ETV Bharat / international

Musk on Owning Twitter : টুইটাৰ চলোৱাটো যথেষ্ট বেদনাদায়ক: এলন মাস্ক - Billionaire Elon Musk interview with BBC

এক সাক্ষাৎকাৰত ইলন মাস্কে কয় যে টুইটাৰ তেওঁৰ বাবে "যথেষ্ট বেদনাদায়ক" আছিল আৰু অভিজ্ঞতাটো একেবাৰে উপভোগ্য নাছিল । সেয়ে তেওঁ সঠিক ব্যক্তিৰ হাতত টুইটাৰ বিক্ৰী কৰিব বুলিও কয় (Elon Musk on Owning Twitter) । বিলিয়নেয়াৰজনে টুইটাৰ কৰ্মচাৰীসকলক আঁতৰোৱাৰ সিদ্ধান্তকো সমৰ্থন কৰে ।

Musk on Owning Twitter
Musk on Owning Twitter
author img

By

Published : Apr 13, 2023, 12:34 PM IST

Updated : Apr 13, 2023, 12:43 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল : বিশ্বৰ আগশাৰীৰ ধনকুবেৰৰ দুখ । এৰা বৰ্তমান অতি দুখত আছে বিলিয়নেয়াৰ এলন মাস্ক । এক বেদনাই আহত কৰিছে এলন মাস্কক । সম্প্ৰতি এই কথা তেওঁ নিজেই প্ৰকাশ কৰিছে বিবিচিৰ আগত । অৱশ্যে এই বেদনা তেওঁৰ কোনো শাৰীৰিক ব্যাধিৰ বাবে নহয়, এক মনোকষ্টৰহে (Elon Musk on Owning Twitter) । ইয়াৰ অন্তৰালত আছে তেওঁ শেহতীয়াভাৱে ক্ৰয় কৰা টুইটাৰ । এক সাক্ষাৎকাৰত বিবিচিৰ আগত মাস্কে কৈছে যে টুইটাৰ চলোৱাটো 'যথেষ্ট বেদনাদায়ক' (Billionaire Elon Musk interview with BBC) ।

সাক্ষাৎকাৰটোত এনে লাগিছিল যেন ইলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিচত কঠিন সময় অতিবাহিত কৰিছে । বিবিচিৰ সৈতে হোৱা সাক্ষাৎকাৰটোত কোটিপতিজনে কয় যে টুইটাৰ তেওঁৰ বাবে 'যথেষ্ট বেদনাদায়ক' আছিল আৰু অভিজ্ঞতাটো একেবাৰে উপভোগ্য নাছিল । বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনে লগতে কয় যে এইটো আমনিদায়ক নাছিল যদিও যেতিয়াৰ পৰা তেওঁ জনপ্ৰিয় মাইক্ৰ'ব্লগিং ৱেবছাইটটো ক্ৰয় কৰিছিল, ই তেওঁক এক অন্য ধৰণৰ সমস্যাত পেলাইছিল (micro blogging website twitter) ।

টুইটাৰ ক্ৰয় কৰাৰ বাবে অনুশোচনা কৰে নেকি বুলি সোধা প্ৰশ্নত চিইঅ'গৰাকীয়ে কয়, "বিষৰ স্তৰ অত্যন্ত উচ্চ হৈছে । এইটো কোনো ধৰণৰ পাৰ্টী নহয়। বিগত কেইবামাহত এইটো সঁচাকৈয়ে যথেষ্ট চাপপূৰ্ণ পৰিস্থিতি হৈ আহিছে ।" কিন্তু লগতে কোটিপতিজনে টুইটাৰ ক্ৰয়ৰ তেওঁৰ সিদ্ধান্তক সমৰ্থন জনাই কয় যে তেওঁ এতিয়াও অনুভৱ কৰে যে টুইটাৰ অধিগ্ৰহণ কৰাটো সঠিক কাম আছিল ।

এইখিনিতে উল্লেখ কৰা ভাল যে মাস্কে প্ৰথমে 2022 চনৰ আৰম্ভণিতে টুইটাৰত শ্বেয়াৰ ক্ৰয় কৰিছিল । আৰু পিচত তেওঁ সমগ্ৰ টুইটাৰ কোম্পানীটোকে ক্ৰয় কৰাৰ প্ৰস্তাৱ দিয়ে । কিন্তু পৰৱৰ্তী সময়ত এটা অনুষ্ঠানত যেতিয়া তেওঁ চুক্তিৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছিল, তেওঁৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়া কোম্পানীটোয়ে গোচৰ ৰুজু কৰিছিল । তাৰ পিচত তেওঁ পুনৰ টুইটাৰলৈ উভতি আহি কৈছিল যে টুইটাৰত সকলোবোৰ 'যুক্তিসঙ্গতভাৱে ভাল' আৰু মানুহে এই প্লেটফৰ্মখন আগতকৈ অধিক ব্যৱহাৰ কৰি আছে । তেওঁ লগতে দাবী কৰিছিল যে ছাইটটোৱে যথেষ্ট পৰিমাণে কাম কৰে ।

লগতে পঢ়ক :Zelenskyy writes to PM Modi: সাহায্য বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ

Last Updated : Apr 13, 2023, 12:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.