ETV Bharat / international

ডুবাইত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি প্ৰবাসী ভাৰতীয়ৰ

author img

By ANI

Published : Dec 1, 2023, 6:54 AM IST

Updated : Dec 1, 2023, 8:50 AM IST

এগৰাকী প্ৰবাসী ভাৰতীয়ই আনন্দ প্ৰকাশ কৰি কয়, "প্ৰধানমন্ত্ৰী মোদীক ইয়াত দেখি আমি বহুত সুখী ।" লগতে কয়, "আমি আমাৰ জীৱনৰ এই দিনটো কেতিয়াও পাহৰিব নোৱাৰিম ।" প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পিচত তেওঁ লগতে কয়, "বিশ্বক প্ৰধানমন্ত্ৰী মোদীৰ দৰে এজন নেতাৰ প্ৰয়োজন ।’’

Indian diaspora welcomes PM Modi in UAE
ডুবাইত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি প্ৰবাসী ভাৰতীয়ৰ

ইণ্টাৰনেচনেল ডেস্ক, ১ ডিচেম্বৰ : বৃহস্পতিবাৰে সংযুক্ত আৰব ৰাষ্ট্ৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণৰ বাবে আৰব ৰাষ্ট্ৰখনত উপস্থিত হৈছে মোদী । ইফালে প্ৰধানমন্ত্ৰী গৈ ডুবাইত উপস্থিত হোৱাৰ পিচতে তেওঁক ডুবাইৰ এখন হোটেলৰ বাহিৰত প্ৰবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায় । লগতে এক সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰে । তেওঁলোকে 'মোদী, মোদী' ধ্বনিৰে প্ৰধানমন্ত্ৰীৰ সমৰ্থনত শ্লগান দিয়াও শুনা যায় ।

আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে হোটেলৰ বাহিৰত উপস্থিত হোৱা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে কৰমৰ্দন কৰাও দেখা যায় । এগৰাকী প্ৰবাসী ভাৰতীয়ই ইউএইত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিচত আনন্দ প্ৰকাশ কৰি কয়, "মই ২০ বছৰ ধৰি ইউএইত বাস কৰি আছো ৷ কিন্তু আজি এনে অনুভৱ হৈছে যেন মোৰ নিজৰ কোনো এজন আত্মীয় এই দেশলৈ আহিছে ।" লগতে তেওঁ কয়, "যিগৰাকীয়ে সমগ্ৰ বিশ্বতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ হৈছে ভাৰতৰ হীৰা ।"

আন এগৰাকী প্ৰবাসী ভাৰতীয়ই আনন্দ প্ৰকাশ কৰি কয়, "প্ৰধানমন্ত্ৰী মোদীক ইয়াত দেখি আমি বহুত সুখী ।" লগতে কয়, "আমি আমাৰ জীৱনৰ এই দিনটো কেতিয়াও পাহৰিব নোৱাৰিম ।" প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পিচত তেওঁ লগতে কয়, "বিশ্বক প্ৰধানমন্ত্ৰী মোদীৰ দৰে এজন নেতাৰ প্ৰয়োজন ।

"এই কথা প্ৰকাশ কৰিবলৈ আমাৰ ওচৰত কোনো শব্দ নাই । প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ সৈতে হাত মিলাই । লগতে তেওঁ আমাৰ 'পাগুৰী'ৰ বাবে আমাক চিনি পোৱাত আমি অত্যন্ত সুখী ।" আন এগৰাকী প্ৰবাসী ভাৰতীয়ই কয় । "প্ৰধানমন্ত্ৰী মোদীয়ে আমাক চিনাক্ত কৰিছিল আৰু আমাক সুধিছিল যে আমি পুনেৰ পৰা আহিছোঁ নেকি । আমাৰ বহুত ভাল লাগিছে যে প্ৰধানমন্ত্ৰী মোদী ইয়ালৈ আহিছে আৰু আমাৰ সৈতে হাত মিলাইছে । তেওঁ এগৰাকী বিশ্ব নেতা ।" ডুবাইত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিচত আন এগৰাকী প্ৰবাসী ভাৰতীয়ই কয় ।

আনহাতে, ছ'চিয়েল মিডিয়া এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে ডুবাইত ভাৰতীয় সম্প্ৰদায়ক সাক্ষাৎ কৰি আনন্দ প্ৰকাশ কৰাৰ কথা শ্বেয়াৰ কৰিছে । তেওঁ কয় যে তেওঁলোকৰ সমৰ্থন আৰু উৎসাহ আমাৰ জীৱন্ত সংস্কৃতি আৰু শক্তিশালী বন্ধনৰ প্ৰমাণ । "ডুবাইত ভাৰতীয় সম্প্ৰদায়ৰ উষ্ম আদৰণি লাভ কৰি গভীৰভাৱে আপ্যায়িত হৈছোঁ । তেওঁলোকৰ সমৰ্থন আৰু উৎসাহ আমাৰ জীৱন্ত সংস্কৃতি আৰু শক্তিশালী বন্ধনৰ এক প্ৰমাণ ।" তেওঁ কয় ।

উল্লেখ্য যে, ইউএইত প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ ৩.৩ নিযুত শক্তিশালী প্ৰবাসী ভাৰতীয়ৰ মাজত আনন্দ উল্লাস দেখা গৈছে । তেওঁলোকে ডুবাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে নিশা ২৮ সংখ্যক ক'প সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ডুবাইত উপস্থিত হৈছে ।

তেওঁ শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া চিঅ'পি২৮ ৰ বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণ কৰিব । ডুবাইত উপস্থিত হোৱাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে X ত প্ৰকাশ কৰে যে তেওঁ এক উন্নত গ্ৰহ গঢ়ি তোলাৰ লক্ষ্যৰে সন্মিলনৰ কাৰ্যক্ৰমৰ বাবে অপেক্ষা কৰি আছে । প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰব এমিৰেটছত অনুষ্ঠিত বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ উদ্বোধনী অধিবেশনত ভাষণ দিব আৰু তিনিটা উচ্চ পৰ্যায়ৰ পাৰ্শ্বীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰে ভিতৰত দুটা ভাৰতে সহ-আয়োজন কৰিব ।

লগতে পঢ়ক : নিজ্জৰৰ হত্যাকাণ্ড, কানাডাৰ তদন্তত পুনৰ ভাৰতৰ সহযোগিতা কামনা প্ৰধানমন্ত্ৰী ট্ৰুডোৰ

Last Updated : Dec 1, 2023, 8:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.