ETV Bharat / international

Palestinian Islamic Jihad Targets Jerusalem : জেৰুজালেমত পেলেষ্টাইনী ইছলামিক জিহাদৰ ৰকেট আক্ৰমণ - PJI rocket attack in Jerusalem

পেলেষ্টাইন ইছলামিক জিহাদে শুকুৰবাৰে নিজৰ অধিকাৰত থকা পশ্চিম তীৰৰ জেৰুজালেম, তেল আভিভ আৰু ইজৰাইলী বসতিস্থানত ৰকেট নিক্ষেপ কৰে । চিএনএনৰ বাতৰিত এই কথা প্ৰকাশ (Palestinian Islamic Jihad Targets Jerusalem) ।

Palestinian Islamic Jihad Targets Jerusalem

author img

By

Published : May 13, 2023, 4:54 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ মে' : অঞ্চলটোত হিংসাত্মক ঘটনা বৃদ্ধি পোৱা আৰু গাজাত কমেও ৩৩ জন পেলেষ্টাইনী আৰু এজন ইজৰাইলী লোকৰ মৃত্যুৰ মাজতে পেলেষ্টাইন ইছলামিক জিহাদে (Palestinian Islamic Jihad, PIJ) শুকুৰবাৰে নিজৰ অধিকাৰত থকা পশ্চিম তীৰৰ জেৰুজালেম, তেল আভিভ আৰু ইজৰাইলী বসতিস্থানসমূহত ৰকেট নিক্ষেপ কৰে বুলি চিএনএনৰ বাতৰিত প্ৰকাশ (PJI rocket attack in Jerusalem) ।

উল্লেখ্য, সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে ইছলামিক জিহাদে জেৰুজালেমক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ কৰিছে (Islamic Jihad targeted Jerusalem) । সীমান্তৰ সিপাৰৰ পৰা চলি থকা গুলীচালনাৰ মাজতে বিশেষকৈ গাজা ষ্ট্ৰিপৰ কাষত, অঞ্চলটোত যথেষ্ট পৰিমাণৰ ৰক্তক্ষয় হৈছে । আনহাতে, জেৰুজালেমতো বিস্ফোৰণৰ শব্দ শুনা গৈছে ।

শনিবাৰে ইজৰাইলী সেনাই কয় যে তেওঁলোকে নিশাটোৰ ভিতৰতে গাজা ষ্ট্ৰিপত আক্ৰমণ আৰম্ভ কৰে । চিএনএনৰ প্ৰতিবেদন মতে, ইজৰাইলী সেনাই আক্ৰমণ কৰা স্থানত ইছলামিক জিহাদৰ জ্যেষ্ঠ কমাণ্ডাৰসকলৰ দুটা কমাণ্ড চেণ্টাৰ আছে । আনহাতে, টাইমছ অব ইজৰাইলৰ বাতৰি অনুসৰি, গাজা ষ্ট্ৰিপত ইজৰাইলৰ বিমান আক্ৰমণত শুকুৰবাৰে এজন জ্যেষ্ঠ পেলেষ্টাইনী ইছলামিক জিহাদৰ সদস্য নিহত হয় । চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত শেহতীয়া পৰ্যায়ৰ শত্ৰুতাৰ পিছত এইটো ষষ্ঠ ঘটনা ।

গাজা চহৰৰ ওচৰত হোৱা আক্ৰমণত ইয়াদ আল-হাছানী আৰু আন এজন ব্যক্তি নিহত হয় । এক যুটীয়া বিবৃতিত ইজৰাইল প্ৰতিৰক্ষা বাহিনী আৰু শিন বেট নিৰাপত্তা সংস্থাই কয় যে আল-হাছানি গোটটোৰ সামৰিক পৰিষদৰ এজন শীৰ্ষ বিষয়া এই অভিযানৰ দায়িত্বত আছিল ।

টাইমছ অব ইজৰাইলৰ বাতৰি অনুসৰি, শেহতীয়া দিনবোৰত তেওঁ উত্তৰ গাজাত ইছলামিক জিহাদৰ মুৰব্বী খলিল বাহতিনিৰ স্থানত অভিষিক্ত লৈছিল । তেওঁ মঙলবাৰে পুৱা ইজৰাইলৰ আক্ৰমণত নিহত হয় । হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, এটা এপাৰ্টমেণ্টৰ ওপৰৰ মহলাক লক্ষ্য কৰি কৰা বিমান আক্ৰমণত আন পাঁচজন লোক আহত হয় ।

লগতে পঢ়ক :Israeli Palestinian conflict : গাজাত পেলেষ্টাইনৰ উগ্ৰপন্থীৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.