৰ ন্যায়াধীশৰ কাৰ্যালয়ে জনোৱা মতে, কাষ্টিলোক পদৰ পৰা বৰ্খাস্ত কৰাৰ পিছত ডিচেম্বৰৰ আৰম্ভণিতে প্ৰতিবাদ আৰম্ভ হোৱাৰ পৰা আৰক্ষীৰ সৈতে সংঘৰ্ষত ৩৯ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে ৷ যান-বাহন দুৰ্ঘটনাত আন সাতজনৰ মৃত্যু হোৱাৰ লগতে কালি আৰক্ষী বিষয়াজনৰ মৃত্যু হৈছে (Pedro Castillo arrested) ।

জুলিয়াকাত সোমবাৰে ১৭ জন লোকৰ হত্যাৰ পিছত আৰক্ষী বিষয়াজনৰ মৃত্যু হৈছিল ৷ দেশৰ অৱহেলিত গ্ৰাম্য অঞ্চলসমূহত এতিয়াও কাষ্টিলোৰ প্ৰতি অনুগত হৈ থকা লোকসকলে প্ৰতিবাদ পুনৰ আৰম্ভ কৰিছিল । কাষ্টিলোৰ অপসাৰণ আৰু গ্ৰেপ্তাৰৰ পিছত অস্থিৰতা আৰম্ভ হৈছিল ৷ কংগ্ৰেছ ভংগ আৰু তেওঁৰ নিজৰ বিৰুদ্ধে থকা মহাভিযোগ উফৰোৱাৰ বাবে কৰা নিন্দনীয় প্ৰচেষ্টাৰ পাচত কাষ্টিলোক গ্ৰেপ্তাৰ কৰা হয় ৷

কাষ্টিলোৰ উত্তৰাধিকাৰী তেওঁৰ প্ৰাক্তন ৰানিং মেট ডিনা বলুয়াৰ্টে ২০২৬ চনৰ প্ৰথম ভাগত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি আৰু কংগ্ৰেছৰ নিৰ্বাচন ২০২৪ চনৰলৈ আগুৱাই অনাৰ পৰিকল্পনাক সমৰ্থন কৰিছে । কিন্তু এনে পদক্ষেপে এতিয়ালৈকে এই অশান্তি দমন কৰাত ব্যৰ্থ হৈছে ৷ যিটো বৰদিন আৰু নৱবৰ্ষৰ বন্ধৰ আশে-পাশে অলপ শাম কটাৰ পিছত পেৰুৰ কিছুমান দৰিদ্ৰ অঞ্চলত বলপূৰ্বকভাৱে পুনৰ আৰম্ভ কৰা হৈছে ৷ কাষ্টিলোৰ অগতানুগতিক শাসনৰ প্ৰতি সমৰ্থন আটাইতকৈ শক্তিশালী এইবোৰ অঞ্চলত ।

ৰাষ্ট্ৰপতিৰ প্ৰাসাদলৈ যোৱাৰ আগতে কাষ্টিলো এণ্ডিয়ানৰ এটা দুমহলীয়া ঘৰত বাস কৰা এজন নৱাগত ৰাজনৈতিক আছিল ৷ ২০২১ চনৰ নিৰ্বাচনত কাষ্টিলোৱে কাণে কাণ মাৰি জয় লাভ কৰিছিল, যিয়ে পেৰুৰ ৰাজনৈতিক মহলক জোঁকাৰি গৈছিল ৷ ৰাজধানী লিমা আৰু দীৰ্ঘদিনধৰি অৱহেলিত গ্ৰাম্যাঞ্চলৰ বাসিন্দাসকলৰ মাজত গভীৰ বিভাজনৰ সৃষ্টি কৰিছিল কাষ্টিলোৰ বিজয়ে ।

লগতে পঢ়ক: Earthquake in Indonesia: পুৱতি নিশা অহা ভূমিকম্পত ইণ্ডোনেছিয়াত বৃহৎ ক্ষতি

Last Updated : Jan 11, 2023, 9:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.