ETV Bharat / international

US raises concern over Chinese aircraft activities : চীনা যুদ্ধবিমানৰ কাৰ্যকলাপক লৈ চিন্তিত আমেৰিকা - Chinese aircraft activities

চীনৰ সম্ভাব্য আক্ৰমণৰ বাবে বহু বছৰ পূৰ্বৰে পৰা আমেৰিকাই টাইৱানক সতৰ্ক কৰি দি আহিছে । এইবাৰ চীনা বিমানে আমেৰিকাৰ যুদ্ধবিমান অৱৰোধ কৰাৰ ভিডিঅ' মুকলি কৰিছে । লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক সতৰ্ক কৰি দিছে ।

US raises concern over Chinese aircraft activities
চীনা যুদ্ধবিমানৰ কাৰ্যকলাপক লৈ শংকিত আমেৰিকা
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 12:00 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ অক্টোবৰ : আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে চীনা বায়ু সেনাৰ বৰ্ধিত কাৰ্যকলাপক লৈ উদ্বেগ প্ৰকাশ কৰিছে । চীনা বিমানৰ দ্বাৰা আমেৰিকাৰ যুদ্ধবিমানৰ ১৮০ তকৈও অধিক অৱৰোধ বা ইণ্টাৰেচেপ্টৰ কিছুমান ভিডিঅ' ফুটেজ মুকলি কৰিছে । আমেৰিকাৰ সামৰিক বিষয়াসকলে দাবী কৰা মতে যোৱা দশকত হোৱা মুঠ ইণ্টাৰেচেপ্টৰ পৰিমাণতকৈ ই অধিক । এই ফটো আৰু ভিডিঅ'বোৰে চীনা সেনাৰ শক্তি ভাৰত-প্ৰশান্ত মহাসাগৰ ক্ষেত্ৰৰ বাবে নিৰাপত্তাৰ ভাবুকি সৃষ্টি কৰিব বুলিও আমেৰিকাই আশংকা কৰিছে ।

আমেৰিকাই বহু বছৰ ধৰি টাইৱানক লৈ চীনৰ সৈতে সম্ভাৱ্য সংঘৰ্ষৰ বাবে সাজু হ'বলৈ চেষ্টা কৰি আহিছে । আনকি আমেৰিকাই ইউৰোপত ইউক্ৰেইন আৰু মধ্য প্ৰাচ্যত ইজৰাইলৰ দৰে দুখন গুৰুত্বপূৰ্ণ যুদ্ধত মিত্ৰশক্তিক সমৰ্থন কৰাও দেখা গৈছে ।

আমেৰিকাৰ ইণ্ডো-পেচিফিক কমাণ্ডৰ মুৰব্বী এডমিৰেল জন এককুইলিনোৱে মঙলবাৰে এক সংবাদমেলত কয় যে ইজৰাইলক সমৰ্থন কৰিবলৈ আমেৰিকাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ আৰু এম্ফিবিয়াছ জাহাজৰ সংখ্যা বৃদ্ধি কৰাৰ পাছত বা ইউক্ৰেইনত প্ৰায় ২০ মাহৰ যুদ্ধৰ পাছতো আমেৰিকাৰ জাহাজ, বিমান আৰু সামৰিক গোটৰ ক্ষেত্ৰত কোনো সমস্যা হোৱা নাই ।

তেওঁৰ মতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ প্ৰতি আমেৰিকাৰ প্ৰতিশ্ৰুতি আৰু অঞ্চলটোত প্ৰতিৰোধ শক্তিশালী কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে । আমেৰিকাই সেয়া অব্যাহত ৰাখিব বুলিও আশ্বাস দিছে । একাংশ বিষয়াৰ মতে ফটো আৰু ভিডিঅ'ত দেখা ধৰণে চীনা বিমানবোৰ বিপদজনক আৰু আক্ৰমণাত্মক প্ৰকৃতিৰ আছিল । কিন্তু তাৰ বেছিভাগক আটাইতকৈ ভয়ংকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় বুলিও উল্লেখ কৰা হৈছে । তথাপিও বিষয়াসকলে কৈছে যে ফুটেজটো মুকলি কৰা আৰু এই আচৰণৰ বিষয়ে কোৱাটো গুৰুত্বপূৰ্ণ কিয়নো চীন আঞ্চলিক ভাবুকিৰ এক বৃহত্তৰ প্ৰৱণতাৰ অংশ যি দুৰ্ঘটনাক্ৰমে সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে ।

ইণ্ডো-পেচিফিক নিৰাপত্তা বিষয়ৰ সহকাৰী প্ৰতিৰক্ষা সচিব ইলী ৰাটনাৰে কয় যে তেওঁলোকে মুকলি কৰা এই সকলোবোৰ উদাহৰণে বিশেষকৈ আন্তৰ্জাতিক আকাশসীমাত চীনৰ আচৰণ বা বলপূৰ্বক অভিপ্ৰায়ক চিহ্নিত কৰিছে । তেওঁৰ মতে মূল কথাটো হ'ল যে বহুক্ষেত্ৰত এই ধৰণৰ কাৰ্যকৰী আচৰণে সক্ৰিয় আৰু বিপদজনক দুৰ্ঘটনা ঘটাব পাৰে আৰু অজানিতে সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে ।

লগতে পঢ়ক :US marine warships move toward Mediterranean : ভূমধ্য সাগৰত আমেৰিকাৰ যুদ্ধজাহাজ মোতায়েন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.