ETV Bharat / international

Oil Prices Hike : চৌডি আৰবে উৎপাদন হ্ৰাস ঘোষণাৰ পিছতে তেলৰ মূল্য বৃদ্ধি - Oil Prices Hike in Asia

তেল উৎপাদক দেশসমূহৰ ভিতৰত অন্যতম চৌডি আৰবে এক সিদ্ধান্ত লৈছে । যাৰ ফলত যি এছিয়াৰ তেল বাণিজ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে (Oil Prices Hike) ।

Oil Prices Hike
Oil Prices Hike
author img

By

Published : Jun 5, 2023, 5:54 PM IST

নিউজ ডেস্ক, ৫ জুন : তেল উৎপাদক দেশসমূহে মূল্য হ্ৰাস হোৱাটো ৰক্ষা কৰিবলৈ উৎপাদন হ্ৰাস অব্যাহত ৰাখিবলৈ সন্মত হৈছে (OPEC to oil production cut) । বিবিচিৰ প্ৰতিবেদন অনুসৰি, চৌডি আৰবে কৈছে যে তেওঁলোকে জুলাইত প্ৰতিদিনে এক নিযুত বেৰেল (BPD) উৎপাদন হ্ৰাস কৰিব । আনহাতে, অ'পেক প্লাছে কৈছে যে ২০২৪ চনৰ পৰা ১.৪ নিযুত BPD কম উৎপাদন হ'ব । উল্লেখ্য যে বিশ্বৰ খাৰুৱা তেলৰ প্ৰায় ৪০ শতাংশ অ'পেক প্লাছৰ অংশ আৰু ইয়াৰ সিদ্ধান্তই তেলৰ মূল্যৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় ।

লগতে পঢ়ক :New Twitter CEO : টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী লিণ্ডা য়াকাৰিনো

উল্লেখ্য, সোমবাৰে এছিয়াৰ বাণিজ্যত তেলৰ মূল্য ২.৪ শতাংশ বৃদ্ধি পাইছে (Oil Prices Hike in Asia) । তাৰ পিছত ব্ৰেণ্ট ক্ৰুড অইল প্ৰতি বেৰেলত প্ৰায় ৭৭ ডলাৰত স্থিৰ হয় । দেওবাৰে ৰাছিয়াৰ নেতৃত্বত তেল সমৃদ্ধ দেশসমূহৰ সাত ঘণ্টীয়া বৈঠকত শক্তিৰ মূল্য হ্ৰাস হোৱাৰ বিষয়ে আলোচনা কৰা হয় । ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ নোভাকৰ মতে, ২০২২ চনৰ অক্টোবৰৰ পৰা অ'পেক প্লাছে আৰম্ভ কৰা মুঠ উৎপাদন হ্ৰাস ৩.৬৬ নিযুত BPD-ত উপনীত হৈছে । বিবিচিৰ প্ৰতিবেদনত এই কথাও প্ৰকাশ ।

লগতে পঢ়ক :Danger Landslide in China: ভূমিস্খলনত নিহত 19 জন; আৱদ্ধ 180 জন

অ'পেক প্লাছে ইতিমধ্যে উৎপাদন দুই নিযুত BPD হ্ৰাস কৰিবলৈ সন্মত হৈছিল, যিটো হৈছে বিশ্বজুৰি চাহিদাৰ প্ৰায় ২ শতাংশ । আলোচনাৰ ফলাফলত ২০২৪ চনৰ শেষলৈকে চুক্তিৰ সম্প্ৰসাৰণ কৰা হয় । ইফালে দেওবাৰে চৌডি আৰবৰ শক্তি মন্ত্ৰী প্ৰিন্স আব্দুল আজিজ বিন ছলমানে কয় যে প্ৰয়োজন হ'লে ১ মিলিয়ন BPD কৰ্তন জুলাইৰ পিছতো সম্প্ৰসাৰিত কৰিব পাৰে (Saudi Arabia announces oil production cut) ।

লগতে পঢ়ক :80 Afghan girls hospitalised: বিষাক্ত গেছ নিৰ্গমণ ফলত প্ৰায় শতাধিক ছাত্ৰী অসুস্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.