ETV Bharat / international

Mississippi shootout : ৬ গৰাকী লোকক গুলীয়াই হত্যা, আৰক্ষীৰ জালত অভিযুক্ত - ৬ গৰাকী লোকক গুলীয়াই হত্যা

আমেৰিকা যুক্তৰাষ্ট্ৰত গণহত্যাৰ ঘটনা বৃদ্ধি পাইছে (America mass killing)। এইবাৰ মিছিছিপিৰ গ্ৰামাঞ্চলত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড । অঞ্চলটোৰ কেইবাটাও স্থানত ৬ জন লোকক গুলীয়াই হত্যা । অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Mississippi shootout
৬ গৰাকী লোকক গুলীয়াই হত্যা
author img

By

Published : Feb 18, 2023, 9:20 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ ফেব্ৰুৱাৰী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ মিছিছিপিত লোমহৰ্ষক ঘটনা । শুকুৰবাৰে বন্দুকধাৰী এজন লোকে প্ৰাক্তন পত্নী আৰু সতীয়া পিতৃসহ ৬ জন লোকক গুলীয়াই হত্যা কৰে (Shoot out in Mississippi)। গ্ৰামাঞ্চলৰ কেইবাটাও স্থানত লোকজনে এই হত্যাকাণ্ড সংঘটিত কৰে । ইতিমধ্যে অভিযুক্ত হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে জনোৱা মতে কিহৰ বাবে বন্দুকধাৰীয়ে লোককেইজনক হত্যা কৰিছে তাৰ অনুসন্ধান অব্যাহত ৰাখিছে ।

আৰক্ষীয়ে জনোৱা মতে এটা শ্বটগান আৰু দুটা হেণ্ডগান লৈ ৫২ বছৰীয়া ৰিচাৰ্ড ডেল ক্ৰুম নামৰ লোকজনে পুৱা প্ৰায় ১১ বজাত প্ৰথমে গুলীচালনা কৰে আৰু টেনেচী ৰাজ্যিক লাইনৰ ওচৰৰ আৰ্কাবুটলাৰ এখন দোকানৰ বাহিৰত ৰখাই থোৱা এখন পিকআপ ট্ৰাকৰ চালকক হত্যা কৰে ।

এই হত্যাক লৈ আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ মাজতে কেইমাইলমান দূৰত আন এটা গুলীচালনাৰ ঘটনা সংঘটিত হয় । এইবাৰ হত্যাকাৰীয়ে প্ৰাক্তন পত্নীক গুলীয়াই হত্যা কৰে আৰু মহিলাগৰাকীৰ বৰ্তমানৰ স্বামী আঘাতপ্ৰাপ্ত হয় । এটা ঘৰৰ ভিতৰত উদ্ধাৰ হয় হত্যাকাৰী ক্ৰুমৰ প্ৰাক্তন পত্নীৰ মৃতদেহ ।

ইফালে হত্যাৰ অভিযুক্ত ৰিচাৰ্ড ডেল ক্ৰুমক তেওঁ ঘৰৰ বাহিৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইফালে হত্যাৰ অভিযুক্ত ক্ৰুমৰ বাসগৃহৰ পিছফালেও আৰক্ষীয়ে গুলীবিদ্ধ দুটা মৃতদেহ উদ্ধাৰ কৰে । এটা মৃতদেহ ৰাস্তাত আছিল আৰু আন এটা বাহনৰ ভিতৰত আছিল । আনহাতে অভিযুক্ত ক্ৰুমৰ কাষৰে এটা ঘৰত ক্ৰুমৰ সতীয়া পিতৃ আৰু সতীয়া পিতৃৰ ভগ্নীৰো মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে সন্দেহ কৰা মতে ট্ৰাক চালকৰ লগতে আটাইকেইটা হত্যাৰ লগতে ক্ৰুম জড়িত । অৱশ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে (Gunman killed 6 people)।

আৰক্ষীয়ে জনোৱা মতে ট্ৰাক চালকৰ হত্যাৰ অভিযুক্ত ক্ৰুমক ইতিমধ্যে আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে । কিন্তু সমগ্ৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । আৰক্ষীও সমগ্ৰ ঘটনাৰ তদন্তত জড়িত হৈ পৰিছে । ক্ৰুমে কিয় ৬ জনকৈ লোকক এনেদৰে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।

দোকানৰ বাহিৰত ক্ৰুমে ট্ৰাকত গুলীচালনা কৰাৰ সময়ত ট্ৰাকখনত নিহত লোকজনৰ ভাতৃও আছিল । যিয়ে পাছত পলায়ন কৰে । অৱশ্যে তেওঁ কোনোমতে ৰক্ষা পৰে ।এই হত্যাৰ ঘটনা টেনেচীৰ মেমফিছৰ দক্ষিণে প্ৰায় ৩০ মাইল দূৰত্বত অৱস্থিত আৰ্কাবুটলাত সংঘটিত হৈছে (Arkabutla killing)। যি ঘটনাই সেই অঞ্চলৰ বাসিন্দাসকলক হতবাক কৰি তুলিছে । ইফালে আমেৰিকাত গণহত্যা এক ভয়ংকৰ বিষয় হৈ পৰিছে । বিভিন্ন তথ্যৰ মতে যোৱা ২৩ জানুৱাৰীত অনুৰূপ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ।

লগতে পঢ়ক :Gunmen attack in Karachi : কৰাচীৰ আৰক্ষী সদৰ কাৰ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.