ETV Bharat / international

বিমানৰ ভিতৰত উদ্ভণ্ডালি: যাত্ৰীক ব্লেকলিষ্টেড পাক এয়াৰলাইনছৰ - Passenger creating ruckus mid air

পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে আজৱ ঘটনা ৷ বিমানখনৰ ভিতৰত এজন যাত্ৰীয়ে হঠাতে আসনত খোঁচ মাৰিবলৈ আৰম্ভ কৰাৰ লগতে বিমানখনৰ খিৰিকীখন ভগাৰ উদ্দেশ্যে বলপূৰ্বকভাৱে গোৰ মাৰে (Passenger creating ruckus mid air) ৷

Passenger blacklisted by Pak airlines after creating ruckus mid-air
বিমানৰ ভিতৰত যাত্ৰীৰ উদ্ভণ্ডালি
author img

By

Published : Sep 19, 2022, 1:30 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ: সাধাৰণতে এজন যাত্ৰীয়ে বিমানেৰে যাওঁতে বিভিন্ন ধৰণৰ নীতি-নিয়ম পালন কৰিব লাগে ৷ কিন্তু যেতিয়া যাত্ৰীয়ে ওভতগোৰে নাচে তেতিয়া বিমানৰ পাইলটেও ত্ৰাহি মধূসোদন সুঁৱৰিব লাগে (Passenger blacklisted by Pak airlines)৷

পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে আজৱ ঘটনা ৷ যোৱা 14 ছেপ্টেম্বৰত পাকিস্তানৰ পেছোৱাৰ পৰা ডুবাই অভিমুখে আহি থকা পিআইএৰ পিকে-২৮৩ বিমানখনত বিমানৰ ভিতৰতেই যাত্ৰীৰ উদ্ভণ্ডালিয়ে কৰে (Passenger creating ruckus mid air)৷

বিমানখনৰ ভিতৰত এজন যাত্ৰীয়ে হঠাতে আসনত খোঁচ মাৰিবলৈ আৰম্ভ কৰাৰ লগতে বিমানখনৰ খিৰিকী ভগাৰ উদ্দেশ্যে বলপূৰ্বকভাৱে গোৰ মাৰে ৷ তেওঁৰ এই কাৰ্য দেখি বিমানখনৰ কৰ্তৃপক্ষই আহি লোকজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁতে ওলোটাই বাক-বিতণ্ডাত লিপ্ত হয় ৷ ইয়োৰপৰি যাত্ৰীজনে নিজৰ ছিটটো ফালি পেলোৱাৰ লগতে বিমানখনৰ মাজৰ অংশত তলমূৰ হৈ শুই দিয়ে ৷

উপায়ন্তৰ হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিমান সেৱকসকলে তেওঁক বুজাবলৈ আহোঁতেই কাজিয়া কৰিবলৈ আৰম্ভ কৰে ৷ অৱশেষত বিমান কৰ্তৃপক্ষই লোকজনক আসনত বান্ধি ৰাখিবলৈ বাধ্য হয় ৷

বিমান কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি বিমানখনৰ কেপ্টেইনজনে ডুবাইৰ এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ কৰি ঘটনাৰ কথা অৱগত কৰিছিল ৷ পৰৱৰ্তী সময়ত ডুবাই বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ পিছতেই যাত্ৰীজনক নিৰাপত্তাৰক্ষী বিষয়াসকলে জিম্মাত লয় (passenger into custody by security officials)৷ সম্প্ৰতি যাত্ৰীজনক এয়াৰলাইনছে আগন্তুক সময়ত ভ্ৰমণ কৰিব নোৱাৰাকৈ ব্লেকলিষ্ট কৰে ৷

লগতে পঢ়ক: ৩ লাখ টকাৰ ঋণ বিচৰা অটো চালকৰ হাতলৈ হঠাৎ আহিল 25 কোটি টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.