ETV Bharat / international

Toshakhana corruption case : টোছাখানা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হ’ল ইমৰাণ খান

author img

By

Published : May 11, 2023, 8:01 AM IST

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক মঙলবাৰে দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় । বুধবাৰে পাকিস্তানৰ আদালতে তেওঁক টোছাখানা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰে (Toshakhana graft case) । ইয়াৰ উপৰিও দুৰ্নীতি বিৰোধী নিয়ন্ত্ৰকগৰাকীয়ে ইছলামবাগৰ বিশেষ আদালতৰ পৰা ইমৰাণক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে অনুৰোধ জনাইছিল ৷ কিন্তু আদালতে তেওঁক 8 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে(Pakistani court indicts Imran Khan in Toshakhana corruption case) ৷

Pakistani court indicts Imran Khan in Toshakhana corruption case
টোছাখানা দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ ইমৰাণ খান

ইন্টাৰনেশ্যনেল ডেস্ক, 11 মে’ : বুধবাৰে পাকিস্তানৰ আদালতে ইমৰাণ খানক টোছাখানা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰে (Pakistani court indicts Imran Khan in Toshakhana corruption case)৷ মাত্ৰ এদিন পূৰ্বে অৰ্থাৎ 9 মে’ তাৰিখে গ্ৰেপ্তাৰ কৰা হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৷ ইছলামবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা মঙলবাৰে অৰ্ধসামৰিক বাহিনীয়ে গ্ৰেপ্তাৰ কৰে খান (70) ক । প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত টোছাখানাৰ পৰা দামী ঘড়ীকে ধৰি বহু সামগ্ৰী ক্ৰয় কৰি ব্যক্তিগত লাভৰ বাবে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল খানৰ বিৰুদ্ধে (Toshakhana graft case)।

ইয়াৰ মাজতে দুৰ্নীতি বিৰোধী এগৰাকী বিষয়াই ইমৰাণক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে অনুৰোধ জনাইছিল, যদিও তেওঁক 8 দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে আদালতে । আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক বুধবাৰে ৰাজধানী ইছলামবাদৰ বিশেষ আদালতত হাজিৰ কৰা হয় (Imran Khan Arrested)। ইছলামবাদ উচ্চ ন্যায়ালয়ত দুৰ্নীতিৰ গোচৰৰ শুনানিৰ বাবে উপস্থিত থকাৰ সময়তে মঙলবাৰে ৰাষ্ট্ৰীয় জবাবদিহিতা ব্যুৰোৰ নিৰ্দেশত ইমৰাণক গ্ৰেপ্তাৰ কৰে অৰ্ধসামৰিক বাহিনীয়ে ।

প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ (70)ক গ্ৰেপ্তাৰ কৰাৰ পিচতে তেওঁৰ দলৰ সমৰ্থকে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । ইছলামাবাদৰ ছেক্টৰ এইচ-11/1 এলেকাত অৱস্থিত পুলিচ লাইন মুখ্য কাৰ্যালয় কমপ্লেক্সৰ নিউ পুলিচ গেষ্ট হাউছক ইমৰাণৰ বিৰুদ্ধে দুটা গোচৰৰ শুনানিৰ উদ্দেশ্যে বিশেষ আদালত কমপ্লেক্স হিচাপে ঘোষণা কৰা হয় । ইয়াৰে প্ৰথমটো আল-কাদিৰ ট্ৰাষ্টৰ সৈতে জড়িত, যিয়ে পাকিস্তানৰ ৰাজকোষত 50 বিলিয়ন ডলাৰতকৈ অধিক লোকচানৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে ।

এই গোচৰতে ইমৰাণক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় । তাৰ পাচত বুধবাৰে ন্যায়াধীশ মহম্মদ বছিৰৰ সভাপতিত্বত বিশেষ জবাবদিহিতা আদালতত হাজিৰ কৰোৱা হয় । ন্যায়াধীশ বছিৰ সেইগৰাকী ন্যায়াধীশ যিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু তেওঁৰ কন্যা মৰিয়ামক লণ্ডনৰ এটা সম্পত্তিৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল । কিন্তু পিচত ইছলামবাদ উচ্চ ন্যায়ালয়ে তেওঁক দোষমুক্ত কৰে যদিও আদালতত হাজিৰ নোহোৱাৰ বাবে নৱাজৰ গোচৰ এতিয়াও উপ ন্যায়াধীশৰ অধীনত আছে ।

ইফালে বুধবাৰে শুনানিৰ আৰম্ভণিতে নেবৰ অধিবক্তাই ইমৰাণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে তেওঁলোকক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিবলৈ আদালতক অনুৰোধ জনায় । অৱশ্যে ইমৰাণৰ অধিবক্তাই নেবৰ আবেদনৰ বিৰোধিতা কৰি তেওঁৰ ক্লায়েণ্টক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনায় । লগতে তেওঁ ইমৰাণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা আৰু ষড়যন্ত্ৰমূলক বুলি দাবী কৰে ।

উল্লেখ্য যে, 1974 চনত প্ৰতিষ্ঠা হৈছিল টোছাখানা । এই বিভাগটো কেবিনেট সংমণ্ডলৰ প্ৰশাসনিক নিয়ন্ত্ৰণলৈ আহে । আন দেশৰ চৰকাৰৰ মুৰব্বী আৰু বিদেশী গণ্যমান্য ব্যক্তিৰ পৰা শাসক, সংসদ সদস্য, আমোলা আৰু বিষয়াসকলে লাভ কৰা দামী উপহাৰ টোছাখানাত ৰখা হয় । বুধবাৰে পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ সভাপতিৰ বিৰুদ্ধে আদালতে টোছাখানা গোচৰত অভিযোগ উত্থাপন কৰে । খানক জিলা আৰু অধিবেশন আদালতত হাজিৰ কৰা হয়, য’ত ন্যায়াধীশ হুমায়ুন দিলাৱাৰে গোচৰৰ শুনানি গ্ৰহণ কৰে ।

লগতে পঢ়ক : Imran Khan Arrested : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.