ETV Bharat / international

চাৰি ভাৰতীয় সহিতে 18 যাত্ৰীক কঢ়িওৱা নেপালৰ বিমান সন্ধানহীন - Nepal aircraft goes missing

নেপালৰ তাৰা এয়াৰলাইনছৰ ফ্লাইট 9 এনএইটিয়ে বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক হেৰুৱাই দেওবাৰে সন্ধানহীন(Nepal aircraft goes missing) হৈ পৰে । বিমানখনত 18 গৰাকী যাত্ৰী থকাৰ কথা জানিব পৰা গৈছে ৷ ইয়াৰে 4গৰাকী আছিল ভাৰতীয়(Nepal aircraft with four indian passengers goes missing) ৷

nepal-aircraft-with-four-indian-passengers-goes-missing
নেপালৰ বিমান সন্ধানহীন
author img

By

Published : May 29, 2022, 12:47 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 মে’ : দেওবাৰে পুৱা প্ৰায় 18 গৰাকী যাত্ৰীক কঢ়িয়াই নিয়া নেপালৰ এখন বিমান সন্ধানহীন হৈ পৰে ৷ এই বিমানখনত আছিল 4 গৰাকী ভাৰতীয় যাত্ৰী(Nepal aircraft with four indian passengers goes missing) ৷ বিমানখন মুস্তাং জিলাৰ জোমছমৰ আকাশৰে যাত্ৰা কৰিছিল ৷ ইয়াৰ পিছত মাউণ্ট ধৌলাগিৰিলৈ দিশ সলনি কৰাৰ পিছতে আকস্মিকভাৱে সন্ধানহীন হৈ পৰা বুলি এক সূত্ৰই সদৰি কৰিছে ৷

বিমানখনে উৰা মৰাৰ পিছতে প্ৰায় 9.55 বজাত বিমানবন্দৰ কৰ্তৃপক্ষই সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ বিমানখন অন্যান্য কৰ্মচাৰী সহ মুঠ 22 গৰাকী লোক থকাৰ কথা জানিব পৰা গৈছে ৷ অন্যান্য যাত্ৰীসকলৰ ভিতৰত 3 গৰাকী জাপানৰ, 4 গৰাকী ভাৰতৰ আৰু বাকীসকল নেপালৰ আছিল ৷

ইফালে গৃহ মন্ত্ৰালয়ে সন্ধানহীন বিমানখনৰ অনুসন্ধানৰ বাবে মুস্তাং আৰু পোখৰাৰ পৰা দুখন ব্যক্তিগত হেলিকপ্তাৰ মোতায়েন কৰিছে ৷ গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ফাদিন্দ্ৰ মণি পোখৰেলে এই সন্দৰ্ভত জনায় যে, নেপাল সেনাৰ হেলিকপ্তাৰকো এই কাৰ্যত নিয়োজিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

মুষ্টাঙৰ জিলা উপ আৰক্ষী অধীক্ষক ৰাম কুমাৰ দানিয়েও বিমানখনৰ অনুসন্ধান(Nepal aircraft goes missing) লাভৰ বাবে হেলিকপ্তাৰ মোতায়েন কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে চাওক: Rohingya people detained in Silchar : শিলচৰত আটক 26 গৰাকী ম্যানমাৰৰ নাগৰিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.