ETV Bharat / international

Devastating floods wreak havoc in Libya: লিবিয়াৰ বিধ্বংসী বানত ৬০০০ৰো অধিক লোক মৃত্যু - বিধ্বংসী বানে ছানি ধৰিছে উত্তৰ আফ্ৰিকাৰ লিবিয়া

উত্তৰ আফ্ৰিকাৰ লিবিয়াত বিধ্বংসী বান ৷ এই বানৰ ফলত ৬০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ চৰকাৰৰ তৰফৰ পৰা লিবিয়াত মৃত্যু হোৱা ৮৭ জন ইজিপ্তৰ লোকক সমাধিস্থ কৰা হৈছে ৷ CNN ৰ বাতৰিত প্ৰকাশ পাইছে এই তথ্য ৷

Devastating floods wreak havoc in Libya
উত্তৰ আফ্ৰিকাৰ লিবিয়াত বিধ্বংসী বান
author img

By ANI

Published : Sep 14, 2023, 8:59 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : বিধ্বংসী বানে ছানি ধৰিছে উত্তৰ আফ্ৰিকাৰ লিবিয়া ৷ শেহতীয়া তথ্য অনুসৰি, এই বিধ্বংসী বানৰ ফলত বৰ্তমান পৰ্যন্ত লিবিয়াত ৬০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ বুধবাৰে CNN এ প্ৰকাশ কৰে এই তথ্য ৷ বুধবাৰে পুৱা স্থানীয় সময় অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা কিছু বৃদ্ধি পাইছে বুলি উল্লেখ কৰে ছাদদ্দিন আব্দুল ৱাকিলে ।

লিবিয়াৰ একাংশ শ্ৰমিকৰ মতে, এই দুৰ্যোগত আহত বহু লোকক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও বহু লোকে এতিয়াও উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ৷ ইজিপ্তৰ প্ৰব্ৰজন মন্ত্ৰালয়ৰ মতে, চৰকাৰে লিবিয়াত মৃত্যু হোৱা ৮৭ জন ইজিপ্তৰ লোকক সমাধিস্থ কৰিছে ।

বিভাগীয় কৰ্তৃপক্ষই আশংকা কৰিছে যে আৰু ১০০০০ লোক নিৰুদ্দেশ হৈ আছে ৷ হয়তো এই লোকসকল সাগৰৰ বালিত বা পূৰ্বতে ১ লাখতকৈ অধিক লোক থকা মহানগৰখনৰ ধ্বংসাৱশেষৰ তলত পুঁত গৈছে । লিবিয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাই (IOM) প্ৰকাশ কৰা অনুসৰি, ডেৰ্নাত হোৱা বানপানীয়ে ইতিমধ্যে ৩০ হাজাৰৰো অধিক লোকক স্থানচ্যুত কৰিছে ।

আনকি এই অঞ্চলটোৰ আন্তঃগাঁথনিৰো ব্যাপক ক্ষয়-ক্ষতি হৈছে ৷ ফলত কিছুমান ক্ষতিগ্ৰস্ত অঞ্চল জীৱন-ধাৰণৰ বাবে দুৰ্গম হৈ পৰিছে ৷ আনহাতে, এই অঞ্চলত মৃত্যু হোৱা লোকক ইছলামিক পৰম্পৰাক সন্মান জনাই মৃতকক তিনিদিনৰ ভিতৰত সমাধিস্থ কৰাৰ দিহা কৰা হৈছে ৷ CNN ত প্ৰকাশিত হৈছে এই তথ্য ৷

আনহাতে, বাষ্টৰ্ম ডেনিয়েলৰ ধ্বংসৰ ফলত উদ্ধাৰকাৰীসকলৰ বাবে উদ্ধাৰ অভিযান চলোৱাটো কিছু কঠিন হৈ পৰিছে ৷ ধ্বংসাৱশেষসূহ আঁতৰ কৰাৰ লগতে জীৱিত অৱস্থাত বহু লোকক উদ্ধাৰ কৰাটো সমস্যাৰ সন্মুখিন হ’ব লগাত পৰিছে ৷ ইফালে ধুমুহাৰ ফলত উক্ত অঞ্চলত যোগাযোগ ব্যৱস্থাত ব্যাহত হৈ পৰিছে ৷ ফলত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলোৱাত কিছু অসুবিধাৰ সন্মুখিন হ’ব লগাত পৰিছে ৷ লিবিয়াৰ বাহিৰত বাস কৰা লোকসকলে পৰিয়ালৰ সদস্যসকলৰ খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে ৷

লগতে পঢ়ক : Impeachment Over Biden: ৰাষ্ট্ৰপতি বাইডেনৰ ওপৰত মহাভিযোগ; তদন্ত আৰম্ভ কৰিবলৈ সদনক নিৰ্দেশ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.