ETV Bharat / international

Imran Khan case update: নিষিদ্ধ হ’ব ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফ ?

author img

By

Published : Mar 19, 2023, 9:34 PM IST

Updated : Mar 19, 2023, 9:59 PM IST

পাকিস্তানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফক (Tehreek E Insaf) নিষিদ্ধ ঘোষণা কৰাৰ পৰিকল্পনা ৷ দলটোক নিষিদ্ধ ঘোষণা কৰিবলৈ আইনজ্ঞসকলৰ সৈতে আলোচনাত মিলিত হৈছে গৃহমন্ত্ৰী ছানাউল্লাহ ৷ শনিবাৰে ইমৰান খানৰ বাসগৃহৰ পৰা অস্ত্ৰ আৰু পেট্ৰ’ল বোমা উদ্ধাৰ কৰা বুলি দাবী আৰক্ষীৰ ৷

Imran Khan case update
নিষিদ্ধ হ’ব ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফ ?

নেশ্যনেল ডেস্ক, 19 মাৰ্চ: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফক নিষিদ্ধ ঘোষণা কৰাৰ কুচকাৱাজ ৷ এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে বিশেষজ্ঞসকলৰ সৈতে আলোচনাত মিলিত হৈছে দেশখনৰ গৃহমন্ত্ৰী ছানাউল্লাহ ৷ আৰক্ষীয়ে ইমৰান খানৰ বাসগৃহত অভিযান চলাই অস্ত্ৰ আৰু পেট্ৰ’ল বোমা জব্দ কৰা বুলি দাবী কৰাৰ পাচতেই এই সংগঠনটোক নিষিদ্ধ ঘোষণা কৰাৰ বাবে আলোচনাত বহিছে গৃহবিভাগ (Imran Kahn party to be banned) ৷

উল্লেখ্য যে, এক গোচৰৰ শুনানিৰ বাবে ইমৰান খানে লাহোৰৰ পৰা ইছলামাবাদত উপস্থিত হোৱাৰ পাচতেই ইমৰান খানৰ জামান পাৰ্কস্থিত বাসগৃহত অভিযান চলাইছিল প্ৰায় সহস্ত্ৰাধিক আৰক্ষীৰ এটা দলে ৷ এই অভিযানত ইমৰান খানৰ কেইবাগৰাকীও সমৰ্থকক আটক কৰাৰ লগতে ইমৰান খানৰ বাসগৃহৰ পৰা অস্ত্ৰ আৰু পেট্ৰ’ল বোমা উদ্ধাৰ কৰা বুলি দাবী কৰে আৰক্ষীয়ে (Weapon recovered from Imran Khan house) ৷

পাকিস্তানী সংবাদপত্ৰ ‘ডন’ত প্ৰকাশিত বাতৰি অনুসৰি শনিবাৰে দেশখনৰ গৃহমন্ত্ৰী ছানাউল্লাহে ইমৰান খানৰ তেহৰিক-ই-ইনচাফক নিষিদ্ধ ঘোষণা কৰিব পাৰি নে নোৱাৰি সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণৰ বাবে আইনজ্ঞসকলৰ সৈতে এক আলোচনাত বহে ৷ অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই (Tehreek E Insaf to be banned) ৷

ইমৰান খানৰ বাসগৃহত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছিল বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে পাকিস্তানৰ গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইফালে, পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও ইমৰান খানৰ দলটো এটা সন্ত্ৰাসবাদী সংগঠন বুলি সহমত প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, কোনো এক সংগঠনক নিষিদ্ধ ঘোষণা কৰাটো এক আইনী প্ৰক্ৰিয়া বুলি মন্তব্য কৰি সবিশেষ আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱা হ’ব বুলি মন্তব্য গৃহমন্ত্ৰী ছানাউল্লাহৰ ৷ আনহাতে ইমৰান খানে তেওঁৰ অনুপস্থিতিত বাসগৃহত অভিযান চলোৱা কাৰ্যক লৈ প্ৰকাশ কৰিছে অসন্তুষ্টি ৷ পাকিস্তান চৰকাৰে ভুৱা গোচৰত আক্ৰোশমূলভাৱে গ্ৰেপ্তাৰ কৰিব বিচৰা বুলি দাবী ইমৰান খানৰ ৷

লগতে পঢ়ক: Amritpal Singh hunt updates: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী চাৰি খালিস্তান সমৰ্থক

Last Updated : Mar 19, 2023, 9:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.